ফল ধৰিবাৰ যেবে ভৈগৈল সময়। মোৰ কৰ্ম্মবায়ু টুৰে বিধি বিড়ম্বয়॥ ( অষোধ॥১০৯৭-১৮) এইদৰেই বাল্মীকিৰ ৰসাল আৰু প্ৰয়োজনীয় শ্লোকসমূহ কন্দলীয়ে যিমান পাৰে ৰাখি গৈছে। ঠায়ে ঠায়ে বাল্মীকিয়ে থোৰতে প্ৰকাশ কৰা কথা দুই চাৰিটা কন্দলীয়ে মুকলি কৰি ব্যাখ্যা কৰিছে। উদাহৰণ স্বৰূপে আমি স্থানৰ অভাৱত কেৱল দুই এটা নিদৰ্শন দাঙি ধৰিলো। বাল্মীকি :— (১) তেন বিভ্ৰাজত। তত্ৰ সা সভাতিব্যবাজত বিনলগ্ৰহ নক্ষত্ৰা শাৰদী দ্যৌৰিবেন্দুনা (২) অশ্ৰুপূৰ্ণেক্ষণে৷ দীনো নববদ্ধ ইব দ্বিপঃ। দীৰ্ঘমুষ্ণঞ্চ নিশ্বাসং স বিমুঞ্চন মুহু মুহুঃ॥ মাধৱ কন্দলী :- (১) সভাযান ভৈল যেন নিৰ্ম্মল গগন ৰাজা সৱ ভৈল যেন নক্ষত্ৰ শোভন ৰাঘৱৰ কান্তি চন্দ্ৰ সমান বলিল স্বৰ্গৰ খণ্ডক যেন ভূনিত পৰিল। (অবোধ্য (২) শুনি পুত্ৰ পুত্ৰ বুলি বিমোহিত ভৈলা বাতুল চৰিত্ৰ যেন পৰি মুৰ্চ্চা গৈলা॥ .... 10 প্ৰথমে ধৰিলা যেন অৰণ্যৰ হাতী নিশ্বাস ফোকাৰে যেন ঠাঠাবিব ভাটি॥ ২১৯) ( অযোধ্যা ২০।১৩০ ) ঘটনা বিন্যাস আৰু প্ৰকাশত কন্দলীয়ে বাল্মীকিৰ পৰা আতৰি যোৱ। নাই যদিও লোকৰঞ্জনৰ কাৰণে ঠায়ে ঠায়ে লৌকিক স্পৰ্শ দিছে। উদাহৰণ স্বৰূপে ভৰত মাতুল গৃহৰ পৰা উভতি অহাৰ পাছত কুঞ্জীয়ে সাজ পোছাক পিন্ধি ভৰতৰ আগত উপস্থিত হোৱা আৰু ভৰতৰ গুপ্ত পটেশ্বৰী হবলৈ হাবিয়াস কৰা কথাটো মূলত নাই। বাল্মীকিয়ে সকলো ক্ষেত্ৰত ঋষিহুলভ গাম্ভীৰ্য্য ৰক্ষ। কৰিছে। ভৰতৰ মাতৃতকৈয়ে। বয়সস্থ৷ ধাত্ৰী কুজীৰ মনত এনে ভাৱ উদয় হোৱ৷ অস্বাভাবিক আৰু ৰুচি-বিগৰ্হিত। জনসাধাৰণৰ মনত হাস্য ৰসৰ সৃষ্টি কৰিবলৈ কন্দলীয়ে এনে বৰ্ণনা সংযোগ কৰিছে। এই দৰে আকৌ কোনো কোনো ঠাইত মুলৰ বৰ্ণনাৰ আলম লৈ কন্দলীয়ে অলপ অতিৰঞ্জনো নকৰাকৈ থক। নাই। বাল্মীকিৰ ৰামায়ণত ৰামে দশৰথক কৈকেয়ীৰ ঘৰত বিষাদিত হৈ থকা দেখি আৰু তাৰ কোনে৷ কাৰণ নিৰ্ণয় কৰিব নোৱাৰি পিতৃৰ সন্তুষ্টিৰ নিমিত্তে যি কোন দুষ্কৰ কাৰ্য্য কৰিবলৈ দশৰথৰ আগত প্ৰতিজ্ঞা কৰিছে আৰু সেই প্ৰসঙ্গত জগতৰ যি কোনো শক্তিক পৰাভূত কৰি পিতৃৰ সন্তুষ্ট বিধান কৰিবলৈ আগবাঢ়িছে। মাধৱ কন্দলীয়ে ( অযোধ্যা, ৭ম অধ্যায়) কিন্তু ৰামৰ মুখত আত্মশ্লাঘাপূৰ্ণ দম্ভোক্তিহে দিছে। লম্ফ-জম্ফ কৰি কোৱ৷ বীৰত্বপূৰ্ণ বাক্যতে জনসাধাৰণে ৰস পায়, কন্দলীয়ে সেই কাৰণেই ৰামৰ মুখৰ এনে দম্ভোক্তি দিছে। বাশ্মীৰ মাজেদি ৰামৰ যি পৌৰুষ বাক্য প্ৰকাশ পাইছে, অসমীয়া কৱিৰ হাতত সি অহংকাৰত পৰিণত হৈছে। এনে ধৰণৰ বৰ্ণনাৰ যৎসামান্য ইফাল সিফাল কৰিছে যদিও মূল বিষয়ত বাল্মীকিৰ পৰা ক'তো তেওঁ আতৰি যোৱা নাই। পৰিবেশ বা অৱস্থ। চিত্ৰগত, নৈসৰ্গিক শোভা বৰ্ণনাত, বীৰ হাস্থ্য কৰুণাদি ৰস সৃষ্টিত আৰু শব্দ চয়নত, কন্দলীয়ে যথেষ্ট দক্ষতা প্ৰকাশ কৰিছে। অযোধ্যাকাণ্ডৰ প্ৰথম অধ্যায়ত দিয়৷ উৎসৱ-মুখৰ অযোধ্যাৰ চিত্ৰই, ৰাম বনলৈ যাওতে দশৰথৰ মানসিক অৱস্থ। আৰু প্ৰজাবিলাকৰ অনুধাৱণৰ বিৱৰণে কন্দলীৰ পৰিবেশ ৰচনাৰ সিদ্ধহস্ততা প্ৰকাশ
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/53/%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE_%E0%A6%95%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page6-1024px-%E0%A6%85%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE_%E0%A6%95%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)