এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জলকুঁৱৰী
জোনাকী জুত ওঁঠ জুবুৰিয়াই
মাতাল মাছবোৰে যহাই
ৰূপোৱালী শীতল জুইৰ চিটিকণিত
জিলিকি উঠে তোৰ আকুল ৰংদৈ কূল
বুকুৱে বুকুৱে বাজি উঠে
লাউটোকাৰীৰ কদমী গুণ গুণ।
অ’ মোৰ সুৱাগী পাটমুগী
ডিঙিত পিন্ধিলি বাখৰুৱা দুগ্দুগী
কেন্দুৰ কাজল চকুত সানি
তই কোন অপেছৰী সৰগ
গৰকিলি মোৰ থোৰ মেলা
আলফুল আমঠু
কলপতীয়া নগ্ন দেহাত তোৰ
জাকি মাৰি উঠে জাক জাক
জীয়ন দি থোৱা খিল্খিল্ জোনাক
শৈশৱ মোৰ বিস্ময়ত হতবাক!
বাৰে বাৰে খহি পৰে বুকুত সাবটি থকা
কেঁচ দিয়া কেচঁপতীয়া কাপোৰ সাজ।
ভাগৰুৱা দেহাত মোৰ
আহিছো সানি
ফুটুকী পখিলাৰ হাইতাল বোল
দুগালত বালিচন্দা
কপালত পলসৰ ৰেঘা
খন্তেক শোওঁ নে বুকুত তোৰ
অ’ কলাপী কলং
মোক জলকুঁৱৰী কৰ
জলকুঁৱৰী।
৩২ / অনুচ্চ আৰ্তি