পৃষ্ঠা:অদৃষ্ট.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
অদৃষ্ট

কিন্তু মনেপিঠিয়ে অটা ছোৱালীজনী হ’লে ভাল হয়। সেই হে তোমাক ধৰিছোঁ। নহলে অান ছোৱালী যাচিবই লাগিছে। তুমি যদি মোৰ কথা-মতে বন্দবন্ত কৰি দিব পাৰা, তোমাকো দুকুৰি টকা দিবলৈ গাত ললোঁ।
nbsp;  তেতিয়া মদনক বিদায় দি হালি বৌৱেকৰ ওচৰলৈ আহিল আৰু বৌৱেকক মাতি ক’লে,—“বৌ! এইখন কৰিছা কি? বহাগৰ একুৰি চাৰি দিন যোৱাত বিয়া বুলি কৈছিলা। আজি কুৰি দিন। ক’তা? দেখোন একো উম-ঘামেই নাই। দয়া- ৰামকো আজি বহুত দিন দেখাই নাই। তুমি একো নোকোৱা দেখি ইমান দিন নোসোধোঁ বুলিয়েই আছিলোঁ। পিচে দেখিছো ধাৰে মাৰিলেও কাটে, গাদিয়ে মাৰিলেও কাটে। ককাই নাই যেতিয়া তোমালোকৰ ভাল-বেয়াৰ বাবে মানুহে মোকেই দায়ী কৰিব; সেই দেখি সুধিবলৈ আহিছোঁ। বিয়াৰ কি হ’ল? ”
nbsp;  সুভদ্ৰাই চকু-লো মচি ক’লে, —“একো নাই হোৱা।”
nbsp;  “হালি।—দয়াৰাম গ’ল কলৈ? তাক দেখোন চকুৰেও দেখা নাই৷
nbsp;  সুভদ্ৰা।—ক’বই নোৱাৰোঁ ক’লৈ গ’ল, বিহুৰ আগতে ভিনীহিয়েকৰ ঘৰলৈ গৈছিল কিবা-কিবি বিয়াৰ সমল গোটাবলৈ। এতিয়া ক’লৈ গল, কি হ’ল একো নাজানো।
nbsp;  হালি৷ —মই বুজিছোঁ, তাক চপনীয়া চাপিবলৈ ভিনী- হিয়েকে হাক দিলে। সেই দেখি সি তাপ মাৰিলে। সি যি