পৃষ্ঠা:অঙ্কুৰ.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰচক নিবেদন। ৰচক যেতিয়া হাইস্কুলৰ ২য় ও ৩য় শ্ৰেণীৰ ছাত্ৰ আছিল, তেতিয়াই কেইটিমান তলসৰ৷ কবিতা ফুলৰ পাহী গোটাই এধাৰি মালা গাথি ৰাইজৰ আগত দাঙি ধৰিব বুলি ভাবিছিল। কিন্তু বহুতো অসুবিধাৰ কাৰণে ৰচক্ৰৰ সেই আশা আৰু পূৰ্ণ নহল। ইয়াৰ কেইবাটি কবিতাও নগাওঁ অ, ভা, উ,সভাত পাঠ কৰা। আজি এই সুবিধা পাই, ছেগবুজি, মালাধাৰি অঙ্কুৰ নামেৰে ৰাইজৰ আগত দাঙি ধৰিছে। এই খিনিতে যদি পাঠক পাঠিকা সকলে কয় বোলে “এদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকে৷ খা”, কিন্তু সেইটো তেখেত সকলৰ ভুল হব। কাৰণ ৰচকৰ উদ্দেশ্য এয়ে নহয় যে ৰচকে কিতাপ লিখি অসমীয়া সাহিত্য ভৰাল চহকী কৰিব। কেৱল ছাত্ৰ জীৱনৰ এটি চিন মাত্ৰ। মোটতে, যদি এই সাহিত্য অঙ্কুৰটি এসময়ত এজোপা ডাঙৰ গছ হৈ অসমীয়া ৰাইজক ছা দান দিব বুলি, সকলোৱে মৰমৰ চকুৰে চাই, হাতত তুলিলৈ ইয়াত লাগি থকা পোক পৰুৱা আদি গুচাই সাৰ