পঞ্চৱিংশ খণ্ড : লীলামালা

কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ পঞ্চৱিংশ খণ্ড॥

॥ লীলামালা॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

বন্ধু মাধৱ হেহ্ল

তুৱা বিনে আছে আৰ তাৰক কে।

বন্ধু মাধৱ হে॥ ১৪১॥

পদ॥

শুকমুনি ৰাজাত কহন্ত বিদ্যমান।

কৃষ্ণ লীলামালা আৱে শুনা সাৱধান॥

শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়।

ধৰ্ম্ম অৰ্থ কাম মোক্ষ সৱে আতে পায়॥ ১৬৭৫॥

ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস।

লৈলা দৈৱকীৰ উদৰত হৰি বাস॥

গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি।

দৈৱকী দেৱীক বাক্য বুলিলা আশ্বাসি॥ ১৬৭৬॥

পাছে উপজিলা নিজ ৰূপে দামোদৰ।

দেখি পিতৃ মাতৃ তুতি কৰিলা বিস্তৰ॥

উপৰি জন্মৰ কথা নাৰায়ণে কৈলা।

কংস ভয়ে বসুদেৱে গোকুলত থৈলা॥ ১৬৭৭॥

দেখি পুত্ৰমুখ নন্দ আনন্দে বিহ্বল।

তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল॥

দৈত্যক বধিবে আৰম্ভিলা গোকুলত।

পুতনাৰ চেতন শুষিলা প্ৰথমত॥ ১৬৭৮॥

শকটৰ তলে থৈলা যশোদা শুৱাই।

পেহ্লাইলাহা পাৱে শকটক উভতাই।

তুলিলাহা হামি যশোদাৰ পিয়া স্তন।

গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভুৱন॥ ১৬৭৯॥

বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী।

তাত পাছে নিলা চক্ৰৱাতে চুৰি কৰি॥

গলত চেপিয়া ধৰি পেহ্লাইলা শিলাত।

মৰি গৈল দুষ্টদৈত্য তোহ্মাৰ লীলাত॥ ১৬৮০॥

জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম।

গোকুলত ক্ৰীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম॥

নাচা বুলি পাঞ্চৈ গোপী বজায়া চাপৰি।

কৰিলন্ত নৃত্য ভঙ্গী ভাৱে দেৱহৰি॥ ১৬৮১॥

যশোদা সুধিলা ধৰি কিয় মাটি খাইলি।

নখাওঁ বুলিয়া বেন্ত বাইলা বনমালী॥

গৰ্ভতে দেখিলা দেৱী ভুৱন চৈধ্যয়।

কৰিলন্ত স্তুতি আতি পৰম বিস্ময়॥ ১৬৮২॥

স্তন পিৱে নপাই কোপে কৃষ্ণ বৰ চাণ্ড।

শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড॥

সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী।

লাসে লাসে উড়ুখল টানি নেন্ত হৰি॥ ১৬৮৩॥

বৃক্ষত লাগিয়া ভৈল উড়ল পথালি।

অৰ্জ্জুনক উভঞ্জি পেহ্লাইলা বনমালী॥

বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন।

নিজস্থানে গৈলা কৰি কৃষ্ণক বন্দন॥ ১৬৮৪॥

কোনে ফল লৈবেক পসাৰী দিলে ডাক।

ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক॥

কৃষ্ণৰ হস্তত ভৰি দিল ফল বাছি।

সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি॥ ১৬৮৫॥

অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন।

শিশুসৱ সহিতে চাৰিলা বৎসগণ॥

বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ।

লীলায়ে বধিলা তৈতে বৎস বকাসুৰ॥ ১৬৮৬॥

ঘোৰ সৰ্পৰূপে অঘে আছে বেন্ত বাই।

বৎস বৎসপালক গিলিলে লাগ পাই॥

তাৰ গল ভেণ্টিয়া বঢ়াইলা দেহা হৰি।

কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি॥ ১৬৮৭॥

তাত পাছে ব্ৰহ্মা আসি কৰিলন্ত চুৰি।

মায়া কৰি নিলে সৱে গোৰক্ষ দামুৰি॥

হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক।

সৰ্ব্বৰূপে ব্ৰজত বঞ্চিলা বৰিষেক॥ ১৬৮৮॥

অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমোহিত।

সৱে দিব্য চতুৰ্ভুজ ৰূপে বিপৰীত॥

হৰিল চেতন একো নাহি হৃদি সিদ্ধি।

পাছে পাৱে পৰি স্তুতি কৰিলন্ত বিধি॥ ১৬৮৯॥

গৈলা তালবন সৱে গোৱাল সহিতে।

সবান্ধৱে ধেনুকাক বধিলা তহিতে॥

গোপগণে তালক ভূঞ্জিলা কণ্ঠ ভৰি।

শঙ্কৰে ৰচিলা ডাকি বোলা হৰি হৰি॥ ১৬৯০॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি গোৱিন্দ অন্তকে গ্ৰাসে।

নাসৈ নাথ নিন্দ ত্ৰাহি গোৱিন্দ॥ ১৪২॥

পদ॥

বিষময় হদ তাক নজানি।

মৰিল গৰু গোপ পিয়া পানী॥

কটাক্ষে জীয়ায়া দমিলা কালি।

হদৰ খেদাইলা তাক নিকালি॥ ১৬৯১॥

ব্ৰজৰ প্ৰজা বনজুইত ডৰে।

ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰে॥

নাহি ভয় বুলি অগ্নিক পিলা।

ব্ৰজক গৈলা গজেন্দ্ৰৰ লীলা॥ ১৬৯২॥

হৰি কৰি ক্ৰীড়া গোপ সভাতে।

মৰাইলা প্ৰলম্ব বলোৰ হাতে॥

মঞ্জবনে গৰু গোপ পোড়ন্তে।

আনিলা কৃষ্ণে তাড়ি তৈৰ হন্তে॥ ১৬৯৩॥

বসন্ত সমে গ্ৰীষ্ম কাল গৈল।

বাৰিষা আসি উপস্থিত ভৈল॥

বলো সমে সৱে গোপক লই।

ক্ৰীড়িলা কৃষ্ণে বৃন্দাৱনে গই॥ ১৬৯৪॥

আসিল শৰত হৰিষ কৰি।

বৃন্দাৱনে বেণু বজায়া হৰি॥

গোপ সুন্দৰীৰ বস্ত্ৰক লই।

চড়িলা গোৱিন্দ কদম্বে গই॥ ১৬৯৫॥

পাইলেক বৰ যত গোপবালা।

গোৱিন্দ গৈলা যৈত যজ্ঞশালা॥

গোৱালসকলে খুজিলা অন্ন।

নিদিলে অহঙ্কাৰী বিপ্ৰগণ॥ ১৬৯৬॥

পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব।

ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম গৰ্ব্ব॥

ভাঙ্গিলা কৃষ্ণে মখ মহেন্দ্ৰৰ।

পূজিলা গোৱৰ্দ্ধন গিৰিবৰ॥ ১৬৯৭॥

কৰিলা বৃষ্টি ইন্দ্ৰে ক্ৰোধ কৰি।

ৰাখিলা ব্ৰজ গোৱৰ্দ্ধন ধৰি॥

কৃষ্ণৰ মহিমা দেখিয়া তয়।

ভৈলা গোপ গোপী মহা বিস্ময়॥ ১৬৯৮॥

গৰ্গৰ বাক্যক সুমৰি নন্দে।

বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে॥

কৃষ্ণৰ অদ্ভূত মহিমা দেখি।

সুৰভি ইন্দ্ৰে আসি অভিষেকি॥ ১৬৯৯॥

গোৰ ইন্দ্ৰ পাতি কৰি প্ৰণাম।

থৈলন্ত কৃষ্ণৰ গোৱিন্দ নাম॥

বৰুণৰ দূতে নিলেক হৰি।

আনিলা নন্দক কৃষ্ণে উদ্ধাৰি॥ ১৭০০॥

বিষ্ণুবুদ্ধি কৰি নন্দৰ পোক।

দেখিলা বৈকুণ্ঠ ব্ৰজৰ লোক।

চন্দ্ৰাৱলী ৰাত্ৰি শৰত কাল।

আৰম্ভিলা ৰাসক্ৰীড়া গোপাল॥ ১৭০১॥

বাঢ়িল গৰ্ব্ব দেখি গোপিকাৰ।

ভৈলা অন্তৰ্দ্ধান জগ আধাৰ॥

কান্দিলা কৃষ্ণৰ গুণ বৰ্ণাই।

তনু পুলকিত চেতন নাই॥ ১৭০২॥

গোপীৰ আতি প্ৰেম ভকতিত।

সৱাৰো মধ্যত ভৈলা বিদিত॥

সৱাকো আশ্বাসি কৰিলা ক্ৰীড়া।

এড়াইলা গোপীগণে কামপীড়া॥ ১৭০৩॥

শঙ্খচূড় নামে যক্ষক মাৰি।

ৰাখি আনিলন্ত গোপৰ নাৰী॥

খেদি আসিলেক অৰিষ্টে ধাই।

লীলায়ে মাৰিলা মাধৱে পাই॥ ১৭০৪॥

কংসত নাৰদে কহিলা পাছে।

তোৰ প্ৰাণ বৈৰী ব্ৰজত আছে॥

শুনিয়া কেশীক কংসে পাঞ্চিলা।

তাঙ্কো মাৰি কৃষ্ণে যমক দিলা॥ ১৭০৫॥

বুলিলা কংসে অত্ৰূৰক আনি।

ব্ৰজক যাহা তুমি মহামানী॥

কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।

হৰি হৰি বোলা সমস্ত জনে॥ ১৭০৬॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

ভাৱক ভাই ভজ ভগৱন্ত।

কৰিবে হৰিসে দুঃখৰ অন্ত॥ ১৪৩॥

পদ॥

নাৰদ পাছে গোকুলক আসি।

নমিলা কৃষ্ণৰ গুণ প্ৰকাশি॥

কংসে পাঞ্চিলেক আসি অত্ৰূৰ।

সন্ধ্যা সময়ে পশি গোপপুৰ॥ ১৭০৭॥

আকুল হুয়া আতি প্ৰেমভাৱে।

কৃষ্ণ কৃষ্ণ বুলি পৰিলা পাৱে॥

খুড়া বুলি কৃষ্ণে সাৱটি ধৰি।

কৰিলা সৎকাৰ আতি সাদৰি॥ ১৭০৮॥

কংসৰ শুনিয়া নন্দে আদেশ।

লড়িলা শকটে গোপ নিঃশেষ॥

গোপিকাক ৰাম কৃষ্ণে আশ্বাসি।

সুৱৰ্ণৰ ৰথে চড়িলা আসি॥ ১৭০৯॥

অত্ৰূৰে সত্বৰে ডাকিলা ৰথ।

কান্দে গোপী চাই কৃষ্ণৰ পথ॥

মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।

মজিলা যমুনাত দানপতি॥ ১৭১০॥

দেখিলা অনন্ত সহস্ৰ ফেঁট।

কোলাত কৃষ্ণক পাইলন্ত ভেট॥

কৰিলন্ত স্তুতি পৰি অত্ৰূৰ।

প্ৰৱেশিলা পাছে মথুৰাপুৰ॥ ১৭১১॥

গোপগণ সঙ্গে ৰঙ্গে মুৰাৰি।

ভ্ৰমন্তে দেখিলা মথুৰানাৰী॥

কন্দৰ্প কোটি যাক নাহি তুল।

শাৰী শাৰী নাৰী বৰিষে ফুল॥ ১৭১২॥

বধিলা ধোবাক চৱৰ অস্ত্ৰে।

বেশকাৰে আসি ভূষিলা বস্ত্ৰে॥

পিন্ধাইলা চন্দন কুঁজী সাদৰি।

তাইৰ কুঁজ সম কৰিলা হৰি॥ ১৭১৩॥

পিন্ধাইলা মালী অঙ্গে মঞ্জমালা।

দিলা সুদামাক বৰ গোপালা॥

ভাঙ্গিলা কংসৰ ধনুক ধৰি।

ৰখীয়া সেনাক বধিলা হৰি॥ ১৭১৪॥

বঞ্চিলা ৰাতি নগৰৰ মাঝে।

প্ৰভাতে শুনন্ত দুন্দুভি বাজে॥

গৈলন্ত খেদিয়া নন্দ কুমাৰ।

কুৱলয়াপীড়ে ভেণ্টিলে দ্বাৰ॥ ১৭১৫॥

ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত।

কৰিলা কোবাই হস্তীৰ অন্ত॥

স্কন্ধত গজদন্ত অনুপাম।

পশিলা ৰঙ্গশালা কৃষ্ণৰাম॥ ১৭১৬॥

চৌপাশে উপাসে গোপ কুমাৰে।

দেখিলা কৃষ্ণক দশ প্ৰকাৰে॥

বলো মুষ্টিকক কৃষ্ণে চাণূৰ।

মাৰি মাল দুইকো কৰিলা চূড়॥ ১৭১৭॥

আসিলা খেদি আৰো যত মাল।

কৰিলা ৰাম কৃষ্ণে তাৰো কাল॥

নাচিলা কৃষ্ণে সমাজৰ মাজে।

পাৱে ৰুণ ঝুণ নূপুৰ বাজে॥ ১৭১৮॥

দেখিয়া গৰজে কংস বিশাল।

উছিত মঞ্চত চড়ি গোপাল॥

কেশত ধৰি তাৰ ঘণ্টা লাড়ি।

পাড়িলা ভূমিত উপৰে পড়ি॥ ১৭১৯॥

মৰিল কংস জগতৰ ভৰে।

পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে॥

পিতৃ মাতৃ দুইৰো বন্ধন ছোড়ি।

কৰিলা তুতি দুইকো কৰ যোড়ি॥ ১৭২০॥

আনি উগ্ৰসেন পাতিলা ৰাজা।

পাছে আশ্বাসিলা যাদৱ প্ৰজা॥

নন্দকো সৎকাৰ কৰিলা আতি।

পঠাইলা প্ৰবোধিয়া বুলি মাতি॥ ১৭২১॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

কৃষ্ণকথা শুনা সমস্ত জনে॥

কৃষ্ণ লীলামালা ইহাৰ নাম।

সংসাৰ তৰা বুলি ৰাম ৰাম॥ ১৭২২॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

ৰাম স্বামী মাগোহো শৰণ হেৰা আমি।

তোহ্মাক নভজি প্ৰভু ভৈলো অধোগামী॥ ১৪৪॥

পদ॥

পাছে উগ্ৰসেনক নৃপতি পাতি হৰি।

নন্দকো কৰিলা শান্ত বচনে সাদৰি॥

যেনমতে মানো বসুদেৱ দৈৱকীক।

তুমি পোষ্টা পিতৃ দেখো তাহাতো অধিক॥ ১৭২৩॥

অনন্তৰে নৱগুণ দিলা গৰ্গঋষি।

পাছে গুৰু গৃহে বাসা কৰিলা হৰিষি॥

জানিলা চৌষষ্ঠি কলা পাছে পদ্মপাণি।

দিলা গুৰু দক্ষিণা মৃত পুত্ৰক আনি॥ ১৭২৪॥

মথুৰাক আসি কৃষ্ণে পঠাই উদ্ধৱক।

কৰাইলা আশ্বাস পাছে যশোদা নন্দক॥

গোপী সমস্তক বাক্য সন্দেশ পঠাই।

সানা কৰিলা কৃপাময় যদুৰায়॥ ১৭২৫॥

কুবুজাক ক্ৰীড়ি কৃষ্ণ জগত ঈশ্বৰ।

প্ৰৱেশিলা গোৱিন্দ গৃহত অত্ৰূৰৰ॥

অৰ্চিলন্ত দানপতি পায়া মাধৱক।

পাণ্ডৱৰ পাশক পঠাইলা অত্ৰূৰক॥ ১৭২৬॥

জৰাসন্ধ ভয়ে পাছে প্ৰভু যদুৰাজে।

নিৰ্মিলা দ্বাৰকাপুৰী পয়োনিধি মাজে॥

নিলা তৈকে মথুৰাৰ প্ৰজা যোগবলে।

মাৰিলাহা জৰাসন্ধ সেনাক সকলে॥ ১৭২৭॥

বধিলা যৱন মুচুকুন্দক দেখাই।

কৰিলন্ত স্তুতি পাছে মুচুকুন্দ ৰায়॥

দিলন্ত প্ৰসাদ তাঙ্ক পৰম ভকতি।

মুচুকুন্দে লভিলন্ত ভগৱন্ত গতি॥ ১৭২৮॥

জৰাসন্ধ ভয়ে নৰচেষ্টাক দেখাই।

পশিলা পলাই দ্বাৰকাত দুয়ো ভাই॥

ৰুণিী পঠাইলা গোপ্য প্ৰেমপত্ৰ লিখি।

আতি সকৰুণ ভৈলা কৃষ্ণে তাঙ্ক দেখি॥ ১৭২৯॥

বিপক্ষ নৃপতিসকলক জিনি ৰণে।

ৰুকো মুণ্ডিলা চক্ৰ ধৰি নাৰায়ণে॥

দ্বাৰকাত পাতি সভা দেৱতো অধিক।

কৰিলা বিবাহ মহোৎসৱে ৰুণিীক॥ ১৭৩০॥

ভৈলা কামদেৱ ৰুণিীৰ গৰ্ভে জাত।

হৰিলা সম্বৰে তাক কৰিলা নিপাত॥

ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইলা।

পুত্ৰ দেখি ৰুণিীৰ শৰীৰ জুড়াইলা॥ ১৭৩১॥

মণি হেতু জাম্বৱন্ত জিনি যদুপতি।

স্যমন্তক সমে পাইলা কন্যা জাম্বৱতী॥

সত্ৰাজিতো দিলে সভ্যভামাক ভয়ত।

মণিক যৌতুক দিলা কন্যাৰ লগত॥ ১৭৩২॥

থৈলা সত্ৰাজিততে মাধৱে মণি পুনু।

তাক কাটি মণি পাছে নিলা শতধনু॥

অত্ৰূৰত মণি থৈয়া ঘোৰায়ে পলাইল।

তাক চক্ৰে কাটি কৃষ্ণে মণিক নপাইল॥ ১৭৩৩॥

দ্বাৰকা এড়িয়া পাছে পলাইল অত্ৰূৰ।

আনিলেক কৃষ্ণে তাক দুনাই যদুপুৰ॥

স্যমন্তক মণি লৈয়া দেখায়া জ্ঞাতিত।

এড়াইলা দুৰ্যশ পাছে প্ৰভু বিপৰীত॥ ১৭৩৪॥

মিত্ৰবৃন্দা কালিন্দীক পাছে যদুনাহ।

ভদ্ৰা সত্যা লক্ষ্মণাক কৰিলা বিৱাহ॥

এহি অষ্ট মহিষী কৃষ্ণৰ প্ৰিয় জায়া।

বোলা হৰি হৰি তৰা সংসাৰৰ মায়া॥ ১৭৩৫॥

॥ পঞ্চম কীৰ্ত্তন॥

ঘোষা॥

হেৰ হেলায় গৱাইলো হৰি ইহেন জনম।

নভৈল ভকতি মঞি পাতকী পৰম॥ ১৪৫॥

পদ॥

নৰকক মাৰি ৰূপে গুণে মহা ধন্যা।

ষোড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা॥

স্বৰ্গৰো আনিলা হৰি পুষ্প পাৰিজাত।

দ্বাৰত ৰুৱাইলা সত্যভামাৰ সাক্ষাত॥ ১৭৩৬॥

ৰুণিীক কৰিলাহা প্ৰেমে পৰিহাস।

ভৈলন্ত ভয়তে দেৱী প্ৰাণতো নৈৰাশ॥

চতুৰ্ভুজ হৈয়া হৰি তুলি আঙ্কোৱালি।

ৰুণিীক আশ্বাস কৰিলা বনমালী॥ ১৭৩৭॥

বুলিলন্ত কৃষ্ণে যত নিন্দা আপুনাক।

ওলটায়া ৰুণিী বুলিলা তুতিবাক॥

ভৈলা অনুৰাগ প্ৰভু চৰণত আতি।

ভৰিল দ্বাৰকা কেশৱৰ পুত্ৰ নাতি॥ ১৭৩৮॥

কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত।

দশ দশ পুত্ৰ এক জীউ ভৈলা জাত॥

বহুবিধ কৰি লীলা জগতৰে নাহে।

ৰুক মৰাইলা অনিৰুদ্ধৰ বিৱাহে॥ ১৭৩৯॥

ঊষাক ক্ৰীড়িলা কৃষ্ণ নাতি অনিৰুদ্ধ।

বাণক ৰাখিবে লাগি ৰুদ্ৰে দিলা যুদ্ধ॥

লীলায়ে ভঙ্গাইলা শঙ্কৰক ঘোৰ ৰণে।

চক্ৰে বাণবাহুক ছেদিলা নাৰায়ণে॥ ১৭৪০॥

যুদ্ধত নোৱাৰি স্তুতি কৰিলন্ত হৰে।

নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে॥

ক্ৰীড়িলন্ত বলভদ্ৰে গোকুলক যাই।

যমুনাক আঝুৰিলা লাঙ্গল ভেজাই॥ ১৭৪১॥

চক্ৰে ধৰি খেদি গৈলা বাৰাণসী থান।

সুদক্ষিণ পৌণ্ড্ৰকৰো কৃষ্ণে লৈলা প্ৰাণ॥

ৰৈৱত গিৰিত ক্ৰীড়া কৰি হলধৰ।

সমৰে মাৰিলা দুষ্ট দ্বিৱিদ বানৰ॥ ১৭৪২॥

ধৰিলা শাম্বক কুৰুবীৰগণে চাপি।

খুজিলেক ৰামে গৈয়া নিদিলা তথাপি॥

হস্তিনাপুৰক কোপে ওভতাওঁ বুলি।

লাঙ্গল ভেজায়া বলো ধৰিলন্ত তুলি॥ ১৭৪৩॥

কৃষ্ণৰ গৃহস্থ ধৰ্ম্ম দেখি ঘৰে ঘৰ।

পৰম বিস্ময় মন ভৈলা নাৰদৰ॥

কেৱলে ঈশ্বৰ মাত্ৰ দেখি দেৱঋষি।

কৃষ্ণ গুণ গায়া চলি গৈলন্ত হৰিষি॥ ১৭৪৪॥

নিশাত কৰন্ত কৃষ্ণে শয্যাত শয়ন।

কণ্ঠত আলিঙ্গি সুতি থাকে পত্নীগণ॥

ৰজনীৰ শেষজানি ৰাৱে পক্ষীচয়।

নাৰীগণো হোৱৈ কৃষ্ণ বিৰহত ভয়॥ ১৭৪৫॥

কুকুৰা আৰাৱ কৰে তাকো পাৰে গালি।

উঠি নিত্যকৃত্য পাছে কৰি বনমালী॥

চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ।

ঘৰে ঘৰে প্ৰতিদিনে কৰন্ত গোদান॥ ১৭৪৬॥

দাৰুকে যোগান্ত ৰথ চড়ি গৈয়া তাত।

সাত্যকি উদ্ধৱ সমে বসন্ত সভাত॥

চতুৰ্ভিতি বেঢ়ি পাত্ৰমন্ত্ৰী সভাসদ।

দেৱকাৰ্য্য সাধিবাক আসিলা নাৰদ॥ ১৭৪৭॥

জৰাসন্ধে বান্ধি আছে নৃপতি বহুত।

কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত॥

সেহি বেলা যুধিষ্ঠিৰে পঠাইলন্ত মাতি।

মন্ত্ৰীগণ সমে কৃষ্ণে আলোচিলা আতি॥ ১৭৪৮॥

উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্ৰপ্ৰস্থ।

পূৰিলন্ত পঞ্চ পাণ্ডৱৰ মনোৰথ॥

কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেৱে তৰি।

পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১৭৪৯॥

॥ ষষ্ঠ কীৰ্ত্তন॥

ঘোষা॥

পিয়ো পিয়ো ৰাম নাম অমৃত।

বৃথা কথা কই নমৰ চিত্ত॥ ১৪৬॥

পদ॥

যুধিষ্ঠিৰ ৰাজা কৃষ্ণক পাই।

অৰ্চিলন্ত আতি দুনাই দুনাই॥

ৰাজাক কৃষ্ণে নমি প্ৰণিপাতে।

মৰাইলা মাগধ ভীমৰ হাতে॥ ১৭৫০॥

মেলায়া ভকত নৃপতিচয়।

দেখাইলা নিজ ৰূপ কৃপাময়॥

প্ৰসন্নমুখ পঙ্কজৰ জ্যোতি।

কৌস্তুভ কণ্ঠে গলে গজমতি॥ ১৭৫১॥

মকৰ কুণ্ডলে উজ্জল গণ্ড।

প্ৰকাশে চাৰু চাৰি ভুজ দণ্ড॥

কিৰীটি ৰত্ন শিৰে কৰে কান্তি।

উৰঃস্থলে জ্বলে শ্ৰীবৎস পান্তি॥ ১৭৫২॥

শ্যাম তনু তাতে পীত বসনে।

বিজুলী ৰঞ্জৈ যেন নৱ ঘনে॥

কটি-তটে কাঞ্চি ৰত্নৰ জ্বালা।

আপাদলম্বী গলে বনমালা॥ ১৭৫৩॥

চৰণ পঙ্কজে মঞ্জীৰ ঘোষ।

মিলাৱৈ ভক্তৰ মনে সন্তোষ॥

সন্মুখে দেখি হেন হৃষীকেশ।

সমস্তে এড়াইলা বন্ধন ক্লেশ॥ ১৭৫৪॥

আনন্দে দ্ৰৱিল সৱাৰো চিত্ত।

লোতক ঝৰে তনু ৰোমাঞ্চিত॥

আছিল মৰি দুনাই যেন জীল।

আলিঙ্গিয়া যেন নয়নে পিল॥ ১৭৫৫॥

চাহন্তে গৈল অনুৰাগ চৰি।

প্ৰণামিলা আতি চৰণে পৰি॥

হৰিষতে যেন পাইলা মুকুতি।

কৰিলা কৃষ্ণক অনেক স্তুতি॥ ১৭৫৬॥

মাগিলা পৰম ভকতি দান।

সৱাকে কৰিলা কৃষ্ণে সন্মান॥

তুষিয়া পঠাই দিলা নিজ ঘৰ।

ৰাজসূয়ে আসি যোগাইলা কৰ॥ ১৭৫৭॥

কৰি ৰাজসূয় যজ্ঞ নৃপতি।

অৰ্চিলা কৃষ্ণক মহাভকতি॥

নিন্দিলে দেখি শিশুপাল বীৰ।

কাটিলা কৃষ্ণে চক্ৰ হানি শিৰ॥ ১৭৫৮॥

তাৰ তেজ-পুঞ্জ আসিল লৰি।

মিলিলা কৃষ্ণৰ চৰণে পৰি॥

সাৰূপ্য পায়া ভৈলা পাৰিষদ।

বিস্ময় দেখি লোক নিশবদ॥ ১৭৫৯॥

পৰম মানী দুৰ্য্যোধন ৰায়।

ভ্ৰমিলা সভাৰ সম্পত্তি চাই॥

তুলিলা বস্ত্ৰ পানী বুলি স্থলে।

স্থল হেন মানি পৰিলা জলে॥ ১৭৬০॥

দ্ৰৌপদী সমে নাৰীগণে আসি।

চাপৰি বজায়া তুলিলা হাসি॥

ভীমৰ উপহাস্যে কুৰুৰাজ।

মৰণ সমান ভৈ গৈল লাজ॥ ১৭৬১॥

মৃতক যেন ভৈলা কুৰুপতি।

কৃষ্ণৰ কটাক্ষে ভ্ৰমিল মতি॥

তোলাই ইটো কোপ কুৰু ৰাজাৰ।

হৰিবো সমস্ত ভূমিৰ ভাৰ॥ ১৭৬২॥

লাগোক বিৱাদ কুৰু পাণ্ডৱে।

নমাতি থাকিলা বসি মাধৱে॥

পাণ্ডৱৰ হাতে সমৰ জিনি।

মৰাইলা অষ্টাদশ অক্ষৌহিণী॥ ১৭৬৩॥

হৰত বৰ পায়া শা ৰাজা।

মাৰিবাক গৈল যাদৱ প্ৰজা॥

আকাশতে চলে শৌভ নগৰ।

যদুবীৰ গণে দিলা সমৰ॥ ১৭৬৪॥

হস্তিনাপুৰ হন্তে আসি পাই।

কাটিলা শাক যাদৱৰায়॥

ভাঙ্গিলা শৌভক ক্ষেপিয়া চক্ৰ।

বধিলা বিদুৰথ দন্তবক্ৰ॥ ১৭৬৫॥

তীৰ্থত স্নানিয়া ফুৰন্তে ৰাম।

সূতক বধি কৰি মন্দকাম॥

বল্লল দৈত্যক মাৰি তহিত।

কৰিলা সূতবধ প্ৰায়শ্চিত্ত॥ ১৭৬৬॥

দেখিয়া তুষ্ট ভৈলা ঋষিগণ।

উগ্ৰশ্ৰৱা পাইলা ব্ৰহ্ম আসন॥

কহিলা মহাভাগৱত কথা।

বোলা হৰি হৰি নমৰা বৃথা॥ ১৭৬৭॥

॥ সপ্তম কীৰ্ত্তন॥

ঘোষা॥

গোপীনাথ তুৱা পাৱে নভৈল ভকতি।

ইজন্মতো মাধৱ গৈলোহো অধোগতি॥ ১৪৭॥

পদ॥

দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ।

অৰ্চিলন্ত কৰি কৃষ্ণে পৰম সাদৰ॥

গুৰুগৃহে বাস কথা কৈলা মনতুষ্টি।

খাইলা তান লৈয়া চাউল চিৰা একমুঠি॥ ১৭৬৮॥

এতেকে ঐশ্বৰ্য্য পাইল ইন্দ্ৰৰো দুৰ্ল্লভ।

হেনসে ঈশ্বৰ কৃষ্ণ ভৃত্যৰো সুলভ॥

সৰ্ব্বগ্ৰাস সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা।

সমস্তে নৃপতি গণ কুৰুক্ষেত্ৰে গৈলা॥ ১৭৬৯॥

সপুত্ৰ বান্ধৱে যদুগণ গৈলা তথা।

কৈলা ৰাজাগণ অন্যোঅন্যে কৃষ্ণ কথা॥

কৃষ্ণৰ যতেক পত্নী দ্ৰৌপদী সহিতি।

কহিলন্ত কৃষ্ণ কথা পৰম পীৰিতি॥ ১৭৭০॥

নাৰদ প্ৰমুখ্যে মুনিগণ আইল তয়।

অৰ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময়॥

পিতৃৰ কৰাইলা মহাযজ্ঞ মহোৎসৱ।

বান্ধৱক তুষি ভূষি পঠাইলা মাধৱ॥ ১৭৭১॥

নন্দ যশোদাক মান্য কৰিলা একান্ত।

জ্ঞানদানে গোপীক কৰিলা উপশান্ত॥

কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান।

মৃতক পুত্ৰক দৈৱকীক দিলা দান॥ ১৭৭২॥

অৰ্জ্জুনক আনি বিহা দিলা সুভদ্ৰাক।

ভক্তক দেখিবে লাগি গৈলা মিথিলাক॥

শ্ৰুতদেৱ জনকৰ পূৰি মনোৰথ।

কৈলা উপদেশি প্ৰেম ভকতিৰ পথ॥ ১৭৭৩॥

ভকতিক পুছিলা নাৰদ মাধৱত।

নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব॥

সংসাৰক তাৰৈ ভকতিসি জানি মনে।

কৈলা স্তুতি বেদ শিৰোৰত্ন মন্ত্ৰগণে॥ ১৭৭৪॥

হৰি ভকতিত পাই পৰম মুকুতি।

দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি॥

ভৃগু ঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত।

কৈলা কৃষ্ণগুণ মুনিগণৰ আগত॥ ১৭৭৫॥

মহাকালপুৰ পশি কৃষ্ণ কৃপাময়।

আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰচয়॥

অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সাফল।

হেন নাৰায়ণ দেৱ ভকত বৎসল॥ ১৭৭৬॥

ষোড়শ সহস্ৰ অষ্টাধিক একশত।

কৃষ্ণৰ মহিষী সৱে পৰম ভকত॥

শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰৰাশি।

একষষ্ঠি হাজাৰ লক্ষেক আৰো আশী॥ ১৭৭৭॥

তাসম্বাৰ পুত্ৰ নাতি ভৈলা অপৰ্য্যন্ত।

তাক কহি কোনে আৱে কৰিবেক অন্ত॥

যদুকুলে কেশৱ আপুনি অৱতৰি।

গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি॥ ১৭৭৮॥

শত্ৰু মিত্ৰ উদাসীনে দিলা নিজ পদ।

ভাৰ হৰি মহন্তৰ খণ্ডিলা আপদ।

নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধৱৰ।

সিকালত বেকত আছিলা দামোদৰ॥ ১৭৭৯॥

আকেসে আশ্চৰ্য্য দেখো শুনা পৰীক্ষিত।

নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত॥

আৰো যাইবে নলাগে নৃপতি তপোবন।

গৃহে গতি পায় কৰি শ্ৰৱণ কীৰ্ত্তন॥ ১৭৮০॥

এহিমানে দশম স্কন্ধৰ কৃষ্ণলীলা।

শুকমুনি ৰাজা পৰীক্ষিতক কহিলা॥

শঙ্কৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ।

লীলামালা কথা ইটো কৃষ্ণৰ কীৰ্ত্তন॥ ১৭৮১॥

শুনা বুধজন কেনে সুখে আছা বসি।

কালে আসি পাইলে চোৱা মনে বিমৰিষি॥

ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু।

কেতিক্ষণে ছুটে জানা ইটো প্ৰাণ বায়ু॥ ১৭৮২॥

জানি হৰি ভকতিত সৱে দিয়া মতি।

হৰি কথা শ্ৰৱণত দৃঢ় কৰা ৰতি॥

কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ।

ডাকি হৰি হৰি বোলা তেৱেসে নিস্তাৰ॥ ১৭৮৩॥

॥ লীলামালা সমাপ্ত॥ ২৫॥