ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি

[ ৩২ ]

চাৰি

কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি

 আবেলি ঠিক চাৰিমান বজাত ধুমুহা শাম কাটিল। সৰ্বত্ৰ পানী আৰু আকাশ—চকুত পৰিবলৈ আৰু আন একো নাই। কৰিবলৈকো নাই একো। দুঘণ্টা পাৰ হ’ল, এতিয়া বুজিছোঁ, বোটখন উটি গৈ আছে বতাহৰ সৈতে। ব’ঠাৰে ইয়াক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ। কোন দিশলৈ গৈছোঁ, ক’ত আছোঁ— একোৱেই বুজিব পৰা নাই। বোটখন পাৰলৈকে গৈছে নে মাজসাগৰলৈকে গৈছে, সেয়াও বুজিব পৰা নাই। হয়তো পাছৰটোৱেই ঘটিব ধৰিছে, কিয়নো পঞ্চাছ মাইল দূৰৰ কোনো বস্তু সমুদ্ৰৰ খুন্দাত পাৰ পোৱা সম্ভৱ নহয়। বিশেষকৈ মানুহৰ দৰে ভাৰী বস্তুসহ এখন বোট।

 পাছৰ দুঘণ্টা ডেষ্ট্ৰয়াৰৰ এই যাত্ৰাৰ সমগ্ৰ ঘটনাটো একোটা মিনিটত ভাগ কৰি সজাবলৈ ধৰিলোঁ। মই নিজকে বুজালোঁ, যদি ৰেডিঅ’ অপাৰেটৰজনে কাৰটাজেনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিৰলৈ সক্ষম হৈছিল, তেন্তে নিশ্চয় দুৰ্ঘটনাৰ কথা জনাব পৰা গৈছিল, সেই হিচাপত কিছু সময় পাছতে বিমান আৰু হেলিকপ্টাৰ আহি পোৱাৰ কথা।

 দুপৰীয়া এক বজাত মই বোটৰ ওপৰত বহি দুচকুৰে দিগন্তৰ সন্ধান চলালোঁ। তিনিপাট ব’ঠা সাজু কৰি থ'লোঁ। যিপিনে বিমান দেখিবলৈ পাওঁ, সেইফালেই ব’ঠা মাৰিম। মিনিটবোৰ দীঘল আৰু উত্তেজনাপূৰ্ণ। বেলিৰ প্ৰখৰ ৰ’দে মোৰ দেহ পুৰি পেলাইছে। সাগৰৰ লুণীয়া বতাহত মোৰ ওঁঠ ছিৰাছিৰ হৈছে। কিন্তু ভোক বা তৃষ্ণা অনুভৱ কৰা নাছিলোঁ। মই কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ— এখন যেন বিমান উৰি আহে। যদি বিমানখন আহি পায়, মই বোটত থিয় হ’ম, কামিজটো উৰুৱাই সংকেত দিম— যাতে এটা মুহূৰ্তও নষ্ট নহয়, প্ৰথমৰ পৰাই সাজু হৈ থাকিব পাৰোঁ, সেয়ে খুলি থ'লোঁ কামিজৰ বুটাম। তাৰ পাছত বোটৰ একোণত বহি দিগন্তৰ চতুৰ্দিশে কেৱল নিৰীক্ষণ কৰি গ'লোঁ। নাজানো কোন দিশেৰে আহিব বিমান।

 দুই বাজিল। বতাহে গৰ্জি আছে। বতাহৰ সেই গৰ্জনৰ মাজতো লুই ৰেনগিফোৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ। ‘ফাতছোঁ, এইফালে বাই লৈ আহা।’ তাৰ স্পষ্ট কণ্ঠস্বৰ মোৰ [ ৩৩ ] কাণত বাজি উঠিল। যেন সি ইয়াতে আছে। মাত্ৰ দুই মিটাৰ আঁতৰত, ব’ঠাপাটৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। সমুদ্ৰৰ বতাহৰ কান্দোনত, ঢৌৰ আছাৰবোৰত, স্মৃতিৰ ভিতৰত, সকলোতে তাৰ কণ্ঠস্বৰ বাজি উঠিছে। ‘এইফালে বাই আনা।’— তাৰ এই উন্মত্ত অস্থিৰ আৱাজে মোক যেন পাগল কৰি দিব।

 তিনি বজাৰ পাছত ধৈৰ্য হেৰুৱাই পেলালোঁ মই। এইখিনি সময়তে ডেষ্ট্ৰয়াৰে কাৰটাজেনাত উপস্থিত হোৱাৰ কথা আছিল। বন্ধুবোৰে চাগে’ আমি উভতিলোঁ বুলি গোটেই চহৰত আনন্দ কৰিছে। সকলোৱে আমাৰ কথাই ভাবিছে নিশ্চয়। এইবোৰ চিন্তাই মোৰ শক্তি আৰু ধৈৰ্য যোগালে আবেলি চাৰিটালৈ। যদি সিহঁতক ৰেডিঅ’যোগে খবৰ দিব পৰা যায়ো, এতিয়ালৈ যিহেতু বন্দৰত উপস্থিত হ’ব পৰা নাই, গতিকে সকলোৱে নিশ্চয় বুজিছে, কিবা এটা অঘটন ঘটিছে। সিহঁত নিশ্চয় সতৰ্ক হৈছে।

 বিমানৰ যদি উৰণত পলম কৰিছে, তথাপি আধা ঘণ্টাৰ ভিতৰত আহি পোৱাৰ কথা। চাৰি বজাত বা খুব বেছি চাৰি বাজি পোন্ধৰ মিনিটৰ ভিতৰত মোৰ মূৰৰ ওপৰত বিমান ঘূৰা-পকা কৰিব।

 দিগন্তলৈ চকু ফুৰালোঁ আকৌ। এক অন্তহীন নিস্তব্ধতাৰে ঢাক খাই গ'লোঁ মই।

 তাৰ পাছত আৰু লুই ৰেনগিফোৰ আৰ্তনাদ মোৰ কাণত নপৰিল।

 সুদীৰ্ঘ নিশাটো

 প্ৰথম তিনি ঘণ্টা অকলে সমুদ্ৰত অসহ্য লাগিছিল। পাঁচ ঘণ্টা পাৰ হৈ গৈছে। ভাব হৈছে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। ধীৰে ধীৰে বেলিটো পশ্চিমত মাৰ যাবলৈ ধৰিছে। টিকটিকীয়া ৰঙা বেলি। মই সহজ হ’বলৈ চেষ্টা কৰিলোঁ। সূৰ্য বাওঁফালে, এইবাৰ বুজিছোঁ বিমান আহিব কোন দিশৰ পৰা। সেই দিশলৈ নিশ্চল ভংগিমাত দৃষ্টি স্থিৰ কৰি ৰাখিছোঁ। ভয় হৈছে, কিন্তু চকু মুদা নাই। সেইফালেই নিশ্চয় কাৰটাজেনা। ছয় বাজে মানে চকু বিষাবলৈ ধৰিলে। তথাপি মই আশা এৰা নাই। আন্ধাৰ হ’বলৈ ধৰিছে। তথাপি ধৈৰ্য হেৰুওৱা নাই। ইঞ্জিনৰ শব্দ শুনাৰ আগতে প্ৰথমে বিমানৰ ৰঙা আৰু সেউজীয়া পোহৰ দেখিবলৈ পাম। কিন্তু মোৰ মুঠেও ভাব হোৱা নাছিল যে মই বিমানৰ পোহৰ দেখিলেও সিহঁতে মোক দেখা নাপাব।

 ইতিমধ্যে আকাশে ৰক্তিম বৰণ ধৰিলে। তেতিয়াও মোৰ দৃষ্টি দিগন্তত। অলপ পাছতে গভীৰ বেঙুনীয়া ৰং ধাৰণ কৰিলে আকাশে। মই মাথোঁ চাই আছোঁ। লাইফ বোটৰ এচুকত বহি দেখিছোঁ হুইস্কি বৰণৰ আকাশৰ বুকুত হালধীয়া হীৰাৰ দৰে প্ৰথম তৰাটো ফুটি উঠিল। নিশ্চল, নিখুঁত। যেন কিবা সংকেত দিছে। তাৰ পাছতে ৰাত্ৰি নামি আহিল।

[ ৩৪ ]  গভীৰ আন্ধাৰত ডুব গ'লোঁ মই। ইমান আন্ধাৰ যে নিজৰ হাতৰ পতাপৰ্যন্ত দেখা পোৱা নাযায়। ভয়-আতংকত মই জঠৰ হৈ পৰিলোঁ। লাইফ বোটত ঢৌৰ খুন্দাত বুজিছিলোঁ সাগৰৰ বুকুৰে ভাঁহি গৈ আছোঁ। ধীৰে ধীৰে, বাধাহীনভাৱে। আন্ধাৰৰ মাজত ডুব গৈ ভাব হ’ল দিনৰ পোহৰত নিজকে ইমান নিসংগ অনুভৱ কৰা নাছিলোঁ। কিন্তু এই অন্ধকাৰত, লাইফ বোটত এই নিঃশব্দতা অতি ভয়ংকৰ। একো এটা দেখা নাই, কিন্তু ভাঁহি ভাঁহি আগুৱাইছোঁ। অদ্ভুত প্ৰাণীৰে ভৰা এই সমুদ্ৰ। একাকীত্ব দুৰ কৰিবলৈ ঘড়ীলৈ চালোঁ, সাত বাজিবলৈ দহ মিনিট। মিনিটবোৰ যে অনন্ত দীঘল হৈ পৰিছে। সাত বজাৰ ভিতৰত তৰাৰে আকাশ ভৰি গ'ল। মই উদ্‌ভ্ৰান্তৰ দৰে বিমানৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ।

 ঠাণ্ডা লাগিছে। এইধৰণৰ বোটত এটা মুহূৰ্তও গাত পানী নলগাকৈ থাকিব নোৱাৰি। ওপৰত বহিলেও শৰীৰৰ অৰ্ধেক পানীৰ তলতে থাকে, কিয়নো তলভাগ খৰাহিৰ দৰে। আধা মিটাৰ পানীৰ তলত। আঠমান বজালৈ পানীৰ উষ্ণতা বতাহতকৈ বৃদ্ধি পালে। সামুদ্ৰিক প্ৰাণীৰ পৰা ৰক্ষা পাবলৈ হ'লে এতিয়া বোটৰ তলৰ ফালেই থাকিব লাগিব। তলত ৰছীৰে জাল দিয়া আছে। স্কুলতেই শিকিছিলোঁ— এনে জালেৰে নিজক কিদৰে সামুদ্ৰিক প্ৰাণীৰ পৰা বচাব লাগে। দিনৰ দুই বজাত শিক্ষকে যেতিয়া লাইফ বোটৰ এটা মডেল লৈ চল্লিছজন ছাত্ৰক এইবোৰ শিকায়, নিশা আঠ বজাত সমুদ্ৰৰ বুকুত অকলে উদ্ধাৰৰ কোনো আশা নথকাৰ সময়ত এইবোৰ কথাৰ কোনো মূল্য নাথাকে। শিক্ষকৰ মতে বোটৰ ওপৰ অংশটোৱেই সবাতোকৈ কম নিৰাপদ। তথাপি সকলো জানি-বুজিও ভাব হৈছিল— এই ঠাইখিনিয়েই সামুদ্ৰিক প্ৰাণীৰ পৰা বেছি দূৰৈত। উমান পাইছোঁ, বিশাল অজান প্ৰাণীবোৰ বোটৰ ওচৰেৰে পিয়াপি দিছে।

 সিদিনা ৰাতি অগণন তৰাৰ মাজত হেৰাই যোৱা সপ্তৰ্ষি মণ্ডলক বিচাৰি উলিওৱাতো মোৰ বাবে অসুবিধা হৈছিল। ইমানবোৰ তৰা মই কোনোদিন দেখা নাই। সপ্তৰ্ষি মণ্ডলক বিচাৰি পোৱাৰ পাছত আৰু কোনোফালে চাবলৈ ইচ্ছা নহ'ল। কিয় নাজানো, সেইফালে চাই মোৰ নিসংগতা সামান্য হলেও যেন দূৰ হৈছিল।

 কাৰটাজেনাত যেতিয়া বন্দৰত অৱসৰৰ দিনবোৰ কটাইছিলোঁ, প্ৰায়ে আমি সকলোৱে মিলিত হৈছিলোঁ মাংগা সাঁকোৰ তলত। ৰেমন হেৰোৰাই ডেনিয়েল ছাণ্টোছৰ কণ্ঠ নকল কৰি গান গাইছিল। কোনোবাই তাৰ কণ্ঠৰ সৈতে তাল মিলাই বজাইছিল গীটাৰ ৷ শিলৰ সেই সাঁকোৰ দেৱালত বহি মই দেখিছিলোঁ— সপ্তৰ্ষি ওলাইছে ছেৰো ডা লা পোপাৰ ফালে। আজি ৰাতি বোটৰ ওপৰত বহি এক মুহূৰ্তৰ বাবে যেন ভাব হল, মই মাংগা সাঁকোলৈ পুনৰ উভতি আহিছোঁ। কাষত ৰেমন হেৰোৰাই গীত জুৰিছে গীটাৰৰ মূৰ্ছনাৰ তালে তালে। সপ্তৰ্ষি যেন পৃথিৱীৰ পৰা দুশ মাইলৰ অধিক নহয়।

[ ৩৫ ]

কলম্বিয়ান নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছ : যাত্ৰাৰ আগমুহূৰ্তত

ছেৰো ডা লা পোপাৰ মূৰৰ ওপৰত আছে। মই কল্পনা কৰিলোঁ, হয়তো কাৰটাজেনাত কোনোবাই এতিয়া চাই আছে সপ্তৰ্ষিলৈ। মই চাই আছোঁ সমুদ্ৰৰ বুকুৰ পৰা। মই যেন এতিয়া আৰু নিসংগ নহয়। সমুদ্ৰৰ প্ৰথম ৰাতিটো আছিল বৰ দীঘলীয়া, কিয়নো সিদিনা একোৱেই নঘটিল। ঘটনাহীন সেই ৰাতিৰ বৰ্ণনা দিয়াটোও মোৰ সম্ভৱ নহয়। মোৰ ভয় হৈছিল কেৱল সাগৰীয় প্ৰাণীবোৰলৈ। হাতত কেৱল ঘড়ীৰ ডায়েলখন চিকমিক কৰিছে। প্ৰতি মিনিটৰ অন্তৰে অন্তৰে মই ঘড়ীটোলৈ চাইছোঁ। ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ। সমুদ্ৰত মোৰ প্ৰথম ৰাতি। প্ৰতিজ্ঞা কৰিলোঁ আৰু ঘড়ী নাচাওঁ। ঘড়ীটো জেপত ভৰাই থ'ম— যাতে সময়ৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া নহয়। ন বাজিবলৈ কুৰি মিনিট থকালৈ মই নিজক ধৈৰ্য ধৰি ৰাখিলোঁ, তেতিয়া মোৰ ভোক-পিয়াহৰ অনুভৱ অহা নাই। মই মনটো বান্ধি ল'লোঁ— পাৰিম, নিশ্চয় পাৰিম, পিছদিনা পুৱাই বিমান আহি পাব। কিন্তু ঘড়ীটোৱে যেন মোক পাগল কৰি দিব। বৰং এইটো সাগৰৰ পানীত দলিয়াই দিয়াই ভাল হ’ব। কিন্তু হঠাৎ ভয় হ’ল— ঘড়ীটো অবিহনে মই আৰু অধিক নিসংগ হৈ পৰিম। পুনৰ মণিবন্ধনত ঘড়ীটো পিন্ধি ল'লোঁ। পুনৰ মই চাবলৈ ধৰিলোঁ ঘড়ীৰ কাঁটালৈ, প্ৰতি মিনিটৰ অন্তৰে অন্তৰে। মাজে মাজে দিগন্তলৈ দৃষ্টি দিলোঁ বিমানৰ আশাত। মই চাই ৰ'লোঁ চকু নিবিষোৱাপৰ্যন্ত।

 মাজনিশা মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল। এটা মুহূৰ্তও টোপনি মৰা নাই। টোপনিৰ ভাবো অহা নাছিল মোৰ। পুৱা যি আশাৰে বিমানলৈ অপেক্ষা কৰিছিলোঁ, সেই একেই আশাৰে এতিয়াও বাট চাই আছোঁ। জাহাজৰ পোহৰো বিচাৰিছোঁ। ঘণ্টাৰ পাছত ঘণ্টা কেৱল দৃষ্টি দিছোঁ শান্ত, গভীৰ, নিস্তব্ধ সমুদ্ৰৰ বুকুলৈ। আকাশৰ নক্ষত্ৰৰ [ ৩৬ ] বাদে আৰু ক'তো একো পোহৰৰ চিন নাই।

 পুৱা সাগৰত শীত অলপ বেছি হয়। শৰীৰত ক্লান্তি নামিছে। দিনটোৰ সূৰ্যৰ সমস্ত তাপ জমা লাগি আছে গাৰ ছালৰ তলত। শীত বঢ়াৰ লগে লগে জ্বলন অনুভৱ কৰিছোঁ। মাজনিশাৰ পৰা আঁঠুৰ বিষটোও বাঢ়িব ধৰিছে। এনে লাগিছে যেন হাড়ৰ ভিতৰলৈহে পানী সোমাই গৈছে। কিন্তু ইয়াৰ পাছতো মই এনেদৰে চিৎকাৰ কৰিব পাৰিম, যদি জাহাজৰ এটি পোহৰৰ ৰেশ দেখিবলৈ পাওঁ। নিশাৰ সমুদ্ৰৰ অন্তহীন এই শব্দৰ মাজতো মোৰ সেই চিৎকাৰ বহু দূৰণিলৈ শুনিবলৈ পোৱা যাব।

 প্ৰত্যুষৰ পোহৰ

 ধীৰে ধীৰে সমুদ্ৰ আলোকিত হৈ উঠিল। কিন্তু উপকূলৰ দৰে নহয়। প্ৰথমে বিৱৰ্ণ হ’ল আকাশ, তৰাবোৰ এটি এটিকৈ আঁতৰি গ'ল। ঘড়ীলৈ চালোঁ, তাৰ পাছতে চালোঁ দিগন্তলৈ। সমুদ্ৰৰ বিশাল ৰূপ দৃশ্যমান হৈ পৰিল। বাৰটা ঘণ্টা পাৰ হ’ল। দিনতকৈও দীঘল এই ৰাতিটোৰ সমাপ্তিৰ পাছত আৰম্ভ হ'ল এটা নতুন দিন।

 ৰাতি পুৱাল। কিন্তু কি হ’ব? খোৱাৰ ইচ্ছা নাই। বতাহৰ উষ্ণতা সামান্য বৃদ্ধি পাইছে। সমুদ্ৰ শান্ত, সোণালী বৰণ ধৰিছে। যোৱা ৰাতি অলপো শোৱা নাই৷ তথাপি এনে লাগিছিল যে এইমাত্ৰহে নিদ্ৰাৰ পৰা উঠিলোঁ। বোটত শৰীৰটো এৰি দিলোঁ। হাড়ে হাড়ে বিষ, দেহৰ ছালত জ্বলন।

 ফৰকাল বতৰ, উমাল বতাহ বলিছে। বতৰটোৱে যেন মোক অপেক্ষা কৰিবলৈ শক্তি যোগাইছে। নিজকে বেছ স্বাভাৱিক যেন অনুভৱ কৰিলোঁ। কুৰি বছৰৰ জীৱনত এই প্ৰথম নিজকে সুখী যেন লাগিল। বোটখন সমুখলৈ আগুৱাইছে। গোটেই ৰাতিটো কিমান দূৰত্ব আগবাঢ়িল বুজিব নোৱাৰিলোঁ। কিন্তু দিগন্ত এতিয়াও অপৰিৱৰ্তিত। যেন মই একে ঠাইতে স্থিৰ হৈ আছোঁ। সাত বজাত ডেষ্ট্ৰয়াৰৰ কথা মনত পৰি গ'ল মোৰ।প্ৰাতঃভোজনৰ সময় এতিয়া। মোৰ সহকৰ্মীসকলে খোৱা মেজৰ চাৰিওফালে বহি আপেল খাইছে। অলপ পাছতে আহিব কণী, মাংস, পাওৰুটী আৰু ক'ফী। মোৰ জিভালৈ পানী আহি গ'ল। পেটৰ ভিতৰত খলখলাই উঠিল। ভোক পাহৰিবলৈ চেষ্টা কৰিলোঁ। বোটৰ তলৰ ফালে দেহটো আগুৱাই দিলোঁ, ৰ’দে পোৰা পিঠিত শীতল পানীৰ স্পৰ্শত বৰ আৰাম পালোঁ। ঘূৰাই পালোঁ শৰীৰৰ শক্তি। শুই শুই ভাবিবলৈ চেষ্টা কৰিলোঁ ৰেমন হেৰোৰাৰ সৈতে কিয় বাৰু ডেকত থিয় হ’বলৈ গৈছিলোঁ? কিয় নিজৰ বাংকত আহি শোৱা নাছিলোঁ। প্ৰতিটো মুহূৰ্তৰ সেই ভয়ংকৰ ঘটনাটোক স্মৰণ কৰিবলৈ চেষ্টা চলালোঁ। কোনো কাৰণেই নাছিল এই দুৰ্ঘটনাত পতিত হোৱাৰ। নিৰীক্ষণৰ দায়িত্বত নাছিলোঁ, যেতিয়া ডেকলৈ আহি থিয় হোৱাৰো দৰকাৰ নাছিল। যি ঘটিল [ ৩৭ ] সেয়া মোৰ ভাগ্যৰ দোষ। ঘড়ীটোলৈ চাই নিজকে বুজনি দিয়াৰ চেষ্টা চলালোঁ। দ্ৰুততাৰে পাৰ হ'বলৈ ধৰিছে দিনটো। এতিয়া চাৰে এঘাৰ বাজিল।

 দিগন্ত এটা ক'লা বিন্দু

 দিনটো যিমানে গাঢ় হ’বলৈ ধৰিলে, মই পুনৰ কাৰটাজেনাৰ কথা ভাবিবলৈ ধৰিলোঁ। অনুশোচনা হৈছিল, কিয়নো উঠিলোঁ এই লাইফ বোটত? মোৰ বাকী সহকৰ্মীসকল নিশ্চয় ইতিমধ্যে উদ্ধাৰ পৰিছে। বোটখনেহে মোক ক'ৰবালৈ উটুৱাই আনিলে। ভাগ্য বেয়া বাবেহে মই এতিয়াও এই লাইফ বোটত।

 কথাটো ভাবি থাকোতে চকুত পৰিল দিগন্তত এটি ক’লা বিন্দু। বিন্দুটো ক্ৰমান্বয়ে আগুৱাই আহিছে মোৰ পিনে। স্থিৰ নিষ্পলক দৃষ্টিৰে চাই ৰ'লোঁ মই। সমস্ত আকাশখন চকুৰ ভিতৰত জলমলাই উঠিল। ক’লা বিন্দুটো ধীৰে ধীৰে মোৰ বোটৰ পিনেই আগুৱাই আহিছে। কেইটামান মুহূৰ্তৰ পাছত অৱয়ৱ এটা জিলিকি উঠিল। সেই জিলিকনি ধাতৱ অৱয়ৱৰ। কান্ধত বিষ, চকুৱে সহিব পৰা নাই আকাশৰ বিশালতা। তথাপি চাই আছোঁ। দ্ৰুততাৰে আগুৱাই আহিছে বোটৰ পিনে। মই আনন্দত অধীৰ হোৱা নাই, আৱেগত উথলিও উঠা নাই। শান্তভাৱে বোটৰ ওপৰত থিয় হৈ আছোঁ। বিমানখন আগুৱাই আহিছে। মই কামিজটো খুলি পেলালোঁ। মই সংকেত দিব লাগিব। এক মিনিট, দুই মিনিট— হাতত কামিজটো, অপেক্ষা কৰিছোঁ আৰু কাষ চাপি আহক বিমানখন। পোনে পোনে বোটৰ পিনে আগুৱাই আহিল, ময়ো কামিজটো তুলি জোকাৰিবলৈ ধৰিলোঁ। ঢৌৰ শব্দৰ মাজতো শুনিবলৈ পালোঁ বিমানৰ ইঞ্জিনৰ শব্দ।