টেটোন তামুলি/চতুৰ্থ অঙ্ক

[ ৪৫ ]
চতুৰ্থ অঙ্ক।
⸺⸺
প্ৰথম পট,—ফুকনৰ গাভৰু-টোল।
(চম্পাৱতীয়ে ফুলনিত ফুল তুলি ফুৰে।)

চম্পা।— দেহিঐ। কেনেকৈ ফুলি আছে ফুল কেপাহি! তুলিবৰে সত যোৱা নাই,⸺ছিঙ্গোতেই যেন কোমল ঠাৰিটিয়ে দুখ পায়। তুলি লওঁতেই যেন কেনেবাকৈ পাহি সৰি মাটিত পৰে। আইঐ দেহি! সৌ কলিয়া ভোমোৰাটিলৈ চোৱাঁ! গোলাপ পাহীক চুমা এটি দিবলৈ গুণ্‌গুণাই কেনেকৈ কাবৌ কৰি ফুৰিছে! দেহি, চিকুণ কলিয়াটিৰ প্ৰেমালাপত ফুল কেপাহী কেনেকৈ পমি যোৱাদি গৈছে। ব্ৰজৰ গোপিনীয়ে হে যেন কলিয়া কানাইৰ বাঁহীৰ সুৰত আপোন-পাহৰা হৈছে।

ৰংদৈৰ প্ৰৱেশ

ৰংদৈ।— এ আই! আইদেৱে আজি অকলে অকলে ফুল তুলি ফুৰিছেহি। আন ছাৰি আজি মোকো নিচিাৰিলে।

চম্পা।— অ, ৰংদৈ? আহিছ।

ৰংদৈ।— হয়, আইদেউ, আহিছোঁ। কিয় আহিছোঁ তাকো সোধক, তেহে আকৌ অহাৰ ওৰ্‌টো ওলায়।

চম্পা।— কিয়, তই তো মোৰ কাষলৈ আহিবিয়েই। কিয় আহ, কেতিয়াবা সোধোঁ জানো?

ৰংদৈ।— নোসোধে আইলেউ। পিছে, আজি নমতাকৈয়ে ওলালোঁহি, সেই হে।

চম্পা।— আনকাল নমতাকৈ তই জানো মোৰ ওচৰলৈ কেতিয়াও নাহ?

ৰংদৈ।— আহোঁ, আইদেউ। [ ৪৬ ] চম্পা।— পিচে? এই বোৰ নো কি বলকিছ! কিবা ক’ব লগা আছে যদি কৈ নেপেলাৱ নো কিয়?

ৰংদৈ।— বাৰু, কওঁ আইদেউ! এনেকৈ ডাঙৰ কথা, এনেকৈ নিচেই সৰু কথা।

চম্পা।— তোৰ এবেগেতীয়া পাতনিখন মেলিব নেলাগেচোন বাৰু। কচোন, কিনো ডাঙৰ কথা, কিনো সৰু কথা।

ৰংদৈ।— আইদেউ, বাটৰুৱা চেঙ্গেৰা ডেকা এটাই দুটোম সোণৰ মোহৰ ভাৰ বান্ধি লৈ ফুৰিছে। ভাৰত হেনো একলাখ এহেজাৰ এশ সোণৰ মোহৰ আছে।

চম্পা।— পিচে? আমাৰ হ’ল কি?

ৰংদৈ – পিচে, আইদেউ, তাক হেনো আজি যেয়ে মনৰ জোখায় ভাত এসাঁজ খুৱাব, তাকে মোহৰ খিনি দি যাব।

চম্পা।— (হাঁহি মাৰি) বেটী পাগলী! হেৰ, বাটৰুৱা ডেকা এটাই অতবোৰ সোণৰ মোহৰ ক’ত পাব! আৰু জানিবা পালেই এসাঁজ ভাতত এক লাখ সোণৰ মোহৰ দিবলৈ ওলোৱা বলিয়া কোন আছে?

ৰংদৈ।— এ আই! আইদেৱে মিছা যেন ভাবিছে। সৌটো নহয়, ভাৰে সৈতে বাটচ’ৰাতে বহি আছে। লাগিলে, এতিয়াই মাতি আনিবগৈ পাৰোঁ।

চম্পা।— (আচৰিত হৈ মনতে) কিনো কথা বোলে! ইনো ক’ৰ বাটৰ বলিয়া ওলালহি! (ফুটাই) বাৰু, চাওঁৱেইচোন আন মাতি বুলনিলৈকে। ময়ো গৈছোঁ তালৈকে।

ৰংদৈ।— ভাল আইদেউ! মই এতিয়া আনোগৈ মাতি। আপুনি বুলনিতে বহকগৈ।

      (দুইৰো দুফালে প্ৰস্থান)

⸺●●●⸺
[ ৪৭ ]
দ্বিতীয় পট,—চম্পাৱতীৰ বুলনি ঘৰ।

চম্পা।— (প্ৰৱেশ) কিনো কথাঐ! ক’ৰনো ডেকা ওলালেহি এইটো? অতবোৰ সোণৰ মোহৰ সি পাব ক’ত? মিছা বুলিবলৈকো, ৰংদৈৰ মুখৰ কথা। তাই কেতিয়াও মোৰ আগত মিছা কথা নকয় আৰু তাই তেনে চতৰ-বতৰ তিৰোতা নহয়। (টলকা মাৰি ৰৈ) বাৰু, সঁচাই যেনিবা; মতাইছোঁ নো কিয়? সামান্য মানুহৰ দৰে আমি তো আৰু বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ধন লব নোৱাৰোঁ। লোকে শুনিলে কি বুলিব! নাক-কাণ কটা কথা!

     (টেটোনৰ সৈতে ৰংদৈৰ প্ৰৱেশ)

ৰংদৈ।— এইটো, আইদেউ, চাওক; মিছা ভাবিছিলে।

টেটোন।— (কানৰ পৰা ধনৰ ভাৰখন পেলাই) উঃ! হৰি গুৰু বান্ধৱ কৃষ্ণ গোৱিন্দ মোৰ স্বোৱামী! ৰাম, ৰাম, ৰাম! এ, এই ঘৰত বহিবৰো দিহা নাই! (ওচৰতে তুলি থোৱা বৰপীৰাখন নিজে পাৰি লৈ বহে।)

চম্পা।— (সামান্য মানুহ টেটোনক বৰপীৰাত বহা দেখি লাজ পাই আঁতৰি যাব খোজে) হৈছে আৰু, দেখিলোঁ। ৰংদৈ, তাক যাবলৈ ক।

টেটোন।— ই এ! ‘যাবলৈ ক’ আকৌ কি! ভাত এসাঁজ খুৱাই ধনখিনি ল’বলৈ মাতিছে বুলি মাতি আনিছে। এতিয়া আকৌ টাং-বাংখন কিহৰ? মানুহক এইদৰে লাঞ্ছনা কৰাটো জানো ভাল মানুহৰ দস্তুৰ? নেলাগে যদি, অইনৰ ঘৰত দিমগৈ, কি আছে! এক লাখ সোণৰ মোহৰ দিনো ভাত এসাঁজ নেপাম বুলি জানিছা নে? তথাপি, বাটৰুৱা মানুহক এইদৰে লঘু কৰিবহি নালাগে। মই হ’লে এই কথা ঘৰে ঘৰে বিকাই ফুৰিম! [ ৪৮ ] চম্পা।— (মনতে) ঔ আই! ইয়াৰ মুখখন দেখোন লাওপাতকচুপাত! ই বিকাব লাগিলে মোৰ নাক-কাণ নাথাকে আৰু! তাতোকৈ দেউতাই শুনিব লাগিলে হে মৰিলোঁ! (ফুটাই) বাৰু, ৰংদৈ, সোধচোন, সিনো ক’ত পালে ইমানখিনি ধন।

টেটোন।— ‘ই’ ‘সি’ কৰাটো ভাল নেদেখায়! লাখটকীয়া ভাত এসাঁজ খোৱা মানুহ এজনৰ মান-মৰ্যাদালৈ চাব লাগে। এই ধনেৰে কোনে মান ধৰিছে জানিছা নে? —ন্যায়সোধা ফুকন ডাঙৰীয়াই।

ৰংদৈ।— ঔ আই! আইদেউ, ঘৰৰে ধন দেখোন।

চম্পা।— (ৰংদৈৰ প্ৰতি) বাৰু, তই থাক মনে—মনে! (টেটোনৰ প্ৰতি) ডাঙৰীয়াই নো অতখিনি ধন দি কিয় মান ধৰিলে? ন্যায়সোধা ফুকনৰ মান খোৱা মানুহ আজি হে দেখিলোঁ।

টেটোন।— (হাঁহি মাৰি) হুঁঃ, ইমানতে আচৰিত হ’ব নালাগে। ডাঙৰীয়াই ইয়াতকৈও ডাঙৰ মান আমালৈ থৈছে হ’বলা।

ৰংদৈ।— বাৰু, থোৱাঁ সেইবোৰ কথা। তুমি এতিয়া ইমানবোৰ ধনেৰে কৰিবা কি?

টেটোন।— কৈছোঁ নহয়, বোলোঁ যেয়ে আজি মোক মনৰ জোখায় ভাত এসাঁজ খুৱাব, তাকে ধনভাৰ দি যাম।

ৰংদৈ।— আইদেউ! ঘৰৰে ধনখিনি! অলপ কথাতে যায় এতিয়া!

চম্পা।— এই জনী পাগলী হ’ল নেকি? ঘৰৰ ধন হ’ল বুলি এতিয়া বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ল’ব পাৰি নে? তাৰ মুখেই কাইলৈ গোটেইখনত ফাটি-ফুটি নোলাব নে?

টেটোন।— সন্তোষ মনেৰে যাচি দিয়া হয় যদি, বাটৰুৱাৰ ধন ল’লে নো কি দায় আছে? আৰু, এইটো বিকাবলগীয়া কথা নহয়। ভাত সাঁজ মনোমত হয় যদি বিকাম কিয়?

ৰংদৈ।— এৰা, আইদেউ, কোনে নো জানিব? তেওঁ ভাৰ লৈ ভিতৰলৈ অহা কোনেও দেখা নাই! [ ৪৯ ] টটোন।— আৰু, এই ভাৰখনত ধনেই আছে নে বস্তুৱেই আছে, মই কাকো ক’বলৈকে পোৱা নাই নহয়। পোনেই ওলাই আহিয়েই তোকে হে দেখা পাইছিলোঁহি বাই! ভাতসাঁজ আৰু ধনগালৰ কথা ইয়াতে হে যি ওলাল, আনক ক’বলৈ নো কি দৰকাৰ পৰিছে?

চম্পা।— (মনতে) আন কেৱে নাজানিলে ৰাখিব পাৰি হবলা ধনখিনি! (ফুটাই) বাৰু, দে দিহা লগাই, খাওক এসাঁজ।

ৰংদৈ।— বাৰু, কওঁগৈ তেনেহলে চাংমাইক ভাত দিবলৈ।

টেটোন।— ঔ ৰাম! পোনেই ভাত বুলিয়েই ভাত নে? এই ফালে মানুহৰ গা-পা ধোৱাৰ দস্তুৰ নাই হবলা?

চম্পা।— ৰংদৈ, পানী দে বাৰু, গা ধুই লওক।

ৰংদৈ।— সৌৱা নহয় পানী। চোঁতালৰ আগত দিয়াই আছে। ধুলেগৈয়ে হয়।

টেটোন।— ধুলেই হয় নুবুলি, ধুৱালেই হয় বুলিলে হে আছিল ভাল। লাখটকীয়া ভাতৰ পাতত বহিবলৈ আকৌ নিজে গা ধুব লাগিব নে?

ৰংদৈ।— অ, মই ধুৱাই দিব লাগে?

টেটোন।— বাৰু, তয়ে লাখটকীয়া আইদেউ হব পাৰ যদি, দেহি ধুৱাই, একো কথা নাই।

ৰংদৈ।— এ, আমি কেনেকৈ হম আইদেউ। আমাৰ ইমানটো ভাইগ্‌, কাহানি হব! পিচে, আইদেউ! কি বোলে এতিয়া? মোৰ মনেৰে দিয়কগৈ পানীকলহ ঢালি, কোনে নো দেখিবলৈ আহিছে? (টেটোনক) ভকত। যোৱাঁ, বহাঁগৈ সৌ গা-ধোৱা পীৰাতে। মই যাওঁ, ভাত আনিবলৈ কওঁগৈ। (ৰংদৈৰ প্ৰস্থান, টেটোনে গাৰ কাপোৰ-কানি থৈ গা ধুবলৈ ভিতৰ সোমাই বহেগৈ)।

চম্পা।— (নেপথ্যত, ইফালে-সিফালে চাই লৰালৰিকৈ গৈ পানী ঢালি দি আহি লাজত তলমূৰকৈ এফলীয়া হৈ ৰয়।) [ ৫০ ] টেটোন।— (নেপথ্যত) অহ! আজি হে শুচি হ’লোঁ! আজি মোৰ শিৰত শান্তিপানী পৰিল! (ডাঙৰকৈ) এইখন দেশত তিতা-তিয়নীৰেই থাকে হ’বলা মানুহ? (ৰংদৈ আৰু চাংমাইৰ প্ৰৱেশ। ভাত সজাই থৈ চাংমাইৰ প্ৰস্থান)

ৰংদৈ।— (বাহিৰৰ পৰা) কি হৈছে, কি হৈছে?

টেটোন।— (নেপথ্যৰ পৰা) বোলোঁ, তিতা-তিয়নীৰেই ভাতৰ পাতত বহিবলৈ লাগিব নে?

চম্পা।— ৰংদৈ, তাৰ চুৰিয়াখন আনি দে।

ৰংদৈ।— (চুৰিয়া নি নেপথ্যত দাঙি ধৰি) সলোৱাঁ এইখন।

টেটোন।— (নেপথ্যত) ইঃ! লাখটকীয়া ভাতৰ পাতত বহিবলৈ মই এতিয়া নিজে হে তিয়নী সলাই যাম?

ৰংদৈ।— (নেপথ্যত) অ, মই সলাই দিবগৈ লাগে?

টেটোন।— লাখ টকীয়া আইদেউ হ’বলৈ তোৰ ভাইগ্ নাই বুলিছ নহয়?

ৰংদৈ।— (নেপথ্যত) আইদেউ! শুনিছেই নহয়? গা ধুৱাই দিলেই; দিয়কহি চুৰিয়াখনো সলাই, কোনে নো দেখিবলৈ আহিছে?

চম্পা।— চুচুক-চামাককৈ কাষ চাপি গৈ চকু-আঁখি মুদি তিয়নী সলাই দি আহি লাজত মুছ্‌কঁছ্‌ যায়!)

(আৰু পট দাঙ্গি দিয়া হয়)

ৰংদৈ।— সৌৱা, বহাঁগৈ এতিয়া ভাতৰ পাতত। (টেটোনে পলম কৰা দেখি) যোৱাঁ আকৌ, কি গুণিছাঁ? এতিয়া ধনলৈ মোহ লাগিছে হ’বলা?

টেটোন।—বহোঁগৈ বাৰু। ধনৰ মোহ নাই আৰু; মোহ বাঢ়িছে ধনৰ গৰাকীয়নীলৈ হে। (লাহে লাহে গৈ ভাতৰ পাতত বহি ৰৈ থাকে)।

ৰংদৈ।— খোৱাঁ আকৌ, ৰৈ আছাঁ কেলেই? তোমাৰ আল-পৈচান ধৰি আৰু আমনি লাগিছেহি দেও! [ ৫১ ] টেটোন।— ইমানতে আমনি! একলাখ টকাৰ ভাতগাল আগত পাইছোঁ, তাকো এতিয়া মই নিজে হে খাব লাগে?

ৰংদৈ।— কিনো বিলায়ে পালে! আইদেউ, কি কৰে এতিয়া? গোটকড়াই গোটে গোটে চোবাই গুৰি কড়াইত দাঁত ভাঙ্গে নে এতিয়া? দিয়কগৈ খুৱাই এগৰ্হা, কোনে নো দেখিবহি?

চম্পা।— (আপোনা-আপুনি) আজি মোৰ গ্ৰহ মন্দ! (অগত্যা এখুজি-দুখুজিকৈ গৈ ভাত এগৰ্হা কটিয়াই দি আঁতৰি আহে)

টেটোন।— (বাকী ভাত নিজে খাই উঠি তিনিটা ফুটাই উগাৰ মাৰি, তামুলি পীৰাখন পাৰি বহেগৈ) উঃ ৰাম! খুৱালে ভাতসাঁজ যি খুৱাব লাগে। আজিহে মোৰ আত্মা তুষ্ট হ’ল। এক লাখ টকাতকৈও লাখগুণে দৰৰ ভাতসাঁজ পোৱা গ’ল।

ৰংদৈ।— (বটালৈ আঙ্গুলিয়াই) সেয়া তাৰে এখন খোৱাঁ। যাবাগৈহে এতিয়া দেই।

টেটোন।— এৰা, গৰু-চোৰ হ’বলৈ ভাল হ’ল, পঘা ধৰিবলৈ লাজ লাগিছে? ভাত খুৱাই দি তামোলখন খুৱাবলৈ টান পাব নালাগে। নহ’লে এফেৰি মানতে এতিয়া ভাতসাঁজ মোৰ মনৰ জোখাই নহ’ব পিছে।

ৰংদৈ।—আইদেউ! তেনে হ’লেতো সোপাই গ’ল। দিয়কহি খুৱাই নেদেখে কোনেও।

চম্পা।— (চকু-আঁখি মুদি তামোল এখন টেটোনৰ মুখত গুজি দি আঁতৰি ভিতৰলৈ লৰ মাৰে)

ৰংদৈ।— এৰা, আইদেউ গ’লেই। ময়ো যাওঁ, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!

টেটোন।— বাৰু, ময়ো যাওঁ; আকৌ আহিম। সেই ধনৰ টোম দুটা সুমুৱাই থ’বলৈ ক’বি আইদেৱৰাক।      (প্ৰস্থান) [ ৫২ ] ৰংদৈ।— ঔ আই! এতিয়াহে মৰিলোঁ! আকৌ আহিব হেনো!

(চম্পাৰ পুনঃ প্ৰৱেশ)

চম্পা।— হেৰ ৰংদৈ, গ’ল নে? গ’ল নে? সেই আপদটো গ’ল নে?

ৰংদৈ।— আইদেউ। আপদ বেগাই নেৰাইছে এথোন। আকৌ আহিব বুলি হে কৈ গৈছে।

চম্পা।— বাৰু, আহকগৈ, এইবাৰ সি বাটচ’ৰাৰে পৰা গঁটা খাব।

ৰংদৈ।— এৰা, কিনো আপদটো চাপিছিলহি জানো। খাবলৈ পাই তাৰ নটা লাগিল।

চম্পা।— বাৰু, থ এইবোৰ কথা। চুৱা ধুই ঠাইখন সাৰি-পুছি চফা কৰ। চাওঁ, ধনখিনি মই থৈ দিওঁগৈ। ইয়াৰ বাবেই আজি অত লাঞ্ছনা! (টোম এটা দাঙ্গি চাই) আও লৰাবই নোৱাৰি! (কেঁকো-জেকোকৈ ধনৰ টোম দুটা দুবেলি ভিতৰলৈ চোঁচৰাই লৈ যায়।)

ৰংদৈ।— (চুৱা ধুই, ঠাই সাৰি, বাটি-কাঁহী, ধৰা-পীৰা এটা-এটাকৈ ভিতৰলৈ নি ভোৰ্‌ভোৰায়) ভাল জানিবা বেলি-দুপৰলৈকে পেটুনাড়ী ছিঙ্গি মৰিবলৈ কণা-বিধাতাই লিখিলে! নেওচা-কেওচা দিবলৈ বহি, মৰিও নেযাওঁ।

      (প্ৰস্থান)

⸺○○|○|○○⸺
[ ৫৩ ]
তৃতীয় পট,—

ৰজাৰ বিচাৰ-চৰা।

(ৰজা আৰু ন্যায়সোধা ফুকন)

ৰজা।— ডাঙৰীয়া, আজি কেইদিনমানৰ পৰা তোমাক বৰ চিন্তাযুক্ত দেখিছোঁ দেখোন?

ফুকন।— সঁচা স্বৰ্গদেও! আজি কিছুমান দিনৰপৰা মোৰ গ্ৰহমন্দ হোৱা যেন পাইছোঁ। আৰু, কেইদিনমানৰ পৰা তাৰ অশুভ ফল ফলিয়াবলৈ ধৰিছে। সেই কাৰণে, আজিকালি মোক গা-মন ভাল পোৱা নাই।

ৰজা।— হওঁতে হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছোঁ। কিয়নো গা-মন ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাই নে?

ফুকন।— কিয় নুবুজিম স্বৰ্গদেৱ। দেখিছেই নহয়, সিদিনা অবাবত সিমানখিনি ধন ভৰণি হ’ল।

ৰজা।— অ, নহয়, সেই বাবে তুমি খেদ নকৰিবা। তুমি অবাবত ভৰণি বুলিছাঁ, কিন্তু তাৰ কিবা এফেৰি মহৎ উদ্দেশ্য আছে। ‘যি কৰে ঈশ্বৰে, মানুহৰ ভাললৈ হে।’ এই কথাৰ ওপৰত বিশ্বাস ৰাখি চলিবাঁ, অৱশ্যে গা-মন ভাল পাবাঁ।

ফুকন।— স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু, মনে যে নামানে।

ৰজা।— মানিব লাগিব মনে। তুমি বেচকৈ বুজিবাঁ, ডাঙৰীয়া সকলো অভ্যাসৰ তল।

ফুকন।— ভাল, স্বৰ্গদেৱৰ উপদেশ শিৰেধাৰ্য।

ৰজা।— তোমাৰ সংকল্প যেন সফল হয়। [ ৫৪ ]
(টেটোনৰ প্ৰৱেশ)

টেটোন।— (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া-দেউতা!

ফুকন।— (চঁক্‌খাই উঠি, মনে মনে) পালেহি আকৌ আপদটোৱে। আজি বা আছে কপালত কি, ঈশ্বৰে হে জানে। (ফুটাই) হেৰ, কোন্ তই? কিয় আহিছ?

টেটোন।— (মনতে) ঔ ৰাম! আজিচোন একেটা উশাহতে দুটা প্ৰশ্ন! (ফুটাই) ডাঙৰীয়া-দেউতাই ওপৰলৈ উধাইছেমানে তললৈ নমনা হৈ হে গৈছে। দেউতাই মোক চিন্‌ ধৰিব পৰা নাই নে? মই সেই যে মই। এইবাৰৰে সৈতে তিনিবাৰে নিবাৰ কৰোঁগৈ বুলি আহিছোঁ।

ৰজা।— অ, মই চিনিছোঁ তাক। সেই তিনিখনীয়া গোচৰত পৰা টেটোন বোলা ডেকাটো। আৰু, সিদিনা, ডাঙৰীয়া, তোমাৰপৰা যে একলাখ টকা লাভ কৰিছিল, সেই ডেকাটোৱেই এইটো।

টেটোন।— এৰা! স্বৰ্গদেৱ–ঈশ্বৰ হ’লে উধাইছেমানে তললৈ মনা গুণটি চৰি হে আহিছে। স্বৰ্গদেৱে বন্দীৰ নামটোও মনত ৰাখিছে। মোৰ বৰ ভাগ্য!

ৰজা।— হেৰ কটা, তোৰ নামেই টেটোন নহয় নে?

টেটোন।— হয়, স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো বন্দীৰ নাম নেপাহৰে যেন।

ফুকন।— (মনতে) আজি ই তিনিবাৰে নিবাৰ কৰে নে, মোক নিপাত কৰে বুজিব পৰা নাই। মাত মাতিলেই মোৰ মতিভ্ৰম হবলৈ ধৰে দেখোন! যি হওক, বিপদত ধৈৰ্য্য ধৰাই হে যুক্তি। (ফুটাই) হেৰ কটা, তই ঘনাই আহিছ কিয়? তোৰ উদ্দেশ্য কি?

টেটোন।— এ, শুনিছোঁ স্বৰ্গদেৱৰ দিনত বোলে প্ৰজাই ‘ৰামৰ ৰাইজ’ পোৱাদি পাইছে। যাৰ যি বিচাৰ কৰাব লাগে, তাক ততালিকে আৰু নিয়াৰিকৈ সুধিবৰ নিয়ম হৈছে বোলে। পিছে, এবাৰতকৈ যে [ ৫৫ ] আৰুবাৰ আহিবৰ নিয়ম নাই, সেইটো মই নেজানো। নিয়ম নাই যদি, এতিয়াও গুচি যাওঁ তেন্তে, কি আছে!

ৰজা।— অ, নহয়। বিচাৰৰ নিমিত্তে মোৰ চ’ৰালৈ কুৰিবাৰ আহিলেও হানি নাই। ডাঙৰীয়া, সোধাঁ, তাৰ কি ক’বলৈ আছে।

ফুকন।—(আতঙ্ক চিতেৰে) বাৰু, কচোন হেৰ, তোক কি লাগে।

টেটোন।— (মনতে) লাগে ডাঙৰ বস্তুকে। সিবাৰতকৈ লাখ লাখ গুণে ডাঙৰ। (ফুটাই) খৰ-ধৰ নকৰিব, দেউতা, ধীৰে-শাঁতে শুনক। মই গোটাচেৰেক আউল-লগা কথা মীমাংসা কৰাবলৈ আহিছোঁ।

ফুকন।— (অধৈৰ্য আৰু আওকণীয়া হৈ) বাৰু কৈ যা কি ক’ব লগা আছে।

টেটোন।— এটা এটাকৈহে জনাব পৰা হ’ব। বাৰু, এটা এটাকৈহে মীমাংসা কৰিব লাগিব।

ফুকন।— বাৰু, তই কৈ যাচোন।

টেটোন।—– ভাল দেউতা-ঈশ্বৰ! পোনেই সোধোঁ, কাক কোনে গা-ধুৱাই দিয়ে?

ফুকন।— আপদে-বিপদে বা ৰঙ্গে-ধেমালিয়ে ঘৈণীয়েকে নিজৰ গিৰীয়েকক গা ধুৱাই দিব পাৰে। কিনো বৰ কথাটো, তাকে ৰজাৰ আগত বিচাৰিবলৈ আনিলি?

টেটোন।— নহয় দেউতা, ৰজাৰ আগত কোৱা কথা বুলিলে শিলৰ ৰেখা যেন হয়। সেই হে–

ৰজা।— বাৰু, সোধাত বেয়া হোৱা নাই।

ফুকন।— আৰু, তাৰ পিচে?

টেটোন।— তাৰ পিচে, দেউতা-ঈশ্বৰ, কাক কোনে তিয়নী সলাই দিয়ে? [ ৫৬ ] ফুকন।— (অলপ হাঁহি) সেইটো আৰু নিজৰ ঘৈণীয়েকত বাজে কোনে কৰিব?

টেটোন।— ভাল দেউতা, আমনি নেপাব, আকৌ সোধো, কাক কোনে ভাত খুৱাই দিয়ে?

ফুকন।— সেইটোও একে লগৰে কথা।

টেটোন।— তাৰ পিচে, দেউতা-ঈশ্বৰ! কাক কোনে তামুলীপীৰাত বহুৱাই তামোল খুৱাই দিয়ে?

ফুকন।— এঃ একেবিধ কথাকে কি পাগুলি থাকে এইটোৱে! হেৰ! সেইটো ব্যৱহাৰ বিষয়ানীয়ে বিষয়াক কৰে।

টেটোন – আৰু এটা হে আছেগৈ, দেউতা, আমনি নেপাব, বোলোঁ, কাৰ ধন-সোণ কোনে সামৰি থয়। হ’ল আৰু, দেউতা, খতম্।

ফুকন।— হেৰ, সেইটো নিজৰ গৃহিণীৰ কৰ্ম্ম। তাকো সুধিব লাগিছে নে?

টেটোন।— ভাল, এতিয়া সোধোঁ, মোৰ প্ৰতিও ওপৰত কোৱাৰ নিচিনা ব্যৱহাৰ কোনোবাই কৰে যদি, তেওঁ মোৰ কি হ’ব?

ৰজা।— (হাঁহি মাৰি) কটা, ই বৰ ধেমেলীয়া ডেকা! হেৰ, ময়ে কৈছোঁ, তেনে জনী তোৰ ঘৈণী হ’ব।

টেটোন।— ভাল, স্বৰ্গদেৱৰ কথা যেতিয়া শিলৰ ৰেখা হ’ল। পিছে, মাৰক বা কাটক, এতিয়া আচল কথা কওঁ, ডাঙৰীয়া-দেউতাৰ লগত বন্দীৰ জোঁৱাই সম্বন্ধ ঘটিছে।

ফুকন।— (জ্বলি উঠি) ঔ কটা, চুৱাখোৱা কুকুৰে চল পাই চুবলৈকে আহ দেখোন!

টেটোন।— দেউতা, খং কৰে কিয়? মই ইয়াৰ আগেয়ে কৈ অহা কথা খিনিৰ সম্ভেদ লৈ চালেই বুজিব, এই নিচলা ডাঙৰীয়াৰ ঘৰ-জোঁৱাই হওঁ নে নহওঁ। সৰহ নকওঁ, ডাঙৰীয়াৰ পৰা মই সিদিনা নিয়া [ ৫৭ ] একলাখ-এহেজাৰ-এশ মূল্যৰ সোণৰ মোহৰ কাৰ পেৰাত ওলায়, ঘৰলৈ গৈ চালেই হ’ব।

ফুকন।— (উগ্ৰমূৰ্ত্তি ধৰি) ঔ কটা, তই ইমান পালিহি। ইমান কথা ক’বলৈ তোৰ সাহ। এতিয়াই যমপুৰীলৈ পঠিয়াম বুলি জনা নাই তই!   (মাৰিবলৈ উঠি যায়)

ৰজা।— ক্ষান্ত হোৱাঁ ডাঙৰীয়া। মোৰ কথা শুনা। সি ভালেই কৈছে। তুমি আগেয়ে কথাবোৰৰ আচল তত্ত্ব লৈ চোৱাঁ। যদি তাৰ কথা সত্য হয়, তেন্তে তুমি খং কৰা মিছা।

ফুকন।— কিনো ক’ম স্বৰ্গদেৱ। এতিয়াহে মোৰ ভাল খ্যাতি আছিল! ইয়াতকৈ মই মৰি যোৱাই ভাল।

ৰজা।— আক্ষেপ নকৰিবাঁ ডাঙৰীয়া। মই কৈছোঁ নহয়, বোলোঁ, যি কৰে ঈশ্বৰে, মানুহৰ ভালৰ নিমিত্তে হে। ইয়াৰ পৰা কি জানি তোমাৰ কিবা ভাল হ’বলৈ হে আছে। অধৈৰ্য নহ'বাঁ।

ফুকন।— (অলপ শান্তমুৱা হৈ) যি বোলে স্বৰ্গদেৱে। মই নো কি মাতিম আৰু!

ৰজা।— আৰু এটা কথালৈ মন কৰিছা নে?—ডেকাটিৰ কেনে বিচক্ষণ বুদ্ধি। বুদ্ধিৰ বলত অসম্ভৱ সম্ভৱ হয়। আৰু, ইয়াৰ নিচিনা অকাট্য যুক্তি কেইটাৰপৰা শুনিবলৈ পাইছিলা? মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয়। ই নিশ্চয় বকৰাণিত গজা ভাল আমৰ পুলি। আৰু, ই বুদ্ধিৰ বলত যে তোমাৰ ঘৰত গৈ তামুলিপীৰা পালে, সেইবাবে ইয়াক আজিৰপৰা মই ‘তামুলি’ খিতাপ দিলোঁ। এতিয়াৰ পৰা ইয়াৰ নাম ‘টেটোন-তামুলি’ হ’ল। আশা কৰোঁ, এতিয়া আৰু তোমাৰ আইদেউক এই ডেকালৈ বিয়া দিয়াত তোমাৰ কোনো আপত্তি নাথাকিব। লোক নিন্দালৈকো নহ’ব। কিয়নো, এইটো ৰাজ-উপদেশ হ’ল। [ ৫৮ ] ফুকন।— (আনন্দ মনেৰে) ভাল, স্বৰ্গদেৱে ভাল বুলিলে নো আৰু বেয়া বোলোঁতা কোন্‌ আছে। বোলে, ‘‘ৰজাই ভাল দেখে যাক, ভেঁটিও নেলাগে তাক।’’ মোৰ মন এতিয়া মুকলি লাগিছে, স্বৰ্গদেৱ।

ৰজা।— ডেকা-তামুলিয়ে এতিয়া ডাঙৰীয়াৰ লগতে তেওঁৰ ঘৰলৈ গৈ, যথাবিধি শুভ কাৰ্য্য সমাধা কৰিবলৈ ধৰাঁগৈ।

টেটোন।— ভাল, স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো এই অনুগ্ৰহৰ ধাৰ নিছিগে যেন! ডাঙৰীয়া দেউতা আজিৰ পৰা মোৰ ধৰম পিতৃ-দেৱতা হ’ল।


—🟍🟍🟍—
অঙ্কপাত।
—🟍🟍🟍—