চিকাৰ কাহিনী/গাৰো পৰ্বতত হাতী বিচাৰি আমি

[ ১৯ ]

গাৰো পৰ্বতত হাতী বিচাৰি আমি

প্ৰথম খণ্ড

 আমি, মানে ডেকা চিকাৰী শ্ৰীমান জ্যোৎস্নানাথ চৌধুৰী মেছপাড়াৰ জমিদাৰ আৰু মই। তেওঁ আচলতে ভাল চিকাৰী;আগেয়ে দুটা মখনা হাতী মাৰিছে আৰু বাঘো মাৰিছে একুৰিমান। তেওঁৰ বয়স দুকুৰিতকৈ কম; মোৰ বয়স তিনিকুৰিৰ ওচৰ চাপিছে। ময়ো পৰ্বতত হাতী মাৰিবলৈ ওলোৱা শুনি কিছুমানে নিৰস্ত কৰিবলৈ চেষ্টা কৰিছিল আৰু কিছুমানে মিচিকিয়াই হাঁহিছিল; হাঁহিৰ অৰ্থ,“বুঢ়াই কিদৰে আওমৰণে মৰে চোৱাহঁক।” হাতী চিকাৰ মানে হাতী মৰা আৰু হাতী ধৰা; লগতে কষ্ট স্বীকাৰো যথেষ্ট পৰিমাণে আছে। আমি হাতী মাৰিবলৈ অনুমতি লৈছিলো—নহলে ধৰাত বা মৰাত, দুয়োটাতে জগৰ।

 কষ্ট স্বীকাৰ কৰিব নোৱাৰিলে আৰু বুকু ডাঠ নহলে মনৰ বেগত হাতী মাৰিবলৈ কোনো নোলায় যেন–এয়েই মোৰ সৰল গোহাৰি। শ্ৰীযুত অনিলকুমাৰ অধিকাৰী গাৰো পৰ্বতৰ জংঘলী বিভাগৰ ডিপুটী কন্‌জাৰভেটৰ; তেখেতৰ নিমন্ত্ৰণতেই হাতী মাৰিবলৈ ওলাইছিলোঁ। আমি ৫টা হাতী লৈ লক্ষ্মীপুৰৰপৰা বৃহস্পতিবাৰে ১ মান বজাত যাত্ৰা কৰিলোঁ। হাতীয়েপতি তিনিজনকৈ মানুহ—এজন ফান্দী,এজন মাউত আৰু এজন ঘাঁহী। মোৰ লগত এজন লগুৱা,এজন ৰান্ধনি আৰু এজন আলধৰা; জ্যোৎস্নাৰ লগত এজন চাকৰ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান, কাৰণ, পৰ্বতীয়া গাৰোৱে ভৈয়ামৰ কথা সমুলি নুবুজে। চাউল-দালি-লোণ-তেল আদি সাধাৰণ খোৱা-লোৱা বস্তু ১৫ দিনমানৰ সম্ভাৰ লগত লোৱা হ'ল আৰু ললোঁ [ ২০ ] দুয়োৰো কাৰণে দুটা “চোল্‌দাৰী” বা সৰু টম্বু। বাকীবোৰ মানুহৰ কাৰণে ত্ৰিপাল লোৱা হল। আমি হাতীত উঠিলোঁ; সৰহভাগ মানুহ খোজকাঢ়ি গ'ল। প্ৰথমদিনা গধূলি ৫॥ মান বজাত ফোটা-মাটি নামে এখন ঠাইত ধুৰা পেলালোঁ অৰ্থাৎ কেম্প কৰিলোঁ। এজন ফান্দীয়ে নামিয়েই এঘটি পানী আনিলে আৰু পানী ছটিয়াই জুই ধৰিলে। তাৰ পিচতহে বস্তুবোৰ নমোৱা হল। ধুৰা পেলালেই এই নিয়ম ৰক্ষা কৰা দেখা যায়, স্থান-সংস্কাৰ আৰু অপদেৱতা দূৰ কৰাৰ কাৰণেই এই অনুষ্ঠান বুলি সোধাত কলে।বস্তুবোৰ নমাই দিয়েই শুকান খৰি গোটাবলৈ হাতী যায় আৰু খন্তেকতে পৰ্বত প্ৰমাণ শুকান কাঠ আনি দুট৷ ধুনি জ্বলোৱা হয়, এটা আমাৰ আৰু আনটো আনবিলাকৰ। সেই সময়ত জাৰো অতিপাত আৰু বনৰীয়া হাতীৰো ভয়; ওৰেও নিশা জুই ধৰি ৰখীয়া থাকিব লাগে। ‘ফোটা-মাটি'—ভৈয়ামত; তাতে সপ্তাহত এবাৰকৈ হাট বহে। গাৰো হাটত আলু, কচু, শুকান মাছ, মণিয়াৰী আৰু কপাহ ওলায়।
 আমি ঘূৰি-পকি যিমান দূৰ দেখিলোঁ তাত গাৰো পৰ্বত বুলিলে গাৰো আৰু হাতীত বাজে আন জীৱ-জন্তু থকাৰ একো চিন বা প্ৰমাণ নাপালোঁ। পৰ্বতত হৰিণাপহু নাপালেও শৰ আৰু সুগৰী ধুৰুপ পাম বুলি ধৰি লৈছিলো, কিয়নো, হাতী ধৰিবলৈ যোৱা ফান্দীৰপৰা তাত পালে পালে পহুৰ কথা সৰুৰেপৰা ইমান শুনিছিলোঁ যে কম পক্ষেও দহ-বাৰ গণ্ডা মাৰিব পাৰিম তাত আমাৰ এখুদমানো সন্দেহ নাছিল। কিন্তু আচলতে কপৌ চৰাই এটিও বিচাৰি নাপাই কচু-কোমোৰাৰ বাবে গাৰোৰ অনুগ্ৰহপ্ৰাৰ্থী হবলগীয়া হ'ল। শুনা আৰু দেখাৰ ভিতৰত ইমান প্ৰভেদ।
 পৰ্বতৰ টিঙত কাছকণী বিচৰা আৰু জীয়া মাছ বিচৰা একেই কথা। কিন্তু হঠাতে এদিন দেখিলোঁ, কেম্পৰ দাঁতিৰ নৈখনত মাছ মাৰিবলৈ সৰু সৰু টনি-জাল লৈ গাৰো উপস্থিত; তম্বুৰপৰা ওলাই অতি আগ্ৰহেৰে আমিও ওচৰ চাপিলোঁ। পানী আঠুৱনীয়া, ধাৰো [ ২১ ] আছে, কিন্তু অতি নিৰ্মল, ফট্‌ফটীয়া। জাল পেলাই থলে মাছ জাল দেখি নাহে। সেই কাৰণে কেজনমানে জাল পাতে আৰু কিছুমানে অলপ দূৰৰপৰা মাছ খেদি আনে। জালৰ ওপৰেদি লৰ মাৰি যাব ধৰোঁতেই জাল তুলিলে কিছু মাছ ৰৈ যায়। পোৱা মাছৰ ভিতৰত চেনিপুঠি মাছকেই সৰহ দেখিলোঁ। আমাৰ মুখলৈ চাই মাছ খোজাৰ আগ্ৰহ স্পষ্ট বিদ্যমান দেখি ইচ্ছাই অনিচ্ছাই সিহঁতে আমাকো কিছুমান নিদি নোৱাৰিলে। ব্ৰহ্মপুত্ৰৰ পাৰতে মোৰ বসতি, জাতিত ব্ৰাহ্মণ হৈয়ো মাছমৰীয়া বুলি মোৰ অলপ কুখ্যাতিও আছে, কিন্তু সেইদিনা ওখ পৰ্বতৰ টিঙত মাছ ধৰা দেখি আৰু খাবলৈ পাই কিমান যে সন্তোষ পালোঁ তাক প্ৰকাশ কৰা টান।
 গাৰোৰ প্ৰধান খাদ্য ভাত আৰু প্ৰধান আঞ্জা শুকান মাছ। শুকান মাছ হাটৰপৰা আনি সাঁচি থয় আৰু তাৰে কিছু মাছ গুৰি কৰি চুঙাত ভৰাই মাটিত পুতি থয়, তাকে “সিদল” বোলে আৰু সেয়েই গাৰোৰ সুৱদি আঞ্জা।
 উত্তম কচু-কোমোৰা যথেষ্ট পৰিমাণে পায় আৰু সেইবিলাককে বেচি হাত খৰচ উলিয়ায়। কিন্তু কপাহেই গাৰোৰ প্ৰধান খেতি। খোৱাৰ বাবে সিহঁতে ধানৰ খেতিও কিছু পৰিমাণে কৰে। সেই ধানেৰে সিহঁতক নোজোৰে। ধানখেতিৰ বিশেষত্ব হৈছে ধান নাকাটি থোকবোৰ হাতেৰে চুচি গুটি ধান সংগ্ৰহ কৰা।
 কপাহ নি হাটত বেচে আৰু সেই কপাহ হয় দালালে কিনে,নহয় বেইলি ব্ৰাদাৰ্ছৰ মানুহে লয়। কপাহ সৰু সৰু খাঙত তুলি আনি এখন চাঙত জমা কৰে; তাৰেপৰা এমোন ডেৰমোনকৈ ডাঙৰ খাঙত ভৰাই কঢ়িয়াই ওচৰ হলে হাটলৈ নিয়ে। হাট দুৰৈ হলে নৈৰ ওচৰলৈ নি বাঁহৰ ভুৰ সাজি তাৰেই হাটলৈ নিয়ে। দুই তিনি দিনৰ বাটলৈকে এইদৰে নিয়ে। ভুৰ উজাই নিবৰ হলে এজনে জৰী লগাই টানে। আৰু এজনে পাছৰপৰা এডাল চৰিবাৰিৰে ঠেলে।
 এখন গাৱঁৰ মানুহ এটা ডাঙৰ ওখ টিলাত ঘৰ বান্ধি থাকে আৰু [ ২২ ] ৪।৫ মাইল জুৰি টিলাৰ ওপৰত খেতি কৰে। থকা টিলাত প্ৰায়ে খেতি নকৰে। গাৰো পৰ্বতত শিল নাই; ৰঙামটীয়া পৰ্বত তেহেলেই যিমানেই ওখ নহওক। খেতি কৰা ঠাইত এটা খেতিৰ বস্তু জমা কৰা ঘৰ আৰু এটা বা দুটা আকাশী ঘৰ থাকে। আকাশী ঘৰ মানে ওখ গছৰ ওপৰত বন্ধা ঘৰ। হাতী আহিলে আত্মৰক্ষা কৰিবৰ কাৰণে খেতিত আৰু থকা ঠাইত সেইদৰে ঘৰ সাজি লয়। সবাতোকৈ ওখ আৰু ডাঙৰ গছৰ পাত-ঠানি কাটি তাতেই টংঘৰ সাজি লয়। ঘৰ ডাঙৰ-দীঘল আৰু মজবুত কৰে। থকা ঘৰ দেখোঁতে অতি সুন্দৰ। ঘাই ঘৰ দীঘলে তিনিকুৰি হাতমান হব কিন্তু খিৰিকী নাই বুলিলেই হয়, মুধেৰে এখন দুৱাৰ আৰু জুমি চাব পৰাকৈ এটি দুটি সুৰুঙা। দেখিলোঁ, থকা পৰ্বতৰ চাৰিওপিনে বাঁহ বন্ধা; কাৰণ সুধিলত কলে হাতীৰ ভয়ত বন্ধা হৈছে। দুডাল বাঁহেৰে কেনেকৈ হাতী অহা বন্ধ কৰিব বুজি নাপাই আকৌ সোধাত কলে যে ৰাতি হাতী আহিলে বাঁহ ভাঙিবই লাগিব আৰু বাঁহ ভাঙিলে এজনে নহয় আন এজনে সহাৰি পাবই; তেতিয়াই সকলোকে জান দি ল'ৰা-ছোৱালী সমন্বিতে আকাশী ঘৰত উঠেগৈ। ঘৰ এনে ধুনীয়াকৈ সাজে যে বাঁহৰ অভাৱ নথকা হলে তেনে এটা ঘৰ গাৰোৰ হতুৱাই সজাই লবৰ চেষ্ট৷ কৰিলোঁহেতেন।
 গাৰো একে ঠাইতে সৰহ দিন নাথাকে; উৰ্ধ সংখ্যায় তিনি বছৰ একে ঠাইতে থাকি খেতি কৰে; তাৰ কাৰণ একেৰাহে খেতি কৰিলে তিনি বছৰৰ অধিক মাটিৰ উৰ্বৰা শক্তি নাথাকে—গাৰোৰ এই বিশ্বাস।
 তিনি বছৰৰ মূৰত ঘৰ-দুৱাৰ সকলো এৰি অটব্য অৰণ্য পৰিষ্কাৰ কৰি ন-কৈ ঘৰ-দুৱাৰ বান্ধি খেতি আৰম্ভ কৰে। গাৰোবিলাক দীঘল আৰু বলিষ্ঠ, যদিও সিহঁত শাকান্নভোজী। কপাহ যথেষ্ট পৰিমাণে কৰে কিন্তু নিজে কৌপিনধাৰী। তিৰোতা-মুনিহে প্ৰায় সমানে পৰিশ্ৰম কৰে। পথাৰলৈ যাওঁতে ল’ৰা-ছোৱালী আৰু [ ২৩ ] সদ্যজাত শিশু হলেও লগতে নিয়ে। দুজনী এজনী অতি বৃদ্ধা পিতামহীক ঘৰতে কপাহ নেওঠি থকা দেখা গ'ল। কপাহ নেওঠে গুটি উলিয়াবৰ কাৰণে আৰু গুটি উলিয়ায় ৰুবৰ কাৰণে। মাংস সিহঁতে খাবলৈ নাপায় বুলিলেই হয়।
 সিহঁতে তিথিয়ে-পৰ্বই গো-বধ কৰে। পুৰা সাতমান বজাত এবাৰ খায়; দুপৰীয়া খাবলৈ পাতত টোপোলা বান্ধি বান্ধি খেতি কৰা ঠাইলৈ যায়, আকৌ ৫মান বজাত শেষ ভোজন কৰে। কাজ কাম শেষ কৰি গধূলি ঘৰলৈ যাওঁতে নৈত গা-ধোৱা প্ৰায়ে দেখিলোঁ। কৌপিন পাৰত থৈ স্নান কৰে।
 জাৰৰ কেমাহ চুলি নিতিয়ায়; কিন্তু জহত তিয়ায় বুলি শুনিছোঁ,গাৰো গো-খাদক কিন্তু পাবলৈ মৰগ বুলি সাধাৰণ গাৰোৱে গৰু কিনি খাব নোৱাৰে। অৱস্থাপন্ন গৃহস্থই এটা বা দুটা গৰু পোহে খেতিৰ কাৰণে বা গাখীৰৰ কাৰণে নহয়, ভোজৰ কাৰণে। সেই গৰুক চৰিবলৈ নিদিয়ে; মানুহে নেদেখাকৈ চাংঘৰত বন্ধ কৰি ঘাঁহ-পান যোগায়। ঘৰৰ মুৰব্বীজনৰ অন্ত্যেষ্টিক্ৰিয়াত সেই গৰু বধ কৰি প্ৰীতিভোজ দিয়া হয়।
 যদিও বৰ্তমান সভ্যতাৰ চিন গাৰো পৰ্বতত বিশেষ একো পোৱা নগল, পৰ্বতবাসীৰ মুখলৈ চাই সন্তোষৰ, পৰিমাণ শিক্ষিত জগততকৈ বহুতো সৰহ যেন লাগিল। সিহঁতৰ বাসস্থান পৰ্বতমালা পৰিবেষ্টিত;গগনস্পৰ্শী পৰ্বত শৃঙ্গত সিহঁতৰ বাসভৱন, কিন্তু আবাস ভূমিখণ্ডআৱৰ্জনা ৰহিত। দিগন্তব্যাপী অৰণ্যানী পৰিবেষ্টিত ক্ষেত্ৰভূমি শস্য-মণ্ডিত; কিন্তু অনাৱশ্যকীয় উদ্ভিদশূন্য। বাসস্থান বেগৱতী নিৰ্ঝৰিণী পৰিবেষ্টিত অথচ পঙ্কবিহীন। প্ৰখৰ সূৰ্য কিৰণোদ্দীপ্ত পৰ্বত শ্ৰেণীক মলয়াৰ বা-ই সততে শীতল কৰি ৰাখে। দেহ বলিষ্ঠ, স্বাস্থ্যপূৰ্ণ,অসন্তোষ লেশশূন্য। প্ৰশান্ত আননত উদ্বেগৰ চিনমাত্ৰ নাই। মৃত্যুবিধিৰ বিধান বুলি ধৰিব পৰা হলেই যদি দাৰ্শনিক তত্ত্বজ্ঞ পণ্ডিত বুলিব পাৰি, তেন্তে শৈলশৃঙ্গবাসী জ্ঞান গৰ্ব ৰহিত গাৰো আচলতে তত্ত্ববিৎ [ ২৪ ] দাৰ্শনিক পণ্ডিত। “বিনাজ্ঞানং বিৰাগতা” বাদ দি যদি “বৰাগ্যমেবাভয়ম’ ইয়াকে সনাতন সত্য বুলি ধৰা হয় তেন্তে গাৰো বিৰাগী ‘সনাতনিষ্ট’ বুলি কবই লাগিব, কাৰণ, পাৰ্থিব সম্পদত গাৰো সৰ্বতোভাৱে উদাসীন; জন্ম-মৃত্যুত আনন্দ-বিষাদৰহিত সিহঁত কাম-ক্ৰোধ লোভ-মোহ বৰ্জিত নহবও পাৰে কিন্তু সভ্যতাভিমানী নগৰবাসীৰ তুলনাত সিহঁতৰ স্থান বহুতো ওপৰত।


দ্বিতীয় খণ্ড

 গাৰো পৰ্বতৰ ডি-এফ-অ' শ্ৰীযুত অনিল অধিকাৰীৰ নিমন্ত্ৰণত হাতী মাৰিবলৈ ওলাইছিলোঁ; লগতে হাতী ধৰাৰ অনুমতিও পাইছিলোঁ। অনুমতি নহলে হাতী ধৰিব বা মাৰিব নোৱাৰি।

 থজং লস্কৰৰ এলাকাধীন দেলবাংগিৰি গাঁৱত এজন নোক্‌মাক মৰাত সেই হাতী মাৰিবলৈ গেজেটত জাননী দিয়ে আৰু তাৰে নকল আমালৈ পঠাইছিল। সেই জাননীত হাতীৰ ভৰিৰ খোজৰ বেৰ,দাঁতৰ মাফ আৰু হাতী কিমান ওখ তাক দিছিল; অৱশ্যে এইবিলাক জোখ আনুমানিক। আমি লক্ষ্মীপুৰৰপৰা আবেলি যাত্ৰা কৰিলোঁ; সেইদিনা মেছপাৰাৰ অন্তৰ্ভুক্ত ফোটামাটি নামে ঠাইত ধুৰা পেলালোঁ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান। গাৰোবিলাকে কথাও নুবুজে আৰু ওচৰো নাচাপে, সেইকাৰণেই পানীশালী নামে এখন গাঁৱৰপৰা ৰেং ফাং নামে এজন দোভাষী ললোঁ। গাৰো পৰ্বতৰ ঠাই আৰু মানুহৰ নামত অনুস্বৰৰ আধিক্য দেখা যায়।

 আমি পুৱা ৫ বজাৰ আগতে উঠি অলপ চাহ-জলপান খাই বস্তু-বাহানি বান্ধি-ছাতি ওলাওঁতে ৮মান বাজে। মাউত ফান্দীকবোপাককা বুলি, কাবৌ-কোকালি কৰি আৰু শেহত তালব্য শত আকাৰ আৰু লত আকাৰ দি গালি-শপনি পাৰিও ৮টাৰ আগেয়ে সাজু কৰাব পৰা নগল। ৮টাৰপৰা আবেলি ৪ বজালৈকে অবিশ্ৰাম [ ২৫ ] গতি; অবিৰাম পৰ্বত উঠা আৰু নমা। গাৰো অহা-যোৱা সুৰসুৰীয়া বাটেৰে বাট দেখুৱাই যায়; গাৰোৱে আগে আগে লতা, বাঁহ কাটি কাটি বাট মোকোলাই যায়, আমি পিচত ধীৰে ধীৰে যাওঁ। থজং লস্কৰৰ নাম লৈ দেলবাংগিৰিৰ বাট সুধি সুধি চিমাগিৰি হৈ জাংৰা পাৰাত কেম্প কৰিলোঁ দ্বিতীয়দিনা। তাতে ভাগ্যক্ৰমে শ্ৰীমান মণিৰাম লস্কৰক হঠাতে লগ নোপোৱা হলে আৰু তেওঁ অনুগ্ৰহকৈ লগত মানুহদি বাট দেখুৱাই নিদিয়া হলে আমি দেল্ বাংগিৰি বিচাৰি পোৱা টান হলহেঁতেন। গোচাং ছৰ্দাৰে আৰু দুজন মানুহ লগত লৈ বাট দেখুৱাই গ'ল। জাংৰা পাৰাৰপৰা আকৌ ৮ বজাত যাত্ৰা কৰি তিনদিনৰ দিনা দেলবাংগিৰি পালোঁগৈ। তাতেই হাতীয়ে মানুহ মৰা বুলি আগেয়ে খবৰ পাইছিলোঁ। গাঁৱত অনুসন্ধান কৰি জানিলোঁ, তাৰেই নোক্‌মা আজাংগাক হাতীয়ে মৰা হয়। মৃত নোক্‌মাৰ বৃদ্ধ পুত্ৰ জাল্‌বাকক্ লগ পালত তেওঁৰ অতি বৃদ্ধ পিতৃদেৱৰ মৃত্যু-কাহিনী তেওঁৰ মুখৰপৰা শুনিলোঁ। ভঁৰাল ভাঙি ধান খাব ধৰোঁতে তেওঁৰ পিতাকে জুই লৈ হাতী খেদিবৰ চেষ্টা কৰোঁতেই দাঁতেৰে খুচি আৰু ভৰিৰে গচকি বৃদ্ধৰ মৃত্যু ঘটালে। তেওঁ গাঁৱৰ এজন মুখিয়াল আৰু সাহসী মানুহ আছিল, সেই কাৰণেই তেওঁৰ কাঠৰ এটি মূৰ্তি সজাই, কাপোৰ পিন্ধাই, মূৰত পাগ মৰাই,ডিঙিত কপাহৰ মালা দি দুৱাৰ মুখতে থিয় কৰি থোৱা আমাক দেখুৱালে।

 দেল্ বাংগিৰিৰপৰাহে আচল হাতীৰ অনুসন্ধান আৰম্ভ হ'ল। তাৰ আগেয়ে দেল্ বাংগিৰিৰ বাট বিচৰাহে হৈছিল। তেতিয়াৰেপৰা হাতীৰ দণ্ডি ধৰি ধৰি যাবলৈ আৰম্ভ কৰিলেঁ৷। অ'ত গছ, ত’ত বিৰিখ; এঠাইত থকা ঘৰ, আন ঠাইত ভঁৰাল ভঙা ইত্যাদি ধ্বংসলীলাৰ চিন পাবলৈ ধৰিলোঁ। এহাতে “কৰ্ডাইট ৰাইফল” আনহাতে জৰীত ধৰি প্ৰাণ ৰক্ষাৰ চেষ্টা; সিপিনে আকৌ বুকুত ভয়—জানোচা আমি হাতী থকা গম নৌ-পাওঁতেই খাপ লৈ থকা হাতীয়ে হঠাতে আহি [ ২৬ ] হাতী বা মানুহ মাৰে। যাওঁতে যাওঁতে মানুহৰ উপৰিও দুটা কুন্‌কী হাতী মৰা সংবাদ পালোঁ। তথাপিও হাতী মৰাৰ আকাঙ্ক্ষা আৰু আগ্ৰহে সকলো আশঙ্কা দূৰ কৰিলে। চাৰিদিনৰ দিনা “দেবাৰা গিৰি” পাই অতি পৰিশ্ৰান্ত হৈ তাতেই কেম্প কৰিলোঁ। শ্ৰান্তিতকৈও নিৰাশাৰ অৱসাদে ক্ৰমে শৰীৰ আৰু মন অবসন্ন কৰি আনিছিল। “মোংমা দোংসা” অৰ্থাৎ “হাতী নাই” এই কথা শুনি শুনি মন তিতা হৈ গৈছিল। তথাপিও অভ্যাসমতে আৰু অন্তৰতে আশাৰ ক্ষীণ প্ৰদীপ লৈ চেমনীয়া ল'ৰা এটাক আগ্ৰহশূন্যচিত্তে পুনৰ প্ৰশ্ন কৰিলোঁ, “মোংমা দোঙা না দোংযা?” প্ৰশ্ন শুনিয়েই সি অতি আগ্ৰহেৰে উত্তৰ দিলে, “মোংমা দোঙা”। খবৰ সচাঁই হওক বা মিছাই হওক, শুনিয়েই ঘপৰাই হাতীৰপৰা নামিলোঁ আৰু নামিয়েই তাক সাবটি ধৰিবলৈ হাত মেলিলোঁ; সি কিন্তু ভয়তে লৰি গছত উঠিলগৈ। নিৰুপায় হৈ দোভাষীক মাতি তাৰ হতুৱাই পুনৰ প্ৰশ্ন কৰালোঁ। উত্তৰত দঢ়াই কলে, “দালাহা মোংমা দোঙা” অৰ্থাৎ ডাঙৰ হাতী আছে। বুজাই-বঢ়াই তাক গছৰপৰা নমাই, গাত হাত ফুৰাই সোধাত কলে বহুতো হাতী ওচৰতে আছে; ৰাতি ডেডনি শুনিছে আৰু পুৱা বাঁহ ভাঙি থকা শব্দও শুনিছে। তাৰ কথা শুনি থাকোঁতেই এটি দুটিকৈ গাৰো আহি ওচৰ চাপিল। “হাতী ওচৰতে আছে, গলেই পাব” ইত্যাদি প্ৰকাৰে আশ্বাস দি হাতী থক৷ ঠাই দুৰৈৰপৰা দেখুৱাবলৈ সন্মত হল, আমিও আশ্বস্ত হৈ মাল-পত্ৰ নমাই দুটা হাতীত ফান্দ দি দুটা হাতীত উঠি আমি দুয়ো দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷। লগতে এটা কুকুৰা চৰাই দিলে। দিয়াৰ কাৰণ সুধিলত কলে যে ন দণ্ডি পালে চৰাই এৰি দি দণ্ডি পূজা কৰিব লাগিব। কেম্পৰপৰা অলপমান গৈয়েই একুৰিমান হাতী থক৷ চিন পালোঁ। চিন পৰীক্ষা কৰি চাই প্ৰমাণ পালোঁ যে পুৱাতে তাতেই চাহান অৰ্থাৎ পাল হাতী আছিল। তাতেই চৰাই এৰি দি দণ্ডি পুজা কৰা হল আৰু সাৱধানে কিন্তু বেগেৰে হাতী চলাই যোৱা [ ২৭ ] হল। অলপ গৈয়েই বাঁহ ভঙাৰ শব্দ পালোঁ। শব্দ শুনি কি উদ্বেগ তাক বৰ্ণোৱা টান। তেতিয়া হাতীৰ পাছত থকা মাউতে অঙ্কুশেৰে হাতীৰ তপিনাত নিৰ্দয়ভাৱে খুচিবলৈ ধৰিলে; হাতীয়েও উদগনি পাই গজেন্দ্ৰগমন এৰি অশ্বৰ গতি ধৰিলে। লতাত লাগি ডিঙি ছিঙাৰ আশঙ্কাত হাতীৰ পিঠিত কাতি হৈ যাব লগীয়া প্ৰায়ে হৈছিল। হঠাতে এজনে সুহুৰি মৰা শুনিলোঁ আৰু সেইপিনে চাওঁতেই আঙুলিয়াই দেখুৱালে। সেইপিনে চায়েই ১০ হাতমান দূৰৈত এটা হাতী দেখিলোঁ। হাতী দেখিলোঁ হয় কিন্তু গছ এডালে আঁৰ কৰি ধৰাত হাতীটো মখনা নে মাখুন্দী গম ধৰিব নোৱাৰি ঘপ্ কৰে মাৰিব নোৱাৰিলোঁ। মাৰোঁ মাৰোঁ কৰোঁতেই হাতী পলাল। কিছু পৰিমাণে নিৰাশ হৈ পুনৰ দণ্ডি ধৰি বিদাৰিবলৈ আৰম্ভ কৰিলোঁ। যাওঁতে যাওঁতে চাহানে বাঁহ ভঙা শব্দ শুনিলোঁ। পৰ্বত দুফাল কৰি সশব্দে বন লৰাই যোৱা দেখিলোঁ। তেতিয়া হাতী মৰাতকৈ ধৰাৰ আশা আৰু আগ্ৰহে মন অস্থিৰ কৰিলে। হাতীয়েও অৱস্থা বুজি গজহস্তী গুচি অশ্বৰূপ ধৰি দৌৰিবলৈ আৰম্ভ কৰিলে। ফান্দ মৰাৰ চিন্তাতেই প্ৰাণৰ মায়া খন্তেকলৈ পাহৰিলোঁ। চাহান লয় পাওঁ পাওঁ, এনেতে টোৰা নামেৰে মাউত এজনে চিঞৰ মাৰি কলে, “বাপৰে, সৌটো ভয়ঙ্কৰ দন্তাল।” দেখুৱামতে চাই যি দৃশ্য দেখিলোঁ তাক আজিও পাহৰা নাই আৰু কিছুদিনলৈ পাহৰা টান হব। আজিও সেই দৃশ্য সপোনত দেখিয়েই আছোঁ। বনৰীয়া হাতী অলেখ দেখিছোঁ, কোচবিহাৰৰ মহাৰজাৰ লগত চিকাৰ কৰোঁতে শোভন,সুন্দৰ বহুতো হাতী দেখিছোঁ, তদুপৰি মানুহ মৰা বনৰীয়া হাতীও ৪টামান মাৰিছোঁ কিন্তু এনে সুন্দৰ, এনেকুৱা হৃষ্ট-পুষ্ট, নিপোটল,ইমান ওখ-ডাঙৰ হাতী এয়েই প্ৰথম দেখিলোঁ। মনত পৰিল ইন্দ্ৰৰ ঐৰাৱতৰ কথা। এটা টিলাৰ দাঁতিত মোৰ হাতী আৰু এটা টিলাৰ দাঁতিত পৰ্বত প্ৰমাণ গজৰাজ। অলপ হাবি আছে কিন্তু গোটেই [ ২৮ ] হাতীটোকে দেখা যায়। আমাৰ পিনে ৰ' লাগি চাই আছে-স্থিৰ, অচঞ্চল, নিৰ্ভয়, নিৰ্বিকাৰ।


তৃতীয় খণ্ড

 তেতিয়া বেলা ১১ মান বাজিছে, টৌ টৌ কৰে ৰ’দ, শাৰী শাৰী পৰ্বত, চাৰিওপিনে' নিস্তব্ধ—নীৰৱ। মনত পৰিল মহাকবি কালিদাসৰ দুফাঁকি কবিতা—

“নিষ্কম্পবৃক্ষং নিভৃতদ্বিৰেকং
মুকাণ্ডজং শান্ত মৃগ প্ৰচাৰম্।
তচ্ছাসনাৎ কাননমেব সৰ্বং
চিত্ৰাৰ্পিতাৰম্ভ ইবাবতস্থে॥”

 সেই সময়ত বন্দুক হাতত নাথাকি এটা ফটো কেমেৰা থকা হলেও আমাৰ চিকাৰ যাত্ৰ৷ সফল হলহেঁতেন। হাতী আৰু আমাৰ ভিতৰত ব্যৱধান সৰহ নহয়; এশ গজমান হব। সি যিদৰে স্থিৰহৈ আমাৰ পিনে চাই আছিল, মাৰিলে গুলী ভাল ঠাইতেই লাগিলহেঁতেন তাত সন্দেহ নাছিল। কিন্তু ইমান দূৰৈৰপৰা হাতী মৰা বিধি নহয়,কাৰণ, ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। তাৰেপৰা নমৰাকে স্থিৰ কৰি হাতী আগবঢ়াবলৈ কলোঁ। হাতী আগ নবঢ়োৱা দেখি মাউতৰ পিনে চাই দেখিলোঁ সি তন্ময়। বাকশক্তি ৰহিত। মনৰ বেগত পুনৰ আগবঢ়াবলৈ কৈ পিঠিত বন্দুকৰ খুন্দাৰে ভালদৰে খুন্দা লগালো, তেতিয়াহে জানো, তাৰচৈতন্য ফিৰি আহিল। সি খং মনেৰে কলে, “দেখা নাইনে, সি খেদিবলৈ খাপ লৈছে; মাৰা যদি মাৰা, নহলে হাতী পলুৱাই দিম;আৰু খন্তেক থাকিলে হাতীকো মাৰিব, মানুহকো মাৰিব।” মই তাক বোপাই বুলি সানুনয়ে হাতীটো বহাই মোক নমাই দিবলৈ কলোঁ। ভাবিলোঁ, নমাই দিলে আৰু কিছু ওচৰলৈ গৈ মাৰিম। [ ২৯ ] খেদি আহে মানে অন্ততঃ দুই গুলী মাৰিব পাৰিম। কৰ্ডাইট ৰাইফলৰ দুটা গুলী ভালদৰে বহাব পাৰিলে পুনৰ গুলী ভৰোৱাৰ আগতে সি মোক খেদি ধৰিব নোৱাৰিব; এই বিশ্বাস মোৰ মনত অটুট আছিল। কিন্তু মোৰ অনুনয়-বিনয় এনেয়ে গ’ল। “হাতী বহালেই হেঁচ৷ মাৰি ধৰিবহি” ইয়াকে কৈ হাতী ঘূৰাবৰ উপক্ৰম কৰা দেখি কিংকৰ্তব্যবিমূঢ় হৈ আশা-নিৰাশাৰ সন্ধিস্থলত মুহূৰ্তকাল থাকি কুমলৈ চাই গুলী চলালোঁ। গুলী লাগিল নিশ্চয় জানিলোঁ,কাৰণ, টোল কৰিবৰ ইমান সময় আৰু সুযোগ পাইছিলো যে হাত নকপিলে গুলী নালাগি নোৱাৰে। তদুপৰি গুলী নলগাহেঁতেন ই আমাক নিশ্চয় খেদিলেহেঁতেন। গুলী খায়েই উফাল মাৰি বাওঁফালে ঘূৰিল, ঘূৰোতেই জ্যোৎস্নাই পিঠিত এক গুলী মাৰিলে,ময়ো আৰু এক গুলী মাৰিলো। নিমিষতে এই কাণ্ড ঘটি গ’ল। হাতী ঠাইতে নপৰা দেখি ক্ষোভে ধিক্কাৰে, খঙে-ৰাগে অস্থিৰ হলো; সেই অৱস্থাতে খন্তেক ৰৈ আকৌ দণ্ডি ধৰি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। কিছুদূৰ বিচৰাৰ পিচত ওখ বনত তেজৰ চিন পালোঁ। আশাৰ ক্ষীণ প্ৰদীপ ধিমিক্‌কৈ আকৌ জ্বলি উঠিল। “চলা চলা”কৈ মাউতক খুচিবলৈ ধৰিলোঁ। ঘূৰি-পকি আমাৰ কেম্পৰ পিনে যোৱাৰ চিন পালোঁ। কেম্পৰপৰা দুমাইলমান দূৰৈত প্ৰথমে গজেন্দ্ৰৰ লগত সাক্ষাৎ হয়। কেম্পৰপৰ৷ আধামাইলমান দূৰৈত আকৌ দুট৷ গুলীৰ শব্দ শুনিলোঁ। তেতিয়া গাত তৎ নাই। “চলা চলা, সৌৱা গ'ল গ'ল” ইত্যাদি শব্দেৰে সুপ্ত বনস্থলীক সজাগকৈ তুলিলোঁ। ৫টা হাতীৰ বাঁহ ভঙা শব্দৰ ধ্বনি-প্ৰতিধ্বনিয়ে দশোদিশ মুখৰিত কৰি তুলিলে। হঠাতে আকৌ নিস্তব্ধ। মৃত্যুক উপেক্ষা কৰি সমুখ সমৰত প্ৰাণ দিবলৈ সাজু হৈ যু’জ দিবৰ মনেৰে গজেন্দ্ৰই ঘুৰি মোৰ পিনে আগবাঢ়িল। ১০ হাত অন্তৰতে পাই কপালত ৰক্ত-চন্দনৰ বজ্ৰললাটিকা পিন্ধাই দিয়া হ'ল; তেওঁ সগৌৰৱে আঠু ললে; ময়ে৷ সসম্ভ্ৰমে অগ্নিবাণ নিক্ষেপ কৰি মৃত্যুমঙ্গল আচৰণ কৰিলোঁ। [ ৩০ ] ওপৰৰপৰা হুহঁকি তলত ভালদৰে পৰ্বত ক্ৰোড়শায়ী হ'ল। আমি বিজয় ঘোষণা কৰি কেম্পলৈ উভতি আহিলোঁ। তেতিয়া ভৰ-দুপৰীয়া। মহাদৰ্পী একছত্ৰী গজৰাজ ৰাজ-চক্ৰৱৰ্তীক ধৰাশায়ী দেখি জীৱৰ পৰিণাম ভাবোতে বিষাদৰ এচমকা কলা ডাৱৰে সূৰ্যৰ গৌৰৱ প্ৰখৰ ৰশ্মি খন্তেককৈ মলিন কৰি দি গল। হাতী মৰাৰ পিচত দাঁত উলিওৱা পৰ্ব আৰম্ভ হল। পুনৰ পৰ্বতবাসী গাৰোৰ শৰণাগত হলোঁ। ৮খন কুঠাৰ লৈ ১০।১৫ জন মানুহ ওলাল। পোনতে কুঠাৰৰ নাল ভাগিবলৈ আৰম্ভ কৰিলে; এখন ভাগে, এখন শালে। এইদৰে ৮খন কুঠাৰ ভাঙি অতি কষ্টে দুদিনে দাঁত উলিওৱা হল। দাঁতৰ সমানে এভাগ মঙহৰ ভিতৰত থাকে; আৰু মঙহৰ তলত দাঁততকৈও টান হাড়ৰ ভিতৰত থাকে। দাঁত উলিয়াই কুঠাৰ ৮খন তাতে দলিয়াই পেলাই আহিল, কাৰণ সেইকেইখন আৰু কুঠাৰ হৈ থকা নাছিল। দাঁত তিনিহাত দীঘল, এমোন ওজনৰ। ঘূৰি-পকি হাতী মৰা কেম্প পাওঁতে ৬ দিন লাগিল; কিন্তু হাতী মৰা কেম্পৰপৰা এদিনতে লক্ষ্মীপুৰ পালোঁগৈ। আঠদিনৰ দিনা দাঁতলৈ ঘৰ পালোঁহি।

 শ্ৰীমান জ্যোৎস্না ভায়াৰ সহায় নোপোৱ৷ হলে গাৰো পৰ্বতত হাতী মৰা অসম্ভৱ হলহেঁতেন। মানুহৰ ক্ষোভ সম্পূৰ্ণভাৱে দূৰ কৰা কঠোৰ সাধনাৰ কথা। হাতী মৰাৰ আনন্দ এতিয়া প্ৰায় লয় পোৱাৰ দৰে হৈছে। কিন্তু ফটো কেমেৰাটে৷ নিনিয়াৰ ক্ষোভ বহু দিনলৈকে স্পষ্টকৈ মনত থাকিব।