[  ]
 

কৃষ্ণ লীলা

 

(কৈশোৰ খণ্ড)

 

শ্ৰীনবীনচন্দ্ৰ বৰদলৈ

ৰচিত আৰু প্ৰকাশিত

গুৱাহাটী।

 

বেচ ৵৹ মাত্ৰ

 
[  ]



কলিকাতা—২নং বেথুন রো,
ভাৰতমিহিৰ প্ৰেছত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত।

[  ]

উছৰ্গা


কৃষ্ণভক্ত

স্বর্গীয় পিতৃদেৱতাৰ আৰু মাতৃদেবীৰ

শ্রীপাদপদ্মৰ উদ্দেশ্যে


অযােগ্য সন্তানে ভক্তি পুষ্পাঞ্জলি স্বৰূপে


এই

কৃষ্ণলীলা খনি

আগ বঢ়ালোঁ।


   নবীন

[  ]

পাতনি ।

 ১৯৩২ সনত চিপাহিয়ে বেৰি ধৰি শ্ৰীহট্ট জেইলৰ স্বৰাজ আশ্ৰমলৈ নিওঁতে বেইলত উঠিবৰ সময়ত মোক আগবঢ়াবলৈ যোৱা ডেকা বন্ধু শ্ৰীমান পদ্মধৰ চলিহা আৰু শ্ৰীমান ৰাধানাথ হাজৰিকাই মোক বিশেষকৈ অনুৰোধ কৰিছিল যেন জেইলত থাকোঁতে সাহিত্য চৰ্চাৰ ফালে অলপ মন দিওঁ। কৃষ্ণলীলা খনৰ কেটামান দৃশ্য ইতিপূৰ্ব্বে গদ্যেৰে বাঁহীত ওলাইছিল। ফাটেকত থাকোঁতে বাকীখিনি লেখিবলৈ হাতত লৈছিলোঁ। সাহিত্য সেৱাত বিশেষ অভ্যাস নথকাত আৰু কীৰ্ত্তন দশম ইত্যাদি কোনো কিতাপ নোপোৱাত কিতাপখনি লেখাত অলপ অসুবিধাও হৈছিল। সৰুৰেপৰা কৃষ্ণভক্ত পিতৃদেৱতাৰ আৰু মাতৃদেবীৰ মুখে শুনি শুনি আৰু নিজেও পঢ়ি কৃষ্ণ চৰিত্ৰ সম্বন্ধে যেনে জ্ঞান হৈছিল তাৰে ওপৰত নিৰ্ভৰ কৰি এই গ্ৰন্থখনি লিখা হৈছিল। আসামত শ্ৰীকৃষ্ণৰ প্ৰতি সখীভাবৰ প্ৰচলন নাই, — কেৱল দাস্য ভাবৰেহে প্ৰচলন সেই দেখি আসামৰ বিগ্ৰহ সকলৰ লগত ৰাধা নাই। কুচবিহাৰৰ মদনমোহন, বৰপেটাৰ কলিয়া ঠাকুৰ, আউনিআটীৰ গোবিন্দ, দক্ষিণ পাটৰ যাদবৰায় কোনো বিগ্ৰহৰ লগতে ৰাধা নাই। জীবাত্মা ৰুপিণী গোপিনী আৰু পৰমাত্মাৰুপী কৃষ্ণৰ মহামিলনেই শ্ৰীশঙ্কৰ আৰু মাধব গুৰুৰ গ্ৰন্থৰ চৰম ভাৱ। মোৰ ক্ষুদ্ৰ বুদ্ধিৰে এই কিতাপ খনিত “কৃষ্ণস্তু ভগবান স্বয়ং” এই ভাবটিকে ফুটাই তুলিবৰ চেষ্টা কৰিছোঁ।

 ২ মাহৰ ভিতৰত কেবাখনো কিতাপ লিখিবলৈ হাতত লোৱাত এই কিতাপখন ১০ দিনতে লেখি শেষ কৰা হৈছিল। বাকী দিন কেটাত আৰু [  ] ৬ খন কিতাপ লেখা হৈছিল। এই কিতাপখন লেখি ছপা কৰি উলিয়াওঁতে শ্ৰীমান প্ৰেমধৰ বৰুৱাই সহায় কৰিছিল আৰু ছপা কৰা বিষয়ে শ্ৰীযুত হৰমোহন দাসে সহায় কৰিছিল। সেইবাবে তেখেতসকলৰ শলাগ লৈছোঁ। এতিয়া সহৃদয় পাঠক সকলে সাহিত্য হিচাপেও কিতাপখনি মৰমৰ চকুৰে চালে বাধিত হম।


গুৱাহাটী
২৯-৮-৩৩
ইতি—
শ্ৰীনবীনচন্দ্ৰ বৰদলৈ
[  ]

ভাৱৰীয়া সকলঃ—

মুনিহ

১। নাৰদ দেৱৰ্ষি
২। কংস ৰজা
৩। বসুদেব
৪। নন্দ
৫। অক্ৰূৰ
৬। শ্ৰীকৃষ্ণ
৭। বলোৰাম
৮। উদ্ধৱ
৯। উগ্ৰসেন
১০। শ্ৰীদাম (গোপবালক)
১১। সুদাম  ,,
১২। বসুদাম  ,,
১৩। চানুৰ  মল্ল
১৪। মুষ্টিক  ,,
১৫। তোষল  ,,

 গোপবালকসকল, মন্ত্ৰী, ধোবা, মালী, সাৰথি, চাৰণ। [ ১০ ] তিৰোতা

১। দৈৱকী
২। যশোদা
৩। অক্ৰুৰৰ পত্নী।
৪। কুঁজী সৈবন্ধী
৫। কংসৰ ৰাণী।

মথুৰানাগৰী, গোপিনীসকল।

[ ১১ ]

কৃষ্ণ লীলা

(কৈশোৰ খণ্ড)

প্ৰথম অঙ্ক

প্ৰথম দৃশ্য

ৰাজসভা

[ কংস বহি আছে। মালবিলাক আৰু মন্ত্ৰী বহি আছে]

(গীত গাই গাই নাৰদৰ প্ৰবেশ)

গীত—বেহাগ খাম্বাজ।

মায়াবে মোহিত চেতনা জীব যাতনা
 কত ভুগিছা হে
সেই শান্ত সৌম্য সুন্দৰ বিভূ কিয় নভজা।
 (হায়) মিছাতে জনম খেদালাহে
দুদিনিয়া দেহা সমাজিক যেন চাওঁতে চাওঁতে ঢূকাব
 (আৰু) ধুনীয়া শৰীৰ ৰূপৰ মাধুৰী
  ছায়া মায়াকৈ লুকাবহে
ক’ব জীৱ তুমি  কিয় আহিছিলা
কোনে থৈছে ভাবি চোৱাচোন হে।
মায়াৰ বান্ধন  মোকলাই লৈ
  হৰিনাম গাই মুখেৰে

[ ১২ ]

 মনৰ এন্ধাৰ পোহৰাই লৈ
 থাকা জীব থাকা সুখেৰে হে
তেহে তত্ত্বজ্ঞান পাবাহে—প্ৰাণত
 তৰিবা সংসাব অচিৰে হে।

মহাৰাজৰ জয় হওক।

(কংস সিংহাসনৰ পৰা নামি নমস্কাৰ কৰে)

কংস। কিবা ভাগ্যে আজি মোৰ মথুৰাপুৰীত
 পদধূলি দিলে আহি প্ৰভু জীৱবন্ধু
 দেবৰ্ষি নাৰদে।

নাৰদ। মহাৰাজ ৰাজদৰ্শনৰ ফলাফল
 মিলিল যে আজি মোৰ। কিন্তু মহাৰাজ
 বিশেষ বাতৰি এটি লৈ আহিলো ইয়ালৈ;
 অজানিতে তব প্ৰাণবৈৰী দিনে দিনে
 শশীকলা যেন বাঢ়িব লাগিছে।
 গোকুলত। আপোন ভাগিনা কৃষ্ণনাম
 ধাৰী নন্দসুত বুলি বিখ্যাত ধৰাত।

কংস। প্ৰভু! আজি কত দিন এই মৃত্যুভয়ে
 কৰিছে বিকল মোক। সেই দিনা
 তাহানিয়ে চেনেহী ভনীটি মোৰ প্ৰিয়,
 দৈবকী ৰূপহী মাইক বিয়া দিলো ৰঙ্গে
 বসুদেৱ ক্ষত্ৰিয় বীৰক। মহানন্দে
 নিজে হৈ ৰথৰ সাৰথি, বৰকন্যা
 দুয়োকো নিছিলোঁ দৰা ঘৰলৈ কৰি
 অতি সমাৰোহ। এনে সময়ত হল

[ ১৩ ]

 নিদাৰুণ দৈৱবাণী। কলে দেবতাই⸺
 কংস, এই ভনীয়েৰ, যাৰ বাবে ইমান
 উলাহ, তাইৰে গৰ্ভত উপজি কুমাৰ
 বধিব বধিব তোক। উৎসৱ ৰাগিনী
 বিষাদত হ’ল পৰিণত। ভৰিত নিহালি
 হাতত শিকলি বান্ধি পুঁতি গন্ধময়
 এন্ধাৰ ঘৰত বন্দী কৰি থলোঁমই
 দুয়োটি প্ৰাণীক। ক্ৰমে ক্ৰমে সাতোটি
 ভাগিন আৰু এজনী ভাগিনী উপজিল।
 সকলোকে বধিলোঁ নিষ্ঠুৰ মতি মই
 আফালি শিলত। ভাগিনী জনীয়ে কৈ
 গল মৰিবৰ বেলা মোৰ প্ৰাণ বৈৰী
 উপজিছে আন ঠাইত। আছোক মনুষ্য
 দেৱতায়ো মিছা মাতে। অতিযে অধম
 এই দেৱতাৰ জাত।
নাৰদ। মহাৰাজ! মিছলীয়া নহয় দেৱতা
 ঘোৰ দুৰ্য্যোগত যোগমায়া উপজিল
 নন্দৰ ঘৰত যশোদা গৰ্ভত গোকুলত।
 দৈৱকী গৰ্ভত উপজিল সুকুমাৰ
 কৃষ্ণৰূপে মথুৰাত। কৃষ্ণৰ মায়াত-
 পালি পহৰিয়া সবে নিদ্ৰা গল পৰি
 নিহালি মুকলি হল। দেৱৰ আজ্ঞাত
 বসুদেৱে সেই নিশা লৈ গৈ শিশুকৃষ্ণ
 ব্ৰজধামলৈ, নিদ্ৰা মগ্ন যশোদা বুকুত

[ ১৪ ]

 থৈ, যোগমায়া কন্যাটিক আনি থলে
 দৈবকী কোলাত। ৰাজন! আপুনি ঘোৰ
 ভ্ৰম প্ৰমাদত পৰি বধিলে কন্যাক।
কংস। ইমান অধম এই বসুদেৱ আৰু
 দৈৱকী ভগিনী। টেঙ্গৰালিখন দেখি
 হিয়া মোৰ জ্বলি যায়। নিশ্চয় নিশ্চয়
 কুটবুদ্ধি যত, সকলোৰে মূল, মোৰ
 পিতা উগ্ৰশেন। এই বাৰ শিক্ষা পাব
 নিলাজ বুঢ়ায় ওফৰাম মূৰ দুটা
 বসুদেৱ দৈবকীৰ।
নাৰদ। মহাৰাজ! পিতৃহত্যা নাৰীহত্যা কৰি
 কিবা ফল হব। এই কথা প্ৰচাৰিত
 হলে, গোকুলৰ কৃষ্ণ পলাব নিশ্চয়
 তাতোকৈ সুযুক্তিৰ কথা, সাদৰে মতাই
 ৰাম কৃষ্ণ দুয়ো ভাইক মহামাল
 সহ যুদ্ধত লগাই ৰাজ সভাতেই
 কৰাওক বিনাশ।
কংস। ধন্য ঋষিৰাজ এইযুক্তি অতি ভাল।
নাৰদ। বিদায় ৰাজন! কৰোঁ আশীৰ্ব্বাদ যেন
 অচিৰে হওক ভয় তব একেবাৰে
 বিদূৰিত।
কংস। ভাল দেৱঋষি শত ধন্যবাদ মোৰ
 কৰোক গ্ৰহণ।

[ নাৰদৰ প্ৰস্থান।]

[ ১৫ ]

কংস। মন্ত্ৰী, শুনিলানে নাৰদৰ উপদেশ
 কৃষ্ণ ৰাম এতিয়াও শিশু, যৌবনত
 এতিয়াও ভৰি দিয়া নাই হেনো দুয়ো।
 ছলেৰে মতাই আনি মালৰ হাতত
 বধিম দুয়োকো, কেনে দেখা এই যুক্তি।
মন্ত্ৰী। মহৰ্ষিৰ মহাবাণী বিশেষ সাৰুৱা।
 অক্ৰড়ক পঠিয়াই সাদৰে মতাই।
 দুয়ো ভাইক নিপাত কৰোৱা যাওক।
 মহা মহা মাল আছে আমাৰ সভাত
 কিছাৰ গোৱাল ল’ৰা মালৰ আগত।
১ম মাল। (এক-দুই—তিনি কাৱাজ কৰে, )
 প্ৰভু বাওঁহাতে ধৰি তাক এনেহে লগাম
 ঋটকা পেচ, ৰাজ হাড় ভাঙ্গি যাব মৰি।
২য় মাল। এই ভৰিৰেই লগাম পটকন তাক
 ভৰি ভাঙ্গি খোৰা হৈ মৰিব দুৰ্জ্জন।
৩য় মাল। এক, দুই, তিন তাৰ পাচে লটকা
 মাৰি এনেহে পটকা দিম, ভাঙ্গিব
 বাছাৰ দেহ চিঙ্গি যাব মূৰ।
কংস। ধন্য বীৰ দল, মহা বাহু তোমালোক।
 সহজে বধিবা মোৰ প্ৰাণৰ বৈৰীক।
মন্ত্ৰী। (স্বগত) নৰৰূপে অৱতাৰ প্ৰভু কৃষ্ণ ৰাম
 দেখা পাম সফলিব মানবী জনম।
 ৰজাৰ ঘৰৰ ঘিউ খাই নিপোটল

[ ১৬ ]

 মাল বৃন্দ এইবাৰ যাব যেন পাওঁ
 ৰসাতললৈ।
(প্ৰকাশ্যে ) বাৰু বাৰু মাল ভায়া হঁত এইবাৰ
 কৰা কিছু কছৰত অভ্যাস যতনে
 নহলে কিলাব গোৱাল শিশুয়ে ধৰি। [ সকলোৰে প্ৰস্থান।]

দ্বিতীয় দৃশ্য

গোকুল বৃন্দাবন

( মাজত কৃষ্ণ-দুয়ো কাষে গোপ গোপী)

গীত-খাম্বাজ

 কিবা শোভা ব্ৰজত চোৱাঁহি নৰ নাৰী
 তৰুণ চাৰু আভা বাজে মুৰাৰী।
 ললিতবাহু উৰু মদন জিনি ভূৰু
 সুন্দৰ অল্প হাসি পদ্ম পলাশ চকু
 ভকতময় হিয়া প্ৰেমিক শিবোমণি
 বসন পীত শিৰে শোভে মৈৰাৰ পাখি
 ধীৰে ধীৰে ঘূৰে ফুৰে মোহন বংশীধাৰী।
শ্ৰীকৃষ্ণ। প্ৰিয় সখা শ্ৰীদাম সুদাম বসুদাম
 প্ৰাণপ্ৰিয়া সকলো সখিটি কোৱাছোঁন
 কিবা খেলা খেলিবা গোঠত আজি।
শ্ৰীদাম। প্ৰাণসখা প্ৰভু, কি ধেমালি জানো আমি
 তোমাৰ প্ৰীতিৰ অৰ্থে যি কৰিব লাগে।

[ ১৭ ]

 তাকেই কৰিম প্ৰিয়, কেবল থাকিবা সখা
 চকুৰ আগত সৰ্ব্বদাই।
সুদাম। প্ৰিয়তম চোৱাঁ চোৱাঁ কেনেকৰি গৰু
 ডামুৰিৰ পালে সতৃষ্ণ নয়নে ৰৈ ৰৈ।
 চাই আছে তোমাৰ মুখৰ ফালে অতি
 হেপাহৰে, চকুৰ লোতক পৰে জৰি
 গছ বিৰিখৰ কেনে সজীবতা ভাৱ
 যত পৰ থকা তুমি ওচৰত।
শ্ৰীকৃষ্ণ। বাৰু ৰজাৰাণী খেল খেলিম এতিয়া
সকলোৱে। “জয় ব্ৰজেশ্বৰেৰ জয়”

গীত।

ভক্ত আজি ভক্তি-ৰসত বিভোৰ
তোমাৰ অসীম প্ৰেম মাধুৰীৰে
  মধুময় হিয়া মোৰ-
পৃথিবী মধুৰ স্বৰগ মধুৰ।
  মধুৰ বৈকুণ্ঠ পূৰ
দশো দিশে আজি মধু বৰষিছে
  মধুৰ বতাহ জুৰ।
কিছাৰ বৈকুণ্ঠ কিছাৰ স্বৰগ
  কিছাৰ যোগীৰ হিয়া
এনে মধুময় প্ৰেম মাধুৰীৰে।
  বান্ধিলাহে মোৰ প্ৰিয়া।
জয় প্ৰেমবাণী জয় বৃন্দাবন
  জয় জয় বজ্ৰনাৰী
জয় গোপ গোপী ধন্য মানব
  চোৱাঁহি নয়ন ভৰি।

[ ১৮ ]

 (গোপীবিলাকে আঠুকাঢ়ি)

গীত


 দয়াময় দয়াৰ আধাৰ।
ভিখাৰিণী দীনা অতি তুমি দেৱ বিশ্বপতি
 বাঞ্চো পদৰেণুকা তোমাৰ
ধন জন বাসনা বিলাস গতি মুক্তি স্বৰ্গ সুখ
 নেলাগে বৈকুণ্ঠ লোক
 নাই একো নাই একো আশ
চিৰকাল জনমে মৰনে সেই ভৰি ধূলিলৈ
 থাকো যেন লীন গৈ।
 শুকোমল সেই চৰণত

(শ্ৰীকৃষ্ণই গোপিনী সকলক হাতত ধৰি তোলে।)

শ্ৰীকৃষ্ণ।
গীত

ভক্ত মোৰ প্ৰাণ ভক্তমোৰ ধ্যান
ভক্ত মোৰ অমুল্য ৰতন
মই ভক্ত দাস ভক্ত প্ৰেম পাশ
 মেৰাইলওঁ কৰি যে যতন।
ভকতৰ নাম ৰাতি দিনে গাওঁ
ভক্ত নাম বাঁহীত বজাওঁ
ভক্ত ৰূপে গুণে হিয়া ভৰ পুৰ
 ভক্তৰূপ অনিমেষে চাওঁ।

(গীত গাই গাই নাৰদৰ প্ৰবেশ)

নাৰদ
গীত

ওৰে সখী পেখৰে প্ৰাণ ভৰিয়া কৈসন নন্দকুমাৰা
ব্ৰহ্মলোক ত্যজি বিপিনবিহাৰী মায়া অন্ত নাহি যাবা।
মকৰ কুণ্ডল মণ্ডিত গণ্ড গলে গজমতি দোলে
তড়িতাম্বৰ শ্যাম সুন্দৰ শিৰে শিখণ্ডক লুলে।

[ ১৯ ]

(কৃষ্ণক নমস্কাৰ কৰে শ্ৰীকৃষ্ণয় প্ৰতি নমস্কাৰ কৰে)


শ্ৰীকৃষ্ণ। মৰমৰ লগৰী সকল আৰু মোৰ
 প্ৰিয় সখাগণ! দেবৰ্ষিৰ সনে মই।
 নিৰলে পাতিম কথা ক্ষমিবা ক্ষন্তেক
 মোক।
    [ গোপ গোপী সকলৰ প্ৰস্থান।]
শ্ৰীকৃষ্ণ। (হাঁহি হাঁহি) কি সকামে ব্ৰজধামলৈ অহা হল
 দেবঋষি পুণ্যশ্লোক তপোধন
 নাৰদ ঋষিৰ আজি।
নাৰদ। স্মৰণ কৰক প্ৰভু নিজ ভক্ত জয়
 আৰু বিজয়ৰ কথা। কংসৰূপে জয়
 আহি বিৰাজিছে মথুৰাত। কাল পূৰ্ণ
 হল আহি। প্ৰভুৰো যে শেষ হল
 বৃন্দাবন লীলা। আহে কালি দানপতি
 অক্ৰূড়ৰ হব আগমন ব্ৰজধামলৈ।
 প্ৰভু আৰু বীৰ বলোৰাম দুয়োজন
 গৈ এইবাৰ, বধি কংস, পৃথিবীৰ
 ভাৰ কৰোক হৰণ; তাৰক ভক্তক।
শ্ৰীকৃষ্ণ। দেবৰ্ষি, যাম মই মধুপুৰীলৈ
 কংসক বধিম। দুখত আকুল হয়
 প্ৰাণ, ভাবিলে দুখৰ কথা গোপিনীৰ,
 গোপাল বালক আৰু মাতৃ যশোদাৰ।
নাৰদ।। হে প্ৰভু সচ্চিদানন্দ, আনন্দ আধাৰ
 আপোনাৰ ভকতৰ নিৰানন্দ হব।

[ ২০ ]

 কেনেকৈ, অলপ কালৰ হেতু মাথো
 মায়াৰ ক্ৰীড়াত ভকতৰ হব দুখ
 তাৰ পাছে প্ৰভুৰ কৃপাত সকলোৱে
 প্ৰভুৰূপ ধৰি প্ৰভুতে বিলীন হব।
 দেখিব জগতে অতুল প্ৰভাব ভকতিৰ।
শ্ৰীকৃষ্ণ। কাইলৈ শেষ হব ব্ৰজলীলা মোৰ
 বিশ্ব সংসাৰত এনে প্ৰেমলীলা, এনে
 নিৰ্ভৰতা, এনে একাগ্ৰতা কেতিয়াও
 দেখা নাই। সৰল পৱিত্ৰ গোপ-গোপী
 প্ৰেম দুৰ্লভ ধৰাত। গোপিনীৰ ভৰি
 ধুলি পাই পৱিত্ৰিত হল ব্ৰজধাম।
 একাধাৰে পতিৰূপে পুত্ৰৰূপে ভাতৃৰ
 স্বৰূপে পাই মোক গোপনাৰী
 আপোন পাহৰা। এনে নিৰ্ভৰতা, স্বাৰ্থ
 হীন প্ৰেম এই জগতত নিচেই বিৰল।
 যত দিন চন্দ্ৰ-সূৰ্য্য থাকিব ধৰাত।
 কত ভক্তে আহি বিচাৰিব গোপিপদ
 ৰেণু ভক্তিত বিভোল হৈ। হিয়াৰ
 তলিত শুনিবহি মোৰ বাঁহী মাত
 মিলিব পৰম গতি।
নৰাদ। (প্ৰণাম কৰি) ধন্য প্ৰভু কৃপা আপোনাৰ। মহিমাৰ
 ইন্দ্ৰ দয়াৰ আধাৰ। ধন্যা গোপীমাতৃ
 শত শত কৰিছোঁ প্ৰণাম। কত যোগী
 কত যোগীন্দ্ৰই কত কল্প কঠোৰ

[ ২১ ]

তপস্যা কৰি এতিয়াও পোৱা নাই।
যাক, সেই হৰি বন্দী হল
গোপিনীৰ প্ৰেমৰ পাশত।

   [ গান গাই গাই প্ৰস্থান।]

গীত

জয় জয় লক্ষ্মীপতি জয় জনাৰ্দ্দন
জয় জয় লক্ষ্মীমাৱ প্ৰণামো চৰণ
বৈকুণ্ঠৰ ৰং বৈকুণ্ঠৰ সুখ,
  তাকো কাতি কৰি থৈ
 ভক্তৰ প্ৰেমত এই মৰতত
 ব্ৰজত আছাহি ৰৈ
 শঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাৰি
  দূৰ কৰি থৈ দিলা
 শিঙ্গা বেত বেণু গৰু চড়াবৰ এছাৰি হাতত ললা
 যাৰ পদ বেণু সদাই বিচাৰে ব্ৰহ্মাহৰ দিকপাল
 সেই হৰি আহি ভক্তি মাধুৰ্যত ব্ৰজত হল গোৱাল
 নমো বিশ্বেশ্বৰ জগত আধাৰ নমো জগতৰ পতি
 দয়া কৰা মোক অধম কিঙ্কৰ মই অতি মুঢ় মতি।

[ ২২ ]

তৃতীয় দৃশ্য


(কংসৰ ভিতৰ চৰা)


কংস। উঃ কি কাণ্ড কি কথা দেৱতাও মিছলীয়া
 হ’ল আজি। মোৰ মৃত্যু হব গোৱালৰ
 লৰাৰ হাতত। সহিব নোৱাৰো এনে
 অপমৃত্যু কেতিয়াও। ছলে বলে মাতি
 আনি বধিবই লাগিব কৃষ্ণক, আৰু
 বলোৰাম নামে তাৰ ককাই দেৱক,
 নুমলীয়া বয়সতে নিপাত সহজে
 অতি হব। অতবোৰ মাল আৰু যোদ্ধা
 গণে থাকিব আগুৰি মোক। কিৰূপেনো
 ওচৰ চাপিব মোৰ। যদিবা চাপেহি,
 ত্ৰৈলোক্য বিজয়ী মোৰ বাহুৰ আগত
 কিৰূপেনো তিষ্ঠিব সিহঁত
  (অক্ৰুড়ৰ প্ৰবেশ)
অকুৰ। কি হেতুনো স্মৰণ কৰিলে
 মোক।
কংস। হে অক্ৰুৰ বীৰ, বিশেষ কাৰ্য্যৰ বাবে
 যাব লাগে তুমি ব্ৰজধামলৈ আজি।
 শুনিবলৈ পালো নন্দৰ তনয় বুলি
 খ্যাত, কৃষ্ণ বলোৰাম, প্ৰকৃত ভাগিন
 মোৰ। এই কথা শুনি হিয়াৰ মাজত

[ ২৩ ]

  উপজিছে বিশেষ চেনেহ। ভাগিনক
  চাবলৈ ব্যাকুল অন্তৰ মোৰ। তুমি গৈ
  বীৰবৰ আনিবা দুয়োকো সাদৰেৰে
  মাতি ইয়ালৈ। পৰম উৎসৱ হব
  মোৰ নগৰত। সেই উৎসৱত যোগ।
  দিব ভাগিন সকলে মোৰ।
অক্ৰুড়। (স্বগতঃ) অকস্মাৎ এনে প্ৰেম কিয় উপজিল
  আজি ৰজাৰ মনত। শুনিছিলো হেনু
  প্ৰাণবৈৰী কংস ৰাইৰ আপোন ভাগিন
  বিষ্ণুৰুপে হব অৱতাৰ। কি জানিবা
  গোকুলৰ কৃষ্ণ সেই পুৰাণ পুৰুষ
  যদি সেয়ে হয় কিবা ভাগ্য মোৰ হব
  প্ৰভুৰ চৰণ দৰশন।
 (প্ৰকাশ্যে) মহাৰাজ নিশ্চয় সাধিম তব কাজ
  কৃষ্ণ বলোৰাম দুয়োটিকে লৈ মই
  ততালিকে আহিম উলটি।
 কংস। ভাল তেন্তে যোৱাগৈ, সফলতা লভি
  আহা যেন সোনকালে, লই মৰমৰ
  মোৰ ভাগীন দুটিক।
      [অক্ৰুড়ৰ প্ৰস্থান।]

[ ২৪ ]

চতুৰ্থ দৃশ্য

বন্দীশাল

(দৈবকী আৰু বসুদেৱ )

দৈবকী। স্বামিন্, কত দিন আৰু মই দেখিম
 ইহেন আপোনাৰ অসীম যাতনা।
 কুক্ষণত কৰালে বিবাহ অভাগিনী।
 মোক। সেই দিন ধৰি মোৰ কাৰণেই
 কত নিৰ্যাতন, কত দুখ ভোগ কৰি,
 কত কাল কটালে আপুনি। ভাই কংসে
 যদি বধিলে হেঁতেন মোক, এনে দশা
 তেনেহলে নহল হেঁতেন আপোনাৰ।
 হে প্ৰভু! কত দুঃখ দিয়া এই নিচলা
 উপায়হীন প্ৰাণী দুয়োটিক। এখন্তেক
 আহি দুখুনীৰ কোলা জুৰি বহিলাহি
 এই ঠাইত। উজলি উঠিল নৰক
 সদৃশ পোতাশাল। ভিতৰেও মোৰ
 হিয়াখনি পোহৰালা নীলকান্তমণি।
 তাৰ পাছে হিয়া মোৰ শত খণ্ড কৰি
 গুচি গৈ আজি কতনো বছৰে যশোদা
 সখীৰ কোলা জিলিকাই, আছাগৈ প্ৰভু
 পূৰ্ণানন্দ ব্ৰজধাম ধন্য কৰি। মই
 দিন লেখি লেখি বহি আছোঁ দেখা পাম

[ ২৫ ]

 বুলি চান্দ মুখ। কান্দোতে কান্দোতে মোৰ
 ঘোলা হ’ল চকু। আই যদি নোবোলা
 তথাপি ভক্ত বুলি দেখা যদি দিয়াহি
 এবাৰ ধন্য হব মানবী জনম।
বসুদেৱ। প্ৰিয়তমে ব্যাকুল নহবা। কি বুজিম
 আমি নৰ হৈ বিষম দৈবৰ গতি
 দুখ কিবা প্ৰিয়া। সুখ দুখ কাল্পনিক
 কথা মাত্ৰ তুলনা সাপেক্ষী। মায়াময়
 জগত সংসাৰ। ভাবা প্ৰিয়ে সিদিনৰ
 কথা, যি দিনা উপজি তোমাৰ গৰ্ভত
 প্ৰভু নাৰায়ণ, পোহৰালে কাৰাকক্ষ
 কি আনন্দ কিবা সুখ পালা। ভাগ্যৱতী
 তুমি আৰু ভাগ্যবান মই, ভগবান
 আহি জনমিল আমাৰ সন্তানৰূপে
 তাৰ পাছে হিয়াত সাবটি ধৰি লৈ
 ঘোৰ শিলাবৃষ্টি মেঘ গাজনিৰ
 মাজে দিয়ে লৈ গলো ব্ৰজধামলৈ। ক্ষুদ্ৰ
 ভৰি দুটি হিয়াত থাপিত কৰি লৈ
 বাট ললোঁ। ভয়ঙ্কৰ কাল সাপ আহি
 ভীষণ ফেটটি তুলি ধৰিলেহি ছত্ৰ
 ৰূপে, বনৰীয়া শিয়াল এটিয়ে বাট
 দেখুৱাই লৈ গল। মুহূৰ্ত্তে মুহূৰ্ত্তে
 বিজুলি চমকি, বিলালে পোহৰ অতি।
 যমুনা দুফাল হৈ দিলে বাট এৰি

[ ২৬ ]

সুকলমে গৈ ময়ো নিদ্ৰাবেশে অচেতন
যশোদাৰ বুকৰ মাজত থাপি শিশু
আনিলো ছোৱালী ফেৰি। সেই দিন ধৰি
এতিয়াও প্ৰভুৰূপ সদাই দেখিছোঁ
হৃদয়ত। বুকৰ মাজত এতিয়াও কৰো
অনুভব চৰণৰ কোমলতা। কংসৰায়ে
মতিয়া দেহা বিনাশ কৰিব
পাৰে, কিন্তু যি অমৃত হিয়াত বিয়পি
আছে, সেই সুখ স্বৰ্গতো বিৰল অতি।
শোক নকৰিবা প্ৰিয়তমে, ভগবান
সদায় মঙ্গলময়।

পঞ্চম দৃশ্য

নিশা

(অক্ৰূড়, নন্দ, যশোদা)

নন্দ। বান্ধব অক্ৰুড় শুনালা যি কথা আজি
 ক্ষুদ্ৰ প্ৰাণী মই, মোৰ এই শিশু দুটি
 অতি অজ্ঞ। নিজকে মানিছো ধন্য মই
 সন্তানৰ এই সন্মানত। ৰাজেশ্বৰে দূত
 পঠিয়াই নিমন্ত্ৰিছে দুয়োটিকে
 ৰাজ সভালৈ। ধন্যবাদ নিবেদিবা

[ ২৭ ]

 ৰাজ চৰণত। কিন্তু কৃষ্ণ বলোৰাম
 নহলে নিজীব মহিষী যশোদা মোৰ
 ব্ৰজবাসী নিগমে মৰিম কৃষ্ণ বিনা।
যশোদা। অক্ৰূড়, কিৰূপে জানিবা কিবা।
 উপাদানে গঢ়া মাতৃৰ হৃদয়। ৰাতি পুৱা
 হলে ভৈৰবী সুৰত মোহন ৰাগিনী গাই
 গোপ শিশু জাকে জগায়হি প্ৰাণকৃষ্ণ।
 শুনি সেই প্ৰভাতী মঙ্গল গীত উঠে
 পাটি এৰি প্ৰাণৰ গোপালে। তাৰ পাছে
 আধা মেলা মোহন চকুৰে শ্যাম তনু
 খনি আনি এঙ্গামুৰিয়াই মূৰটো
 কোলাতথৈ মোৰ মুখলৈ চাই, আই, আই
 বুলি সম্বোধে যেতিয়া জগৎ পাহৰি যাওঁ।
 গধুলি গোপাল গৰু চৰা শেষ হলে,
 ধূলি ধুসৰিত হৈ আহিলে উভটি
 সুগন্ধি পানীৰে ধুই দিও শ্ৰীঅঙ্গ।
 নিশা হলে মোৰ বুকুতেই মূৰ থৈ
 কত কথা কৈ কৈ শোৱে মোৰ প্ৰাণৰ
 গোপালে। কেনেকৈ জীম মই বিন প্ৰাণ
 কানু।
   (কৃষ্ণ বলোৰামৰ প্ৰবেশ )
নন্দ। ৰাম কানু কৰা আহি নমস্কাৰ বীৰ
 অক্ৰুড়ক। সম্বন্ধত মামা হয় তেওঁ।
    (দুয়ো নমস্কাৰ কৰে)

[ ২৮ ]

কৃষ্ণ। কিবা ভাগ্য আজি মামা এৰি ৰাজধানী
 ক্ষুদ্ৰ গাওঁ ব্ৰজধামলৈ হ’ল আগমন।
বলো। মামা, মানিছো নিজকে ধন্য আপোনাক
 আলহি স্বৰূপে পাই।
অক্ৰুৰ। ৰাজ ৰাজেশ্বৰ প্ৰভু কংসৰায়ে
 পঠিয়ালে মোক নিমন্ত্ৰি নিবলে তোমালোক
 দুয়োটিকে। মহা মহোৎসৱ হব কালি।
 বহু ক্ৰীড়া আৰু মাল যুদ্ধ আদি হব।
 ৰাজ প্ৰাঙ্গণত। সেই উপলক্ষে বোপা
 দুয়োজন যাব লাগে।
কৃষ্ণ। কি মজাৰ কথা মামা। নিশ্চয় নিশ্চয়
 যাম আমি দুয়ো। কেতিয়াও দেখা নাই
 ৰাজসভা ৰাজধানী। অজ্ঞ গাওঁলীয়া
 আমি। এনে নিমন্ত্ৰণ আমি নোৱাৰিম
 উপেক্ষা কৰিব।
বলো আমাকো দিবনে মামা মাল সহ তাত
 যুজ দিবলৈ।
অক্ৰুৰ। নিশ্চয় দিব। কিন্তু বোপা বাইদেউ
 যশোদাই, নন্দ ভিনিহীয়ে, যাবলৈ
 অনুমতি নিদিয়ে দেখোন।
যশোদা। (কৃষ্ণক সাবটি ধৰি)
 বাছা মোৰ নয়নৰ মণি প্ৰাণপ্ৰিয়
 প্ৰাণৰ পুতলি ব্ৰজৰ জীৱন ধন

[ ২৯ ]

 কেনেকৈ পঠিয়াম তোক, কাতৰ
 হৃদয়ে তোৰ অবিহনে নিশ্চয় মৰিম।
কৃষ্ণ। মা, মা, মোৰ কৌটি জনমৰ প্ৰেমময়ী
 তপস্বিনী আই, সংসাৰ মায়াত আজি
 এনেনো বিহ্বল হল কিয়। সন্দিপণি
 ঋষিৰাজ আশ্ৰমলৈ যাওঁতে পূৰ্ব্বতে
 এই দৰে কত দুখ শোক কৰিছিল
 কিন্তু প্ৰভুৰ কৃপাতে সুকলমে আই
 আহিলো উলটি দুয়ো। এতিয়াও মুঠে
 দুদিনৰ হেতু যাম মধুপুৰীলৈ। ভয়ৰ
 কাৰণ একো নাই।
অক্ৰূৰ। বাইদেউ, হাঁহি উঠে দেখি ভয়োদ্বেগ
 দুয়োটি প্ৰাণীৰ। সামান্য মানুহ বুলি
 ভাবে নেকি এই দুজনক।
কৃষ্ণ। আই মাতৃ যাম আমি ৰাজসভালৈ
 অনুমতি দিয়ক আনন্দ মনে।
যশোদা। যাবা বাৰু বাছাহঁত, প্ৰাণৰ দুলাল
 ৰাজ আজ্ঞা যেতিয়াই পালিবলৈ বাধ্য
 আমি তলতীয়া ৰজা।
নন্দ। বান্ধব অক্ৰূৰ আজি থাকা ইয়াতেই।
 প্ৰভাততে যাবা যাত্ৰা কৰি ৰাম কানু
 সহ মথুৰা নগৰ বুলি।

[ ৩০ ]

ষষ্ঠ দৃশ্য

যমুনাৰ পাৰ

(লাহে লাহে বাঁহী বজাই কৃষ্ণ বহি আছে। এজাক গোপিনীৰ প্ৰবেশ
  গোপিনীয়ে স্তুতি কৰে)

স্তুতি⸺ প্ৰিয়তম আত্মা সুহৃদ সোদৰ
 প্ৰাণ প্ৰিয়তম পতি
 পিতা জগতৰ হে প্ৰাণপ্ৰিয়
  জীৱনে মৰণে গতি
 ভকতি কুসুমে ৰাজীব চৰণ
  বাজিম হিয়াৰ তেজে
 হৃদি সিংহাসন পৰিপূৰ্ণি তাতে
  তোমাৰ চৰণ বাজে
 কোটি জনমৰ কোটি সাধনাৰ
  কোটি তপস্যাৰ সিদ্ধি
 তুমি ময় প্ৰাণ নাই আৰু আন
  গোপিনীৰ প্ৰাণনিধি
 (শ্ৰীকৃষ্ণই লাহে লাহে গীত গায় )

গীত

মধুযামিনী সুখময়ী নিশা
 মধুৰ মলয় বয়
মধুৰ গীতৰ মোহন লহৰী
 যমুনা উজাই যায়

[ ৩১ ]

কামনা বাসনা ৰূপ ৰস আদি
 সবে লোপ হৈ গল
সহস্ৰ জোনৰ কোমল মাধুৰী
 প্ৰেমত বিলীন হল।
স্বাৰ্থ গন্ধ হীন অতুল প্ৰেমত
 ব্ৰজ আজি পুত ধাম
এই প্ৰেম দেখি বিশ্ব তবধ
 গোপ গোপী সিদ্ধ কাম।

১ম গোপিনী। সঁচাকৈয়ে ব্ৰজনাথ কালি হেনো যাব
 ব্ৰজ এৰি মধুপুৰীলৈ। কি সতেনো বাৰু
 এৰি যাব একান্ত ভকত সকলক।
কৃষ্ণ। এদিনৰ কাৰণেহে যাম প্ৰিয় সখি।
২য়া গোপিনী। কেনেকৈ জীম আমি প্ৰভু।
কৃষ্ণ। গোপ গোপী জানো আমি কৃষ্ণময়
 প্ৰাণ সকলোৰে। দেহ মন সব সঁপি
 মোতে আজি, অভিন্ন হৃদয় হলাঁ মোৰে
 সতে তোমালোক।
১ম গোঃ। সখা, তুমি যে আমাৰ কত সাধনাৰ
 ধন। কত জন্ম জন্মান্তৰ তপস্যাৰ ফল
 ৰূপে আজি পাইছো তোমাক আমি প্ৰভু।
 বনত ফুৰোতে তুমি তব পৰশত
 গছ লতা ফুল ফুলি উঠে জাতিষ্কাৰ হৈ।
 বিষম ৰদত মেঘে ছায়াঁ দিয়ে,
 মলয় বতাহ বয় মৃদু সুশীতল।
 বাঘ সিংহ বৰা আদি হিংস্ৰ জন্তুৱেও

[ ৩২ ]

 ধৰে শান্ত ভাব, দেখিলে তোমাক সখা,
 তেনে হেন নিধি তুমি, এৰি গলে হব
 দগ্ধ মন প্ৰাণ
২য় গোঃ। কিবা দশা হব ব্ৰজৰ গোপীৰ?
কৃষ্ণ। গোপিনী সকল সখী, জীৱাত্মা ৰূপিণী
 সমস্ত ব্ৰহ্মাণ্ড লীলাভূমি তোমাসাৰ
 প্ৰত্যেক জীৱই হিয়া মোকলাই চালে
 দেখা পাব গোপিনী ৰূপিণী জীবাত্মাক।
 প্ৰত্যেক উশাহ জীৱাত্মাৰ হাকুলি
 বিকুলি মাথো, মিলিবলৈ পৰমাত্মা
 মহাকাল ৰূপী সহ। মোৰ সতে সখী
 যি মহা মিলন আজি গোপ গোপিনীৰ
 সি যে পৰমাত্মা জীৱাত্মাৰ অপূৰ্ব্ব।
 সংযোগ। পূৰ্ণৰ লগত পূৰ্ণৰ মিলন
 বিৰহ বিহীন অনন্ত অনন্ত যুগব্যাপী।

কৃষ্ণই গায়

গীত

হাবিৰে তলিতে ফুলিলে ফুলে ঐ
 থাকে সূৰুযলৈ চাই
নিজৰে মনতে নিজে বাঙ্গে চৰাই
 হিয়া ভৰি ভালে পায়
পচিমৰ মেঘতে বেলি বুৰি গলে
 ফুলকে মাতোতা নাই
সূৰুযৰ ছবিটি হিয়াতে নিৰখি
 আপোন পাহৰি যায়।

[ ৩৩ ]

১ম গোপী।যমুনাৰে বালি
  জোনাকত ৰূপালি
 তাতে কেতেকীয়ে মাতে
 বান্ধ নহলে জীৱ বাজ হব
 অগনি জ্বলিব গাতে
 ইকুলে সিকুলে সকলো সুদা ঐ
  স্বৰগ নৰকো শূইন
 বান্ধব ভৰিতে দেহা মন সপিলোঁ
 তাতে হৈয়ে যাম লীন।

(আঁৰ কাপোৰ )

[ ৩৪ ]

দ্বিতীয় অঙ্ক

প্ৰথম দৃশ্য

[ ৰাতিপুৱা-নন্দ, যশোদা, গোপবালকগণ, কৃষ্ণ, বলোৰাম আৰু অক্ৰুৰ ]

যশোদা। নিৰানন্দ ব্ৰজ, নেবাজে প্ৰভাতী কাড়া
 গোপ শিশুগণ ধৰা চূড়া পিন্ধি সৌ,
 ধেনু লৈ অপক্ষিছে প্ৰাণৰ গোপাল।
 গৰু ডামুৰীয়ে হাম্বা হাম্বা কৰি ঘনে
 আহ্বানিছে নীলমণি। ব্ৰজবঁধুকুল
 কৃষ্ণ ধন কৃষ্ণ প্ৰাণ বুলি, সঘনে ফোঁকাৰি
 ধূলাত বাগৰে বিষাদৰ প্ৰতি মূৰ্ত্তি,
 চেনেহ কাতৰা, হিয়া মোৰ ভাঙ্গি যায়
 বিৰহৰ কথা ভাবি। অক্ৰুড় বান্ধব
 সঁপি দিলোঁ নয়নৰ মণি ব্ৰজপ্ৰাণ,
 তোমাৰ হাতত, সযতনে সসম্ভ্ৰমে
 ভেটাবানি ৰজাৰ আগত। অতি অজ্ঞ
 গোপ শিশু দুখীয়াৰ আচলৰ ধন।
 নেজানে ভকতি স্তুতি, ৰজাৰ আগত
 নোৱাৰিব ভয়তে মাতিব। অপৰাধ
 ক্ষমি যেন মহাৰাজে, তোমাৰে লগতে
 ওলটাই পঠিয়ায় ব্ৰজধামলৈ।

[ ৩৫ ]

নন্দ। ৰাজ চক্ৰবৰ্তী কংস মহাৰাজ নিজে,
 আমি ক্ষুদ্ৰ গোপৰ মোড়ল তলতীয়া
 ৰাজকৰ দাতা। প্ৰভু অজ্ঞা নোৱাৰিলো
 অবজ্ঞা কৰিব। ব্ৰজধাম শূন্য কৰি
 অন্ধৰ লাখুটি দুটি তোমাৰ লগত যাব।
 ৰজাক জনাবা মোৰ নমস্কাৰ স্তুতি
 শীঘ্ৰে যেন ওলটাই আনি ৰাম কানু
 ব্ৰজপ্ৰাণ ৰক্ষা কৰাহে অক্ৰূড়।

(গোপবালকবিলাকে গায় )

১ম গোপবালক।অ ভাই কানাই অ' ভাই বলাই
 আমাক এৰি কেনি যোৱা ভাই।
 ৰাতিপুৱা উঠি মোহন মুৰতি
 শিঙ্গা বেণু সহ তোমালোক দুটি
 লৈ যাও আমি গোঠলৈ,
 হে কৃষ্ণ হে কৃষ্ণ গোপিনীয়ে গায়,
 ধেনু ডামুৰীয়ে তোমালৈ চায়
 আনন্দে লোতক চকুৰে বোৱাই,
 ব্ৰজৰ পথাৰ ৰঙ্গে ভাহিযায়,
 সকলোকে এৰি যাবা গৈ।

২য় গোপবালক। প্ৰাণৰ কানাই মুৰতি মোহন
 হাঁহি ভৰা মুখ কমললোচন
 তোমাক নেদেখি জীম কেনেকৈ
 অজি ব্ৰজধাম যাব শূন্য হৈ
 আমাকো লগতে নিয়া হে।

[ ৩৬ ]

অক্ৰুৰ। যশোদা চেনেহি আই পিতা নন্দৰাজ
 কত কল্প কল্প তপস্যাৰ মহাফল
 এই দুই নৰশ্ৰেষ্ঠ তনয় শোভন
 আপোনা লোকৰ। সামান্য মানুহ ভাবি
 নহব বিকল যেন। যাৰ ৰূপে গুণে
 বনৰ হৰিণা গৰু ডামুৰিও বশ,
 প্ৰকৃতি উজ্জ্বল হয় যাৰ সুমোহন
 সুগঠিত দেহা দেখি। অকল্যাণ, ভয়,
 অলপো নিদিব ঠাই মনৰ মাজত।
 কৰোঁ অনুৰোধ, সানন্দে বিদায় কৰি
 দিয়ক মেলানি। সাত দিন পাছে আকৌ
 ঘুৰাই আনি থৈ যাম সুকলমে।
 কৃষ্ণ। (গোপবালকবিলাকলৈ চাই)।
 যাওঁ ভাই, আনন্দে বিদায় দিয়াহঁক।
 কত সুখস্মৃতি লৈ এৰি যাওঁ আজি
 পুণ্যতীৰ্থ ব্ৰজধাম। বন্ধুৰ দুখত
 দুখিত আমাৰ হিয়া। মোৰ অবিহনে
 মোৰে দৰে আহি যশোদা মাতৃক মোৰ
 আই আই বুলি প্ৰেমে বিগলিত হৈ
 মাতিবাহি। মোৰ দৰে বজাবা সততে
 মোহন বাহৰ বাঁহী, যাৰ মাত শুনি
 গৰু, বৎস, গোপিণী সকলে শান্তি পায়।
 (যশোদালৈ চাই হাতযোড় কৰি)
 আই, মাতৃ মোৰ কৰুণাৰ প্ৰতিমূৰ্ত্তি

[ ৩৭ ]  

নিস্বাৰ্থ প্ৰকৃত প্ৰেম-প্ৰতিকৃতি দেবী।
অনাদি কালতে বিশ্বৰূপ বিশ্বপতি
বিশ্ব খনিকৰে স্ৰজিলে যেতিয়া আই
ব্ৰহ্মাণ্ড নিখিল, তেতিয়াই স্ৰজিছিল।
অমৃত সুৱদি অবিনাশী এই ফল
মাতৃপ্ৰেম। নমো নমো প্ৰকৃতি ৰূপিণী
ভগবতী মাতৃ মোৰ। নমো নমো পিতা
মৰ্ত্ত্যৰ দেৱতা মোৰ। অধম সন্তানে
মাগিছোঁ বিদায়। আজি আশীৰ্ব্বাদ কৰি
দিয়ক মেলানি। দেৱতাৰ ইচ্ছামতে
দেৱকায সাধিবলৈ যাম আমি।

যশোদা। যোৱা বাছা, ভগৱন্তে কৰক কল্যাণ।

নন্দ।দুৰ্গা দুৰ্গতি নাশিনী মা দশভূজা

 

আপদে বিপদে ৰক্ষা কৰা যেন সদা।
নিৰাপদে আহিবা উলটি প্ৰিয়তম।

(পট পৰিবৰ্ত্তন)

দ্বিতীয় দৃশ্য

[ অক্ৰুৰ, বলৰাম, কৃষ্ণ আৰু এজাক গোপিনী]

অকুৰ। সৌৱা নগৰ প্ৰান্তত ৰৈ আছে ৰথ।

 বলা শীঘ্ৰে, যাব লাগে বাট বহুদুৰ।

[ ৩৮ ]

[বাটতে গোপিনীবিলাকে বহি নাম-গাই আছে।]

নাম

প্ৰাণহৰি এ কলৈ যোৱা তিয়াগি আমাক
দেহ মন প্ৰাণ সখা তোমাতে সঁপিলোঁ আমি
  এৰি গৈ নকবা অনাথ
নেজানো ভকতি স্তুতি নেজানো ধৰম কথা
  মুৰুখ প্ৰকৃতি গোপনাৰী
পতি বুলি পুত্ৰবুলি পিতা বুলি একাধাৰে
  তোমাকে ভজিলো দেৱহৰি
মোহন মুৰতি শ্যাম গোপিনী নয়নমনি
  তিলেকো নিজীওঁ তোমা বিনা।
দয়া কৰা দয়াময় নেযাবা নেযাবা এৰি
  আমি নাৰী অতি দীনহীনা।

কৃষ্ণ। [ কিছুমান পৰ আবিষ্ঠ ভাবেৰে ৰৈ থাকি ]
 মৰ্ত্ত্যত অতুল পবিত্ৰ প্ৰেমৰ মুৰ্ত্তি—
 ব্ৰজৰ গোপিনী উঠা উঠা ধূলি এৰি—
 এই প্ৰেম অনন্ত অসীম, ভাগ্যমোৰ
 এনেহেন প্ৰেমৰ সোৱাদ পালোঁ মই
 পৃথিবীতে। গোপী মই অভিন্ন হৃদয়।
 বিভিন্ন দেহাতো এক আত্মা এক প্ৰাণ,
 ভক্ত এৰি দূৰত নেথাকোঁ এক তিল,
 মায়া-মোহ এৰি চকু মুদি চোৱাঁ বাৰু
 প্ৰত্যেক হিয়াতে কিবা দেখা পোৱা সখী।
  (গোপিনীবিলাকে চকু মুদে )

[ ৩৯ ]

১ম গোপী। আৰু তো নেমেলোঁ চকু
  প্ৰভু মোৰ আছে হিয়াৰ মাজত
  চাৰু চতুৰ্ভুজ দেখোঁ।
২য় গোপী। শ্যাম মূৰতি পঙ্কজ লোচন
  কিবা সুশোভন তনু
  মূৰত শোভিছে কিৰীটি সুবেশ
  ভ্ৰূব মদনৰ ধেনু।
৩য় গোপী। চাৰু চতুৰ্ভুজ শঙ্খ-চক্ৰ-গদা
   লৈ পদুমৰ পাহি
  বিশাল বুকত শ্ৰীবৎস লাঞ্ছন
   মুখে মনোহৰ হাঁহি।
৪ৰ্থ গোপী। গলে বনমালা কণ্ঠত কৌস্তুভ
   দন্ত মুকুতাৰ পান্তি
  সিংহ সম সৰু সুন্দৰ কঁকাল
   শত চন্দ্ৰমাৰ কান্তি।
৫ম গোপী। চাৰু পীতবাস চৰণ পঙ্কজে
  ৰত্নৰ নুপূৰ বাজে
   কি সুন্দৰ নখ-চন্দ্ৰে লাজ পায়
   কিবা শোভে চাৰু সাজে।
শ্ৰীকৃষ্ণ। সখী, চকু মেলি চোৱা যদি দেখা পাবা
  ব্ৰজৰ-সুন্দৰ গছ লতা ঘাঁহ বন
  আকাশ প্ৰান্তৰ সুবিমল প্ৰবাহিনী
  সুন্দৰী যমুনা সকলো শ্যামলৰূপী।
  শ্যাম আভা য’তে দেখা, ততে আছোঁ মই

[ ৪০ ]

 চকু মুদিলেই যোগীৰ বঞ্ছিত ধন
 শত সাধনাৰ শেষ ফল চতুভুৰ্জ
 নাৰায়ণ ৰূপ, প্ৰেমৰ আধাৰ দেখা
 পাবা। গোপিনীও সেই প্ৰেম সাগৰত
 হব লীন পূত কৰি স্বৰ্গ মৰ্ত্ত্য ৰসাতল।
১ম গোপী। মনত আশঙ্কা হয়, ক্ষেমিবা ক্ষেমিবা
 নাথ অজলা অবলা নাৰী বুলি মোক,
 কেতিয়াওঁ যেন নেদেখিম মৰতিয়া
 নয়নেৰে সেই চাৰুমুখ বিনন্দিয়া।
 নুশুনিম সুললিত বাঁহী মাত আৰু।
 ৰাতিপুৱা উঠি নেদেখি পুলকিত
 দেহে, শ্যামল সুন্দৰ সুবঙ্কিম ৰূপ।
 দিনৰে দিনতো উদগ্ৰীব নয়নে ৰৈ ৰৈ
 নেদেখিম সন্ধিয়াত গোৰজে ৰঞ্জিত
 সুকুমাৰ দেহ চাৰু। শিঙ্গা বেনু লই
 মধুৰ আগ্ৰহে ব্ৰজবাসী সকলোৱে
 সাদৰি আৰতি কৰি আগবাঢ়ি গৈ
 পদুলিৰ পৰা কাকনো আনিম বৰি।
 ভকতক এনে দুখ কিয় দিয়া প্ৰভু
 দয়াময় তুমি ভক্তপ্ৰাণ। দুখীয়া।
 নিলা অতি নিমাষিত গাঁৱলীয়া
 ব্ৰজবাসী নৰ। কত জন্ম তপস্যৰ
 ফলে, গুণনিধি ব্ৰজত ললাহি থিতি।
 কি পাপত আজি তিয়াগিনো যোৱা এই

[ ৪১ ]

 গোপ গোপী জাঁক। নেজানিলোঁ নিজ
 স্বাৰ্থ। পতি পুত্ৰ পিতা ভাই আই এৰি
 তোমাক দেখিলো বাহিৰে ভিতৰে সদা
 সপোনে দিঠকে। ক্ষন্তেক নেদেখি শূন্য
 দেখোঁ ত্ৰিভুবন। আজি কোন সতে এৰি
 যোৱা বান্ধ। জুই জ্বালি লৈ নিজকে
 আহুতি দিম কৃষ্ণ নাম লৈ লৈ। যাবা
 প্ৰভু, তাৰ পাচে।
২য় গোপী। ৰাতিপুৱা সযতনে জননী যশোদা
 মাৱে বান্ধি দিয়ে মাখন চঞ্চ পুৰী।
 আমি দধি মথি পূজাত লগাম বুলি
 বান্ধি দিওঁ ক্ষীৰ, ছানা, ননী সাৱধানে।
 তুমি প্ৰেমময় ঈষৎ ঈষৎ হাহি
 মধুৰ কটাক্ষে প্ৰাণ মুহি যোৱা গুচি
 ধেনু বৎস লৈ বনলৈ। আমি ব্যাকুল
 হিয়াৰে বাট চাই চাই থাকোঁ গধূলি
 বেলিকালৈ। ভয় কৰো কি জানিবা ফুটে
 কাঁইট ধ্বজ-ব্ৰজে অঙ্কিত সুন্দৰ।
 ৰাজীব চৰণ তলে। কি জানিবা ঘটে
 অমঙ্গল বননিত। এই ভাবি ভাবি
 অবহেলি ঘৰৰ কামকো বাহিৰ
 ভিতৰ কৰি দিনটো কটাও। গধূলি
 গোপাল গোৱাল সইতে গৰু বৎস
 লৈ বৃন্দাবন পালেহিহে, জীউ আহে

[ ৪২ ]

আমাৰ দেহাত প্ৰেমময়। এতিয়ানো
কি কৰিম সমিধান দিয়া। প্ৰাণলৈ
নাই যে মৰম। ছাৰ দেহা বিসৰ্জ্জন
দিম। নিজ হাতে বধা প্ৰভু গোপীপ্ৰাণ,
নাথাকিলে তুমি নিজীব গোপিনী।

(কৃষ্ণয় গীত গায়)।

গীত—(বেহাগ মিশ্ৰ)

উঠা মোৰ ভকত ৰতন
উঠা মোৰ হৃদয়ৰ ধন
তুমি মই অভিন্ন সদায়
য'ত তুমি তাতে থাকো মই।
চকু মুদি মাতিলে প্ৰেমত
দেখা পাবা হিয়াৰে মাজত
হৃদি বৃন্দাবন সুশোভন
ভক্ত সমে তাতে হে মিলন
সকলো বিনাশী মায়াজাল
প্ৰেম অবিনাশী চিৰকাল।

সখী তোমালোক ভকত প্ৰধানা মোৰ
নও দিন পাছে, মোৰ নাম সুৱৰি
মাতিবা, সাদৰি নিষ্কাম প্ৰেমেৰে অতি
সেইদিনা ভক্ত সনে হমহি মিলিত
চিৰকাল বিচ্ছেদ বিহীনা পাবা মোক⸺
বাট এৰি দিয়া সখি আনন্দে বিদায়।

(গোপিনীসকলে বাট এৰি দি কৃষ্ণক আঠুকাঢ়ি নমস্কাৰ কৰে।)

পটৰ সাল সলনি।

[ ৪৩ ]

তৃতীয় দৃশ্য

(মথুৰাৰ ওচৰত যমুনাৰ তীৰত ৰথত বহি

কৃষ্ণ বলোৰাম—অক্ৰুৰ ৰথৰ পৰা নামে)

কৃষ্ণ।  সৌৱা দেখা যায় মথুৰা নগৰখন
  কত সৌধ কত হৰ্ম্ম্য কত ৰাজবাট
  দেখা যায় ইয়াৰে পৰাই। কত ৰথ,
  কত গজ, অশ্বাৰোহী, বিপুল জনতা।
  অবিশ্ৰাম আহিছে গৈছে অন্ত নাই;
  যমুনাৰ পাৰে পাৰে অট্টালিকা শাৰী,
  গবাক্ষে গবাক্ষে কত নগৰী সুন্দৰী
  দেখা যায়, ঘাটে ঘাটে জন সমাৰোহ;
  স্নাতকে কৰিছে স্নান, গায়কে গাইছে
  দেৱগীত। চোৱা দাদা কিবা বিতোপন
  সুন্দৰ নগৰখনি কংস ৰাইৰ।
বলৰাম। সুন্দৰ নগৰখনি কানু তাৰ কোনো
  সন্দেহেই নাই।
অক্ৰুৰ। ৰামকৃষ্ণ দুয়ো ভাই ক্ষন্তেক জিৰোৱা
  যমুনাত কৰো মধ্যাহ্নৰ আহ্নিক
  তৰ্পণ আদি।

[ অক্ৰুৰ গৈ পানীত নামি গা ধৰে-পানীত ডুব মাৰি তাৰপৰা উঠি

 কৃষ্ণ বলোৰামক চায়। আকৌ ডুব মাৰে। এই বাৰ উঠি

  আহি ভিজা কাপোৰে দুয়োৰৰ আগত আঠু লয়হি]

[ ৪৪ ]

কৃষ্ণ। কিবা হল বীৰবৰ অক্ৰুৰ, কওকচোন।
অক্ৰুৰ। প্ৰভু জগন্নাথ অধম পাতকী মই।
 নিচিনিলো প্ৰভু তোমালোক দুয়ো কোন।
 সামান্য ব্ৰজৰ গোপ গোপী সহ দেখি
 ভাবিছিলোঁ প্ৰভু তোমালোক সামান্য
 মনুষ্য তনু বুলি। সেই দেখি প্ৰভু
 অধমক দিল দিব্য চকু প্ৰেমময়।
 ক্ষমা অপৰাধ মোৰ দয়াৰ সাগৰ।
কৃষ্ণ। কিনো হ'ল বাৰু কওকচোন বহলাই।
 আচৰিত হলো আপোনাৰ এনে ভাব দেখি।
অক্ৰুৰ। মধ্যাহ্ন সন্ধ্যাৰ বাবে স্নানৰ কাৰণে
 ডুব দিলোঁ। দেখো কৃষ্ণ বলোৰাম তাতে
 বহি আছে। আচৰিত মানি চালোঁ উঠি
 দেখো পুনঃ দুয়োজন ৰথতেই আছে,
 পুনঃ বুৰ দিলোঁ, দেখা পালোঁ কি সুন্দৰ
 মূৰতি মোহন অনন্ত শয্যাত বিষ্ণু
 বহি আছে উজলি ভুবন, লক্ষ্মী পদতলে,
 ক্ষমা কৰা অধমৰ দোষ দয়াময়
 পূৰ্ণ অবতাৰ তুমি প্ৰভু। অবতাৰ
 বলোৰাম অনন্ত স্বৰূপী মহাকাল।
 ক্ষুদ্ৰ বুদ্ধি কি বুজিম মই।

[ অক্ৰুৰৰ স্তৰ ]

 নমো নমো নমো  শ্যাম কলেবৰ
  অনাদি অনন্ত ৰূপ

[ ৪৫ ]

ব্ৰহ্মা আদি দেৱে ঘোৰ তপ কৰি
 নুবুজে যাৰ স্বৰূপ।
চৰণ সুন্দৰ সুগন্ধি পদ্মৰ
 পাহি অতি মনোহৰ।
সহস্ৰ ভোমোৰা  গুঞ্জৰি উৰিছে
 মধু আশে নিৰন্তৰ।
পীত ধুতি চাৰু কটিত সুন্দৰ
 উৰু দাম ৰম্ভা বাজে,
নূপুৰৰ মাত কিবা সুমধুৰ
 চৰণ কমলে বাজে।
সুন্দৰ ককাল  হৰৰ ডম্বৰু
  ত্ৰিভঙ্গ ভঙ্গিমা দেহ
ৰত্ন কটি সূত্ৰে নিতম্ব শোভিত
 আহা কি অপূৰ্ব্ব বেশ।
ককালত বান্ধা ৰত্নেৰে খচিত
  বিচিত্ৰ টঙ্গালি খনি,
সুগন্ধি পুষ্পৰ  বনমালা দোলে
 কণ্ঠত কৌস্তুভ মণি।
বাহু মনোহৰ  ডিঙ্গি শঙ্খ জিনি
 আঙ্গুলি চম্পাৰে কলি,
মুখ পদ্ম আভা  মুনি মনো লভা
 চাচৰ সুন্দৰ চুলি।
পদুম নয়ন নাক তিল ফুল
 ওঠ বিম্বফল জিনি

[ ৪৬ ]

দাঁত মুক্তা শাৰী  ভুৰু ধেনু জুৰি
 মুখত ঈষত হাঁহি।
ত্ৰৈলোক্য মোহন ত্ৰৈলোক্য ঈশ্বৰ
 সৃষ্টি স্থিতি লয়কাৰী,
অধমক মোক প্ৰভু ক্ষেমিয়োক
 জয় জয় দেৰ হৰি।

চতুৰ্থ দৃশ্য

কংসৰাইৰ ৰাজসভা

[ কংস, পৰিষদ বৰ্গ, দূত, ৰাণী, মন্ত্ৰী আৰু আন আন যাদব সকল ]

কংস। কাইলৈ মোৰ সমুখত মাল যুঁজ হব,
 বহন চোতাল সেই বাবে সুসজ্জিত
 কৰা হওক। দূৱাৰত কুবলয় চুপি
 সাবধানে থাকিব মাউত সনে ৰৈ।
 তাৰ পাছে তোড়ন কাষত চানুৰ
 থাকিব যুদ্ধ আশে। চানুৰৰ পাছে
 থাকিব মুষ্টিক মাল বেশে সাজু হৈ।
 ৰাজ পৰিবাৰ সহ মঞ্চ ওপৰত।
 বহি ৰং চাম। কৰদ তলত থকা
 ৰাজবৰ্গ বহিব দক্ষিণ কাষে মোৰ
 বাওঁফালে পিতা উগ্ৰসেন বসুদেৱ

[ ৪৭ ]

 আদি যতেক যাদব বহিব উৎসব
 কৰি। মন্ত্ৰী, কিমান আহিব মাল কালি
 সাজু হৈ যুঁজলৈ। বৃন্দাবন বুলি কালি
 গৈছেনে অক্ৰুৰ নিজেই?
মন্ত্ৰী। মহাৰাজ তব আজ্ঞা শিৰধাৰ্য্য কৰি
 পঠাইছোঁ দূত দহো দিকে। মই ভাবোঁ
 এনে মাল কতো নাই প্ৰভু ই ৰাজ্যত
 যাৰ সাহ হব কুবলয় পীৰ বধি
 যুজিবহি চানুৰ মুষ্টিক মাল সনে।
 বৃন্দাবন নন্দৰাজ দেশ। গোপ গোপী
 ধেনু লৈ দৈ দুধ বেচি দুখতে জীৱন
 কোনো মতে কৰিছে যাপন। কোন মাল
 আছে তাত যুঁজিবহি আমাৰ ইয়াত।
 নন্দৰাজ সুত কৃষ্ণ বলোৰাম দুয়ো।
 অতি সুকুমাৰ সযত্নে পালিত দেহা
 ৰাজপুত্ৰ দুয়োটিকে আনিছে সাদৰে
 অক্ৰুৰ বীৰে, তব আজ্ঞা মতে চাবলৈ।
 উৎসৱ ইয়াত। আপোনাৰ আজ্ঞা মতে
 নন্দৰাজো হব উপস্থিত আহি আজি
 মথুৰা পুৰত।
কংস। শুনিছোঁ নন্দৰ সুত দুয়ো, দুৰ্দ্ধষ
 পৰম যোদ্ধা। যদিহে কোনোবা আন
 নাহে ইয়ালৈ সেই দুই কুমাৰেই।
 মাল যুঁজ দেখুৱাই তুষিব আমাক

[ ৪৮ ]

 যুজৰ ওৰত বটা লৈ সন্মানেৰে
 নিজ ধাম ব্ৰজপুৰীলৈ উভটিব দুয়ো,
 ক্ষত্ৰিয় কুমাৰ দুয়ো সম্বন্ধো আমাৰ
 লাগে। সম্বন্ধত মোমায়েক হওঁ মই
 যোৱা মন্ত্ৰী কৰা আয়োজন।
মন্ত্ৰী। মহাৰাজ কেতিয়াও এনে মালে সৈতে
 যুজা নাই সেই দুটি সুকুমাৰে;
 শুনিছোঁ ব্ৰজত গোপ শিশুবিলাকেৰে
 ফুৰিছিল উমলি জামলি গৰু গাই
 ডামুৰি চৰাই। প্ৰেম গীত গায় হেনো
 বজাই বাঁহৰ বাঁহী, পিন্ধি ম’ৰা পাখি,
 সেই ডেকা দুটি নিচেই কোমল হেনো;
 সমূলি মৰিব হায় যদি যুঁজ কৰে
 নিষ্ঠুৰ নিৰ্দ্দয় বীৰ চানুৰৰ সনে।
 কিবা যশ হব প্ৰভু জগতে নিন্দিব।
 এনে অকাৰণ অন্যায় কুকাজ দেখি।
কংস। ই যুঁজত মৃত্যু বুলি কোনো কথা নাই
 মোৰ আজ্ঞা মতে বন্ধু ভাবে বীৰ ভাবে
 যুজিব যুজাৰু মোৰ মাল হঁতে চাবা।
 শিশুটো নহয় এই নন্দৰ কুমাৰ
 দুয়োজন পাৰ হৈ কিশোৰ বয়স
 ভৰি দিছে যৌবনত। ঘোৱা এতিয়াই
 মন্ত্ৰি, চৰ্ব্ব চুয্য লেহ পেয় বাদ্য ভাণ্ড
 সকলো প্ৰস্তুত হওক প্ৰচুৰ প্ৰমাণে;

[ ৪৯ ]

 নগৰৰ দুৱাৰত সাজক তোড়ন
 উৎসৱত মতলীয়া হ’ক সকলোৱে।
 ৰজকক কবা, বাছি বাছি ৰাজ সাজ
 আনে যেন ধুই শুকুলা সুন্দৰ কৰি।
 মালী আহি বিচিত্ৰ মালাৰে সজাবহি
 ৰাজদেহ কালি। সৈৰন্ধ্ৰীয়ে সুগন্ধি
 দেবাঙ্গ যোগ্য মৃগমদ কস্তুৰি চন্দন।
 আনি সজাবহি মোৰ অঙ্গ। পুৰনাৰী
 গণে যেন দিব্য বেশ ভূষা কৰি কালি
 কৰে আহি ৰাজ সম্ভাষণ। প্ৰভাততে
 বাজিব দুন্দুভি। সুগায়কে গাব গীত
 বাদকে বজাব, চাৰণে কৰিব স্তুতি।
 সৈন্যগণে শাৰী হৈ ঠিয় দিব তোড়ন
 মুখত। যোৱাঁ মন্ত্ৰী মোৰ এই আজ্ঞা
 বৰ্ণে বৰ্ণে পালাগৈ অতি সাৱধানে।
মন্ত্ৰী। যাওঁ প্ৰভু, সকলো প্ৰস্তুত পাব [ মন্ত্ৰীৰ প্ৰস্থান ]
কংস। আজি কিয় মোৰ মন এনেনো চঞ্চল।
 ৰাজৰাজেশ্বৰ মই কত ৰজা আহি
 বন্দে দিনে ৰাতি মোৰ চৰণ যুগল।
 মোৰ ভীম বাহু বল নোৱাৰি সহিব।
 কত ৰাজেন্দ্ৰই ভয়তে বিতত হৈ।
 দিয়ে কৰ। দুৱাৰত মদমত্ত হাঁতী
 আগণিত সুসজ্জিত যুঁজাৰু পৰম।
 ৰথে ৰথী, অশ্বে অশ্বাৰোহি বীৰ কত।

[ ৫০ ]

পদাতিক অলেখ অপাৰ স্থিৰ যোদ্ধা।
চানুৰ মুষ্টিক তোষল বল্লভ হেন
বীৰ নাই তিনি ভুবনত। এওলোকে
ৰাখে দেহ মোৰ, অতি সাৱধানে নিতে।
তথাপিতো যেন ৰৈ ৰৈ মৃত্যুৰ বাতৰি
কৈ যায় কোনোবাই কাণে কাণে মোৰ।
কালি সপোনত দেখিলোঁ অদ্ভুত। মই
যেন দিগম্বৰ হৈ গাধৰ পিঠিত
উঠি গৈছোঁ দখিণ ফালে ৰঙ্গামালা
পিন্ধি। বিকট শবদে ঘৰৰ চালত
পৰি মাতে যেন হুদুয়ে ফেচাই। ঘোৰ
আপদিয়া মাতে যম ডাকিনীয়ে মাতে
মাজ নিশা। ৰদত ঠিয় দি চাওঁ যদি
অকস্মাৎ ছায়াঁত নেদেখো মূৰ মোৰ।
কিবা অদভুত কথা। ভয় যে নকৰোঁ
তথাপিও। নাৰদৰ বাক্য যদি সচাঁ
হয়, মোৰ প্ৰাণ বৈৰী কৃষ্ণ গোপ
নৌ পাওঁতেই কাষ বধাম দূৰতে,
তেতিয়া নিৰ্ব্বৈৰী হই ভুগিম পৃথিবী।
পিতা উগ্ৰসেন শত্ৰু বসুদেৱ আৰু
দৈৱকী ভনিটি আছে বন্দী হৈ সদা।
কোনো কুমন্ত্ৰণা কৰিবৰ পোৱা নাই
কোনো অৱসৰ।
দুৱৰী—দুৱৰী⸺

[ ৫১ ]

(দুৱৰীৰ প্ৰবেশ)

দুৱৰী। আজ্ঞা হওক মহাৰাজ কি সাধিব দাসে।
কংস। এই দণ্ডে মাতি আণ ইয়ালৈ তই
 চানুৰ মুষ্টিক আদি বীৰ মাল যত।
 প্ৰয়োজন হেতু এতিয়াই লাগে মোক।
দুৱৰী। যিবা আজ্ঞা মহাৰাজ   [প্ৰস্থান]
   (ৰাণীৰ প্ৰবেশ)।
ৰাণী। স্বামিন, যদুকুলপতি, অধীশ্বৰ
 পৃথিবীৰ, কি কাৰণে এনে উৎসবৰ
 আয়োজন আজি। দুঃস্বপ্ন দেখিলোঁ প্ৰভু
 মোৰ যেন অকস্মাৎ ৰাণীৰ মুকুট
 খহি গ'ল। ওপৰৰ দাঁত পাৰি গল সৰি।
 ভয়তে কাতৰা মই। কওকচোন
 সচাঁনে বাতৰি? কালি হেনো ৰামকানু
 নন্দৰ দুলালযুগসমে যুজ হব।
 চানুৰ মুষ্টিক আদি বীৰ সকলৰ।
 অতি সুকুমাৰ দেহা হেনো দুয়ো অতি
 শিশুমতি। পুৰনাৰীগণে বিষাদ
 ব্যথিত হৈ জনাইছে মোক। বহু ৰজা
 বহু নৰ সমবেত হব। গীত বাদ্য
 ৰঙ্গৰসে প্ৰেম আলাপনে তুষি যত
 অতিথিক শান্ত চিত্তে দিয়ক বিদায়।
 কাষ নাই মাল যুজ, হাতী যুজ আদি
 উৎসবত।

[ ৫২ ]

কংস। কালি কংসোৎসব হব। যত ৰজাগণ
 প্ৰজাগণ পুৰনাৰী সবো সাদৰে
 আহূত। মাল যুঁজ, অসি যুজ, উৎসব
 অঙ্গ চিৰকাল। ব্ৰজৰ গোপাল আজি
 আহিছে মথুৰা বুলি অতিথি স্বৰূপে
 চাবলৈ মহোৎসব। যদি যুঁজৰ
 আশাত নামে প্ৰাঙ্গণত কোনে নো বাধিব
 বাৰু। যদিহে নকৰে মন ৰাজপুত্ৰ
 ৰূপে ৰজগণ সহ বহি উপভোগ
 কৰিব সুখেৰে উৎসব আনন্দ। চিন্তা
 নাই ৰাণী যোৱা গৈ অন্তেসপুৰলৈ।

    [ৰাণীৰ প্ৰস্থান]

( মুষ্টিক, চানুৰ, তোৰল, ভল্লৰ প্ৰবেশ)

চানুৰ। মহাৰজা উপস্থিত দাস, কিবা আজ্ঞা
 তব।
কংস। আজি অতদিনে বৰ সযতনে মাল
 পুহিলোঁ। তুষিলোঁ, ভূষিলোঁ, সবাকো মই।
 সময় হৈছে আজি পৰীক্ষাৰ হেতু।
 মোৰ প্ৰাণ বৈৰী, কৃষ্ণ বলোৰাম আহি
 আছে মথুৰাতে। কালি দুপৰীয়া বেলা
 আহিব উৎসব ক্ষেত্ৰলৈ দুয়োজন বীৰ।
 তোড়ন মুখত থাকিব যতনে পীড়
 গজুৰাজ কুবলয়। তোমালোকো মাল
 বাটে বাটে থাকিবা যতনে সাজু হৈ।

[ ৫৩ ]

 চানুৰ দুৰ্দ্ধষ মহামল্ল-প্ৰাঙ্গণত
 তুমি যুযুৎসু ভাবেৰে ৰবা। নিজে মই
 অসি বৰ্ম্মলৈ থাকিম ইয়াতে সাজু।
 অকস্মাৎ আহে যদি নিজ হাতেৰেই
 বধিম দুয়োকো।
চানুৰ। মহাৰাজ, বিক্ৰমত ধৰণী কম্পিত
 যাৰ। সসাগৰা পৃথিবীত প্ৰচণ্ড
 প্ৰতাপ, নৰ দৈত্য ৰাক্ষসেও সহিব
 নোৱাৰে যাৰ, আমি হেন বীৰ সদায়
 প্ৰস্তুত দুৱাৰত যাৰ, তাৰ কিবা ভয়।
 ক্ষুদ্ৰ শিশুমতি ডেকা সেই দুয়োজন।
 ক্ষুদ্ৰপ্ৰাণ। অনায়াসে হব হত কালি
 কোনো চিন্তা নকৰিব প্ৰভু অন্তৰত।
মুষ্টিক। মোৰ এই বজ্ৰমুষ্টি নসহে পৰ্ব্বতে
 লোহাৰ গোলক চূৰ্ণ হৈ যায় যাৰ
 আঘাতত। সেই আঘাতত মহাৰাজ
 বাঁচিবনে ব্ৰজৰ গোৱাল? গৰু চাৰি
 ফুৰা কাম যাৰ। শঙ্কা নাই প্ৰভু, কালি
 ভূমি হব বৈৰীহীন।
তোৰল। বহুদিন খালো অন্ন প্ৰভু, কালি দাসে
 প্ৰাণ দিয়ে নিশ্চয় সাধিব প্ৰভু কাজ।
কংস। যোৱা বীৰবৃন্দ। নিশ্চিন্ত হইছোঁ মই
 শুনি বীৰবাণী, তোমালোক যোদ্ধা
 সকলৰ।  [ কংস আৰু মালবিলাকৰ প্ৰস্থান।]

[ ৫৪ ]

পঞ্চম দৃশ্য

অক্ৰুৰৰ ঘৰ

[ কৃষ্ণ, বলৰাম, অক্ৰুৰ আৰু অক্ৰুৰ পত্নী।]

অক্ৰুৰ। প্ৰভু কালি দুপৰীয়া কংস মহাৰাজে
 নিমন্ত্ৰিছে দুয়োটিকে ৰাজসভালৈ।
 দুৱাৰত থাকিব দুৱৰী মত্ত হাতী
 কুবলয় পীৰ। তাৰ পাছে প্ৰাঙ্গণত
 ঠায়ে ঠায়ে থাকিব দূৰ্দ্ধষ
 মালবোৰ। যদি যুদ্ধ আশে যায় দুয়ো
 বৰ ভয় লাগে সুকুমাৰ শৰীৰত।
 বহু দুখ পাব প্ৰভু। ভকত বৎসল
 মৰি যাম একেবাৰে দেখিলে যাতনা
 লবনু দেহাত, দিয়া ভকতক
 নিৰ্ভয় আশ্বাস।
অক্ৰুৰ পত্নী। নাম শুনিছিলো, কিন্তু নেদেখি আহিলোঁ।
 অতদিন। ত্ৰৈলোক্যমোহন ৰূপ লৈ
 অমৃত সুৱদি মাতে মাতিলাহি মামি
 বুলি। দ্ৰবি গল হিয়া মোৰ চেনেহত।
 পুত্ৰস্নেহে চোৱা পৰিছে চকুলো বই।
 চিনিছোঁ চিনিছোঁ প্ৰভু ত্ৰিজগত পতি
 তোমালোক। নাৰী মই অতি অল্পমতি।

[ ৫৫ ]

 নাৰী হিয়া স্ৰজিলে বিধিয়ে পৰিপূৰ্ণ
 কৰি চেনেহেৰে। জ্ঞান নাই ভকতিও
 নেজানো সমূলি। ধন নাই পৰম
 দৰিদ্ৰ আমি দুয়ো। নাৰীৰ নিঃস্বাৰ্থ
 দান হিয়া ভৰা প্ৰেম নিবেদিলো প্ৰভু।
 পিতা পুত্ৰ সখা পতি প্ৰেম হিয়া ভৰা
 নিবেদিলো ৰাতুল পদত। কৃপা কৰা
 কৃপাময় নেযাবা নেযাবা যুজঁলৈ।
 জগতত তুল নাই যাৰ এনেৰূপ,
 লৱনুৰে গঠিত শৰীৰ, আহি।
 প্ৰহাৰিব পশু সম নিৰ্দ্দয় মল্লই⸺
 নসহিব নাৰী প্ৰাণে। মথুৰাবাসিনী।
 যত নাৰী সবে কালি চিতা জুই জ্বালি
 আহুতি স্বৰূপে প্ৰাণ দিব চৰণত।
কৃষ্ণ। (হাঁহি ২) মামী হাঁহি উঠে শুনি ভয়ৰ কাৰণ।
 সন্দীপনি ঋষিৰাজ যাৰ শিক্ষাগুৰু
 শাস্ত্ৰে শস্ত্ৰে বাহু যুদ্ধে তাৰ কিবা ভয়। "
 বহুকাল আমি দুয়ো যুজঁ আশে ৰৈ ৰৈ
 পাইছোঁহি আকাঙ্ক্ষিত সুবিধা যুজঁৰ।
 কালি মামা কংসৰাজে প্ৰশংসিব দেখি
 যুদ্ধৰ কৌশল আৰু প্ৰচণ্ড বিক্ৰম।
 কোনো ভয় নাই নকৰিব আশঙ্কা
 তিলেকো। দেহাত অসীম বল দিছে যে
 বিধিয়ে দেবকাৰ্য্য সাধিবৰ হেতু।

[ ৫৬ ]

অক্ৰুৰ। জানো জানো কোন তোমালোক নৰদেৱ।
 তোমাৰ মায়ায়ে আচ্ছন্ন কৰিছে জীৱ।
 ক্ষুদ্ৰ আমি মানবী চকুৰে মানবৰ
 দুৰ্ব্বলতা দেখো মাথো মানবী দেহাত।
 কৃপা কৰা দয়াময় দিয়া দিব্যজ্ঞান
 দুৰ্ব্বল মনত। নহলে স্নেহাদ্ৰ হিয়া
 ভাগি যাব শতখণ্ড হৈ। স্নেহশীলা
 পত্নী মোৰ স্নেহৰসে মজিছে সমূলি।
কৃষ্ণ। ভয় নাই ভক্ত মোৰ প্ৰধান বান্ধব
 পৃথিবীৰ মহাভাৰ হৰিবৰ হেতু
 বিনাশিম দুষ্ট কংস দুষ্ট সহচৰ
 সমে। অবিনাশী আত্মা চিন্ময় ভাবেৰে
 ব্যপ্ত চৰাচৰ। তুমি আমি, চন্দ্ৰ সূৰ্য্য
 কোটি কোটি ব্ৰহ্মাণ্ড নিচয় সকলোটি
 মায়াৰে সৃজন। স্থিৰ অবিনাশী এক
 নানাৰূপে নানা ঘটে কৰিছে বিৰাজ।
 এক তিলেকতে ধ্বংস হব পাৰে সব।
 থাকিব কেবল অবিনাশী পৰমাত্মা⸺
 মহাকাল সম, সবে তাতে পাব লয়।
 দিব্য যোগ নেত্ৰে চোৱাঁ অন্তৰত দুয়ো
 দেখিবা তেতিয়া হিয়া শতদল মাজে
 পৰমাত্মা বিৰাজিত কাঙ্খিত ৰূপেৰে।
অক্ৰুৰ পত্নী। (ধ্যানস্থা হৈ) দেখোঁ প্ৰভু হৃদয়ত মোহন মূৰতি
 ত্ৰিভঙ্গিম ৰূপ মনোহৰ অতি। কিবা

[ ৫৭ ]

 মুনি মনোলোভা বিমল কটাক্ষ হাঁহি,
 সুকুমাৰ লৱনু শৰীৰ আভাময়;
 আকৌ আকৌ কিবা দেখো দয়াময়
 একেবাৰে নাৰীমূৰ্তি ভীষণ ৰূপিণী।
 অসি খড়গ হাতে লহ লহ ৰক্ত জিভা
 কৰাল দশনা, গলে মুণ্ডমালা,
 সম্বৰ সম্বৰা ৰূপ প্ৰভু, মূৰ্খ মই,
 উস্! ৰক্ষা পালো। আকৌ দেখিছো মই
 সুশোভন চাৰু কৃষ্ণৰূপ।
   (চকু মেলি সেৱা কৰে।)
কৃষ্ণ। মামী, প্ৰেমপূৰ্ণ সুকোমল হিয়াখনি
 বাৎসল্য ৰসেৰে ভৰা। চিন্তা পুত্ৰভাবে।
 আহা মামী যশোদা জননী সম দিয়া
 প্ৰেম আলিঙ্গন। ভোকত কাতৰ আমি
 নিজ হাতে অন্ন দিয়া খাই তৃপ্ত হওঁ।
 প্ৰেমৰসে আপ্লুত ভোজন দ্ৰব্য দান
 ভকতৰ, অতি উপাদেয় অতি মিঠা।
 যেয়ে যেনেদৰে একাগ্ৰ চিত্তেৰে ভাবে
 মোক পায় তেনেদৰে। শত্ৰু ভাবি ভাবি
 কংসৰাজে পাব মোক শত্ৰু ভাবে কালি
 মোৰ পৰশত দিব্য জ্ঞান লভি
 মোৰ মূৰ্ত্তি ধৰি মোতে হব লীন।
অক্ৰূৰ পত্নী। নাৰী মই জ্ঞানহীনা অতি দয়াময়
 নুবুজো জ্ঞানৰ তত্ত্ব। মোহিলা হৃদয়

[ ৫৮ ]

 প্ৰেমৰসে প্ৰেমময়। দোষ নধৰিবা
 আহা আহা ভক্তপ্ৰাণ দুয়ো আহি
 বহাহি কোলাত মোৰ। আই আই
 বুলি এবাৰ মাতাহি। কোটি জন্ম
 তপস্যাৰ ফলতো অধিক ৰসময়ী
 প্ৰেম দিয়া, নাৰীজন্ম হওক সফল দয়াময়।

(কৃষ্ণ বলোৰাম কোলাত বহে। অক্ৰুৰ পত্নীয়ে হাত বুলাই— কৃষ্ণই
 “আই আই মামী মামী” বুলি ঠিয় দিয়ে। অক্ৰুৰে ইতিমধ্যে
  ধূপ দীপ নৈবেদ্য লৈ আহে। অক্ৰুৰ পত্নী আৰু
  অক্ৰুৰ দুয়ো পূজা কৰে)

⸺স্তব⸺

নীলোৎপল দল শ্যামং
পীতাম্বৰ পৰিহিতং
বল্লবী নন্দনং বন্দে
কৃষ্ণ গোপাল ৰুপিনম্।

(আঁৰ কাপোৰ)

[ ৫৯ ]

তৃতীয় অঙ্ক

প্ৰথম দৃশ্য

[ বৃন্দাবন-যশোদা আৰু গোপ, গোপিনী সকল বহি আছে]

(উদ্ধৱৰ প্ৰবেশ)

উদ্ধব। যশোদা জননী কি হেতু মাতিলে মোক?
যশোদা। উদ্ধৱ, বান্ধৱ তুমি সকলো গোপীৰে
 মহাজ্ঞানী তপস্বী পৰম, ভৰপূৰ
 হিয়া ঈশ্বৰ প্ৰেমত। কৃষ্ণ নাম লোৱা
 মুখে সদা। কৃষ্ণও তোমাৰে সদা বশ।
 কৃষ্ণ নিধি সহ ভাই বলোৰাম কালি
 গল গৈ মথুৰালৈ অক্ৰূৰে সইতে।
 গধূলি বেলিকা মহাৰাজ নন্দ গল,
 ৰাজদূতে আহি লৈ গল মধুপুৰলৈ
 আজি হব ৰাজসভা শেষ। যোৱা বান্ধ
 ৰথলৈ নিজে অনাগৈ কৃষ্ণ বলোৰাম
 দুয়ো কুমাৰক। নহলে নিজীয়ে গোপী।
 কবা মোৰ কথা; চিৰকাল পুত্ৰ প্ৰাণা
 দুখুনী যশোদা মাৰে ঘনে ঘনে চাই
 আছে পদুলি বাটলৈ। যোৱাহে বান্ধব
 যোৱা শীঘ্ৰ গতি আনাগৈ প্ৰাণৰ দুলাল।

[ ৬০ ]

উদ্ধৱ। কিবা ভাগ্য পাম আজি কৃষ্ণ দৰিশন,
 কিবা ভাগ্য আনিম প্ৰভুক সাৰথি হৈ।
 মাতৃ, যাওঁ মই এতিয়াই ৰথ লৈ!
 কোনো চিন্তা নাই কালি পুৱাতেই আহি
 চাপিম জননী কাষ। গুচিব সকলো
 চিন্তা, যাব যত খেদ।
গোপিনী। বান্ধ তুমি কবাগৈ বলাই কানুক
 আজি কেবা নিশা দিন নিৰাহাৰা গোপী
 নিদ্ৰাহীনা। তুৱা গুণ নাম গাই গাই,
 বাটলৈ চাই চাই, কটাইছে কাল।
 প্ৰাণ গোপাল বিনা নিজীব গোপিনী।
 নুশুনিলে বাঁহী মাত ব্ৰজবাসী গণে
 নাপায় প্ৰাণত শান্তি। গৰু দামুৰিয়ে
 এৰিছে আহাৰ পানী। নিমাত প্ৰাণীৰো
 বইছে লোতক নয়নেৰে দিনে ৰাতি।
 আনিবা আনিবা ধৰি বান্ধ, কপটিয়া
 নিঠুৰ হৰিক, নহলে এৰিম প্ৰাণ।
উদ্ধব। যাওঁ মাতৃ মই। ভাগ্যৱতী গোপীগণ।
 যি জনক ব্ৰহ্মা হৰে নাপায় ধ্যানত
 যাৰ কটাক্ষত সাগৰ থলকে, বিশ্ব
 চূৰ্ণ হৈ যায় সেই বিশ্বপতি হৰি
 আজি বান্ধ খালে গোপিনী প্ৰেমত!
 ধন্য ব্ৰজবাসী, ধন্য ব্ৰজধাম, গোপী
 পদৰেণু পৰশত পূত হৈ ৰল।

[ ৬১ ]

 জননী আদ্যা শক্তি জীবাত্মা ৰূপিনী
 গোপীগণ, পৰশত পুণ্য কৃষ্ণ তনু
 কৃষ্ণময় তনু মন প্ৰাণ হলা সৱে।
 অধম পাতকী মই, জন্মে জন্মে যেন
 গোপী পদৰেণু পাওঁ জনমি ব্ৰজত।
 যাওঁ মই, ৰাতুল চৰণ দুটি ধৰি
 আনিম কৃষ্ণক।
    [ প্ৰস্থান ]
যশোদা। গোপীগণ আহা সৱে একান্ত মনেৰে
 গাওঁ কৃষ্ণ নাম। বহুদিন পুত্ৰভাবে
 তুলি তালি আজি পুত্ৰস্নেহ হৈছে
 প্ৰবল। সামান্য মানবী হৈ গৰ্ব্ব হ’ল
 কৃষ্ণ পুত্ৰ বুলি। সেই দেখি ভুঞ্জো তাপ।
 আহা আজি পূৰ্ণব্ৰহ্ম কৃষ্ণ নাম গাই
 জনম সাৰ্থক কৰোঁ।

গীত

হে কৃষ্ণ দয়াময় ভকতৰ প্ৰাণধন
 দিয়া দেখা এবাৰ আমাক।
নেজানো ভকতি তুতি  গোপিনী মুৰুখ মতি
 জানো মাথো কেবলে তোমাক।
এৰিলো সংসাৰ মায়া  স্বামীপুত্ৰ পৰিজন
 সুখ আমি নিবিচাৰো হৰি
নিষ্কাম ভকতি প্ৰীতি  দিয়া প্ৰভু দয়াময়
 হৃদয়ত লোৱা আহি স্থিতি।

[ ৬২ ]

শ্যামল মোহনৰূপে হিয়াত বিৰাজা সদা
 দেখি হিয়া জুৰাওঁ মাধব
ইহকাল পৰকাল জীবণে মৰণে প্ৰভু
 তুমি মাথোঁ গোপিনী বান্ধব।

   (সকলো চকু মুদি ধ্যানস্থা হয়।)

(পট পৰিবৰ্ত্তন)

দ্বিতীয় দৃশ্য

মথুৰাৰ ৰাজবাট।

[ কৃষ্ণ আৰু বলোৰাম বাটে বাটে গৈ আছে। কিছু দূৰ যাওঁতেই  ঘাটলৈ পানী আনিবলৈ যোৱা মথুৰাবাসিনীয়ে লগ পায়।]

১মা। সখি, কোন সৌৱা ৰাজবাট জিলিকাই
 আহে এইফালে। কৈশোৰ বয়স অতি।
২য়া। (কলহ থৈ ) মৰতত দেখা নাই এনে সৌম্যৰূপ।
 অৰুণ আভাৰে আহা কিশোৰ দুজনে
 কিবা সুশোভন কৰি তুলিছে নগৰ।
৩য়া। সখি দেখিছানে শুকান গছত আজি
 কি দৰে ফুলিছে ফুল। সুগন্ধি মলয়
 ৰৈ ৰৈ বয় সুশীতল। যমুনা উচলি
 বৈছে উজান মুখে। পখীৰ মধুৰ
 গীতে মুখৰিত কৰিছে নগৰখনি।

[ ৬৩ ]  

দেবশিশু দুয়োজন। দেখিছানে সখি
শ্যাম কলেবৰ যি জনৰ, কি মোহন
সুশোভন বেশ। আয়ত নয়ন ৰক্ত
পদুমৰ পাহি। ভুজযুগ মদনৰ
ধেনু। মুখত মধুৰ হাঁহি, কিবা নাক
কিবা ওঁঠ, কি সুন্দৰ ত্ৰিভঙ্গ মোহন
দেহা।

৪ৰ্থ।

তোমালোকে কথা কৈ ৰখোৱা ইয়াতে।
যাওঁ মই আনোগৈ ফুল। আনন্দে
কৰিম পুষ্প বৰিষণ।

 [ প্ৰস্থান]

(শ্ৰীকৃষ্ণ বলোৰামৰ প্ৰবেশ)

১মা।

(কৃষ্ণক সম্বোধন কৰি)
কোন তুমি দেৱ! মানুহ নে দেৱশিশু,
ধবল হিমাদ্ৰি শিৰ যেন চাৰু আভা,
এখেত বা কোন সাগৰ-গম্ভীৰ মূৰ্ত্তি?

২য়া।

পীত বস্ত্ৰ পৰিহিত মোহন মুৰতি
কোন তুমি ডেকা? কৰ পৰা আগমন
এনে সুশোভন বেশ, এনে চাৰুৰূপ
অসম্ভৱ মৰতত। মথুৰাবাসিনী
আমি। ৰূপে ৰঙ্গে আনন্দে উৎসৱে
ইনগৰ দিনে ৰাতি আনন্দে মগন
কদাপিও হলে ইমান পুলক মনত
ওপজা নাই।

[ ৬৪ ]

কৃষ্ণ। (হাঁহি-হাঁহি) মথুৰা নগৰ সদাই বিখ্যাত আছে
 ৰূপহী, মাধুৰী বিলাসিনী কুলবধূ
 পুৰঙ্গণা সৱ হেতু। তাকে চাওঁ বুলি
 আহিছোঁ ইয়ালৈ ক্ষুদ্ৰ গাওঁ এৰি।
 গৰু চাৰি ভাত খাওঁ গুৱালৰ লৰা;
 আজি হেনো কংসৰাইৰ ৰাজ প্ৰাঙ্গণত
 মল্লক্ৰীড়া হব। যিজনে জিকিব পাব
 বহু পুৰস্কাৰ। আমি গৰু চাৰোঁতেই
 গৰখীয়া সমে শিকিছিলোঁ মাল যুঁজ।
 ভাবিছোঁ মনত যুঁজি কংস ৰাইৰ
 মালগণ সহ তুষ্মি ৰজাৰ মন।
১মা। অ’ তুমি সেই গোপনী মোহন কানু।
 বুজিলো এতিয়া কৃষ্ণ বলোৰাম দুয়ো।
 প্ৰগলভাৰ দোষ নধৰিবা ৰসময়;
 শুনিছিলো গোপনাৰী সৱে তোমাৰ কাৰণে
 পতি পুত্ৰ গৃহত্যাগী; মোহন বাঁহীৰ
 মাত শুনি তোমাৰ লগতে উন্মাদিনী।
 আজি মথুৰা নগৰী সৰৱ মৰিব হে
 সখা, ক্ৰূৰ মালে আঘাতিলে শ্ৰীঅঙ্গত।
 নিদিওঁ নিদিওঁ আমি অন্যায় যুঁজত
 যুঁজিবলৈ পশু সম মালসহ সখা।
 কি সতেনো আহিলা তিয়াগি ব্ৰজ বধূকুল
 নিজীব গোপিনী নেদেখিলে চান্দ মুখ।
২য়া। আহাঁ প্ৰিয় কিশোৰ কুমাৰ দুয়োজন

[ ৬৫ ]

 লই যাওঁ ঘৰলৈ। পৰম আদৰে আজি
 ৰত্ন বেদী পাতি বহুৱাই ওচৰত
 পূজিম অতিথিৰূপে। নিদিওঁ যাবলৈ
 কংসৰাইৰ যুঁজৰ খোলালৈ আজি।
কৃষ্ণ। ধন্যবাদ বহু ধন্যবাদ সখী সৱ।।
 কি ৰূপেনো নিবা ঘৰলৈ? পুৰনাৰী
 তোমালোক। অচিনাকি দেখি অনাদৰি
 খেদি দিব মাৰি ঘৰৰ গৰাকী লোকে।
 ব্ৰজনাৰী অজ্ঞ অতি সৰলা প্ৰকৃতি
 সমস্ত শৰীৰ মৰম চেনেহে ভৰা
 কামনা বিহীনা মৰতত নাই এনে আৰু।
বলোৰাম। আমি যে আহিছোঁ কংসৰাজ অতিথি
 স্বৰূপে। আমি আজি ৰাজ সভালৈ
 যাবই লাগিব। সেই দেখি নাৰীবৃন্দ
 আশীৰ্ব্বাদি দিয়া বাট এৰি যাওঁ গৈ
 গন্তব্য ঠাইলৈ।
  (ফুললৈ সখীৰ প্ৰবেশ)

(সকলোৰে হাতত ধৰা ধৰি কৰি গান গাই গাই ঘুৰি ঘুৰি মূৰত পুষ্পবৃষ্টি কৰে।)

গীত

(আজি) আহিলা যেতিয়া মোহন আলহী
  মধুৰ মাধুৰী বিলাই
  সুৱলা মাতেৰে মাতি
  সুখৰ সপোন পাতি
  প্ৰেম জুই প্ৰাণত বিলাই

[ ৬৬ ]

হিৰা ভৰা ভাল পোৱা
লোৱা উপহাৰ লোৱা
চেনেহ চানেকি লোৱা ফুল,
জীবনৰ যত আশা
প্ৰণয়ৰ প্ৰিয় ভাষা
সঁপিলোঁ তোমাৰ পদমূল।

কৃষ্ণ। সুন্দৰ ইজগতত সকলো সুন্দৰ
 চোৱাঁ সখী গছে গছে ফুল কি সুন্দৰ
 ফুলি শোভিছে ধৰণী। কি সুন্দৰ গীত
 গাইছে পখীয়ে। সুললিত মনোমোহা
 মধুৰ সঙ্গীত গালা সখী তোমালোকে।
 সুন্দৰী ৰূপহী মথুৰাবাসিনী চাৰু
 জ্যোতিৰ্ম্ময়ী সখী। মোহিলা আমাৰ মন।
 সত্য ৰূপ, চিন্ময় মুৰতি বিশ্বকৰ্ত্তা
 আনন্দত চিৰ মগ্ন। প্ৰেমৰূপী সুধা
 জগতক শ্ৰেষ্ঠ দান দিলে। সুনীল
 আকাশ, শ্যামলা ধৰণী, চন্দ্ৰৰ কিৰণ,
 সূৰ্য্যতেজ, শ্যাম মেঘকান্তি সকলো বিভুৰ
 প্ৰেম ঘন মূৰ্তি মাথোঁ। সৱাৰো মাজত
 কোমল হৃদয়া ৰমণীৰ ক্ষুদ্ৰ হৃদয়ত
 প্ৰেমৰাশি অগাধ জলধি বাৰিসম
 অসীম অপাৰ। যাওঁ সখি আনন্দে
 বিদায় দিয়া। ৰাজ অজ্ঞা পালি ৰাজ
 কাৰ্য্য সযতনে সাধিম নিশ্চয়।

[ ৬৭ ]

২য়া। মদন জিনি তেন্তে সুশ্যামল প্ৰিয়
 মূৰতি মোহন কিয় দেখুৱালা আনি?
 নোৱাৰো ভাবিব কেনেকৈ বাৰু সখা
 সহিবা সি শৰীৰত মালৰ আঘাত।
কৃষ্ণ। মথুৰাবাসিনী বীৰজায়া কুলবধূ
 ক্ষত্ৰিয় ৰমণী, কিবা মোহে আবৰিলে
 মনোবল তোমাসকলৰ। বীৰোচিত
 বল নধৰিলে দেহাৰ মাজত সৱে
 কি কৰিব ৰূপে? বলে বীৰ্য্যে পৰাক্ৰমে..
 যদিহে শৰীৰ হয় সুন্দৰ সুঠাম
 তেহে সি-সুন্দৰ। কাপুৰুষ কেতিয়াও
 নহয় শোভন বীৰ সমাজত জানা।
 নুবুলিবা সুকোমল ই শৰীৰ সখি
 এই হাতেৰেই ধৰিছিলো গীৰি-শৃঙ্গ
 গোবৰ্দ্ধন সাত দিন। আমি অন্তৰৰ
 শলাগেৰে জনালোঁহে শত ধন্যবাদ।
 কৰা আশীৰ্ব্বাদ বিজয় দৃপ্তিৰে
 বীৰ বেশে আহি যেন আকৌ পাওঁহি
 দেখা।
১মা। বিদায় বিদায় সখা। প্ৰতি পলে পলে
 নিচিন্তো নিচিন্তো আন। আজি দিনমান
 কৰিম সাবিত্ৰী ব্ৰত। একমনে পূজিম
 দুৰ্গাক ফিৰি যেন আহা শত্ৰু জয়ী
 তেজো দীপ্ত গৌৰব মণ্ডিত বীৰৰূপে।

[ ৬৮ ]

 আমি জয়মালা লৈ লৈ ইয়াতে থাকিম
 বাট চাই, চাই বাটলৈ।

 ( তিৰোতা সকলৰ প্ৰস্থান)

(কৃষ্ণ বলোৰাম গৈ থাকে অলপ দূৰ গৈ
 ধোবাক লগ পায়)

কৃষ্ণ। হেৰা ধোবা ককাই, হেৰা ধোবা ককাই
 কোন বাটে যাবা তুমি? আমি দুয়ো যাম
 ৰাজসভালৈ, পাম গৈ ৰঙ্গভূমি।
 তাত হেনো হব বহুত উৎসৱ আজি
 বিচিত্ৰ ভূষণ দিয়া হে আমাক মিতা
 পিন্ধি সাজ ৰাজসভা যোগ্য সাজি লওঁ।
ধোবা। (খুব হাঁহে)
 হেৰ কটা গাৱলীয়া অঁকৰা পিশাচ
 কি কলি, কি কলি তই? ৰাজ-পৰিচ্ছদ
 পিন্ধি যাবি ৰাজসভালৈ। এতিয়াই
 ৰাজদূতে ধৰি নিব, লগাব চাটা
 কাটি নাক চুলি পলোৱাব ৰাজবেশ
 আশা। দূৰ হ দূৰ হ—পাপী এতিয়াই।
কৃষ্ণ। কিয়নো পাৰিছ গালি হেৰ ধোবা তই—
 নিদিয় নিদিবি ৰাজবেশ। ৰাজসভা
 বুলি যাম ব্ৰজবাসী ৰজাৰ আলহী-
 অলেখ কপোৰ সৌৱা। তাৰেনো দুখন
 দিলে কিবা হানি হবহে ৰজক।

[ ৬৯ ]

ধোবা। নিলাজ কুকুৰ ব্ৰজৰ গোৱাল লৰা
 বাপেৰ ককাৰে দেখা নাই যি কাপোৰ
 মৰিব খুজিছ পিন্ধি তাকে। এতিয়াই
 পলা এই ঠাইৰপৰা। গোৰ খাবি
 আৰু কথা কলে।

(ধোবাই লাথি মাৰে বলোৰামে জাপমাৰি আঁতৰে।)

কৃষ্ণ। (ধোবাৰ হাতত ধৰি জোঁকাৰে। তাৰ মূৰৰ
 টোপাল পৰি যায়।)
 মহাপাপী অধম ৰজক। লথিয়ালি
 দাদা মোৰ বলৰাম পিনে যেতিয়াই,
 মৰণ কাষৰ পালে,-এই ল পাতকী-
 (তাক এটা চৰ মাৰে সি পৰি মৰে)
 ব’লা দাদা ওচৰতে উপবন, তাতে
 বহি পিন্ধো বাছি বাছি ৰাজ আভৰণ।
 ৰজাৰ দুৱাৰ পালে সোলোকাই সেই
 বেশ সাজু হম যুঁজৰ কাৰণে মাল
 বেশে

 ( দুয়োৰে টোপোল লৈ প্ৰস্থান। ধোবাৰ দেহাটোও  টানি বাটৰ পৰা আঁতৰাই থয় )

[ ৭০ ]

তৃতীয় দৃশ্য

কংসৰ ৰাজসভা

[ কংস, নন্দৰাজ, বসুদেৱ, দৈবকী, মন্ত্ৰী, ৰাণী আন আন
 ৰাজপুৰৰ মটা তিৰোতা ]

কংস। নন্দৰাজ বৰ সুখী হলোঁ আহিলা যে।
 মধুপুৰলৈ আজি। তোমাৰ তনয়
 আছে আহি অৰৰ তাত মহাসুখে।
 কৃষ্ণ কোন জানিছানে তুমি নন্দৰাজ?
নন্দ। বংশৰ দুলাল মোৰ নয়নৰ মণি।
 কৃষ্ণধন মহাৰাজ-
কংস। বৰ যে পুৰণি কথা শুনিছোঁ সিদিনা
 নাৰদৰ মুখে। কৃষ্ণ বসুদেৱ সুত
 ভনী মোৰ দৈবকীৰ গৰ্ভত উপজি
 পালেগৈ বৃন্দাবন দেৱৰ মায়াত।
 তুমি পুত্ৰ বুলি তালি তুলি কৰিলা
 ডাঙ্গৰ। সুখী মই এনেহেন ভাগিন
 ৰতন পাই। ক্ষত্ৰিয় কুমাৰ শাস্ত্ৰে
 শস্ত্ৰে সুপণ্ডিত। উপযুক্ত নৰশ্ৰেষ্ঠ
 হেনো। সেই দেখি হেঁপাহৰে অনাইছে
 মধুপুৰীলৈ। আজি দুপৰীয়া আহি
 যুদ্ধৰ কৌশল আদি দেখুৰাই মোক
 কৰিবহি পৰিতৃপ্ত।

[ ৭১ ]

নন্দ। কোনো দুখ নাই মহাৰাজ কৃষ্ণ যদি
 বসুদেৱ সুত। বাছা মোৰ বিনন্দীয়া
 ননীৰ পুতলি। পিতা বুলি পৰম
 সাদৰে স্বৰ্গতে অধিক সুখ দিলে
 অতদিনে। সুখেৰে থাকক বাছা মোৰ
 ৰজাৰ ভাগিনা হৈ। আমি বুঢ়া বুঢ়ী
 দুয়ো যদি শুনো দূৰতে থাকিয়ে সদা।
 সুখে আছে বুলি প্ৰাণ গোপাল বলল
 পৰম কৃতাৰ্থ হন। স্বাৰ্থহীন প্ৰেমে
 নিবিচাৰে কোনো প্ৰতিদান। ভাগ্যবান
 মই পুত্ৰভাৱে পালিবলৈ পালে। কৃষ্ণ
 ধন। পিতা ভাবে পালোঁ ভক্তি। মহাৰাজ
 নুবুজিলোঁ। কিন্তু কিয়বা যুঁজিব আহি
 বলাই কানায়ে। কিবা যুঁজ জানে শিশু?
 ব্ৰজৰ হাবিত গোপাল স্বৰূপে সদা
 চাৰিছিল ধেনু বৎস। সুকুমাৰ দেহা
 অতি কোমল বয়স। এতিয়াও নাই
 দিয়া ভৰি যৌৱনত। ভাগিনক যদি
 মৰমেৰে আদৰ কৰিব লাগে প্ৰভু
 মালসহ যুঁজৰ কি প্ৰয়োজন?
কংস। ৰাজ্যময় সংবাদ পঠাই মহামল
 যত নিমন্ত্ৰিছে। তোমাৰ বালক দুয়ো
 বীৰবেশে আহি ক্ষত্ৰিয়ৰ উচিত
 যি কাম নিশ্চয় কৰিব। উজলাব

[ ৭২ ]

 মুখ মোৰ; উজলিব কুল, পৰাক্ৰম
 দেখি। যদিহে বালক দুয়ো ভয়তে জনায়
 নুযুঁজিব বুলি, তেন্তে নিশ্চয় নহব
 যুঁজ। আন মালে মালে যুঁজি দেখুৱাব
 বীৰ পৰাক্ৰম। সন্তোষিব মোৰ মন।
নন্দ। মহাৰাজ-ক্ষুদ্ৰ কৰদাতা ৰজা মই।
 কি সাহেৰে বাৰণ কৰিম আপোনাক।
 ক্ষুদ্ৰ গোপ শিশু দুটি, মোৰ যশোদাৰ
 প্ৰাণ, নয়নৰ মণি ব্ৰজৰ জীৱন।
 একাধাৰে সহস্ৰ প্ৰাণীক বধ কৰি
 কিবা ফল হব প্ৰভু! বসুদেৱ দেবী
 দৈবকী অভাগী এনেয়েই আছে মৰি,
 তাতে এই ঘোৰ মাৰ মাৰি নবধিব
 হতভাগ্য প্ৰাণী দুটি চিৰকাললৈ।
কংস। আজ্ঞা মতে কাম হব নন্দ গোপৰাজ
 ভয়ৰ কাৰণ নাই একো। আনন্দৰে
 চাই থাকা আজিৰ উৎসৱ আয়োজন।

(নৰ্তকী সকলৰ প্ৰবেশ)

গীত আৰু নৃত্য

আহা আহা পুৰবাসী এন্ধাৰ তিমিৰ নাশি
  কি সুন্দৰ উদিছে তপন
ৰূপে ৰসে ৰঙ্গে ভৰি শোভে কেনে মধুপুৰী
  মৃদু মৃদু বলিছে পবন।

[ ৭৩ ]

 বীণাৰ মধুৰ তান প্ৰেমৰ অমিয় গান
   হিয়া আজি হৰষে মগন
 ৰাজ আশীৰ্ব্বাদ মাগি পুলকে পূৰিত আজি
   বন্দো আহা ৰজাৰ চৰণ।

কংস। মন্ত্ৰী, অতি সুললিত সুমঙ্গল গীত
 বৰ প্ৰীত হলোঁ মই। যোগ্য পুৰস্কাৰ
 পাব লাগে গায়ন বায়ন সকলোৱে।
   (চাৰণৰ প্ৰবেশ)
চাৰণ। প্ৰভুৰ চাৰণ মই আজ্ঞা হলে গাম
 স্তুতি গীত।
কংস। গোৱাাঁ বাৰু।
চাৰণ।   -বন্দনা-
 জয় প্ৰভু মহাৰাজ ৰাজ ৰাজেশ্বৰ
 কংসৰাজ। প্ৰবল প্ৰতাপে যাৰ সদা
 খলকে ধৰণী আৰু খলকে সাগৰ,
 যাৰ ৰূপ দেখি কামদেৱ অন্তৰ্হিত,
 যাৰ বাহুবল দেৱে নোৱাৰে সহিব
 ৰাক্ষস পন্নগ গন্ধৰ্ব্ব কিন্নৰ বেশ
 দেখি পৰাক্ৰম। যাৰ ধনুৰ্ব্বাণ খড়্গ
 শিক্ষা দেখি আছোক মনুষ্য দেৱগণো
 সদা ভীত। যাৰ ৰাজকাৰ্য্য কুশলতা
 ৰাজনীতি যত ৰজা গনে সততে বখানে।
 প্ৰজাগণে যাৰ সততে সুযশ গায়
 পুৰনাৰীগণো যাৰ ৰূপে-গুণে মুগ্ধ।
 হীন মতি মই নমো প্ৰভু চৰণযুগল।

[ ৭৪ ]

কংস। বৰ প্ৰীতি হলোঁ শুনি বন্দনা তোমাৰ
 মন্ত্ৰী যথাযোগ্য পুৰস্কাৰ দিয়াবা ইয়াক।
দৈবকী। দাদা কংস শুনিলো এতিয়া ব্ৰজবাসী
 শ্ৰীকৃষ্ণ আৰু বলোৰাম যুদ্ধ আশে।
 আহিছে মথুৰালৈ। জানিছা দেখোন
 আপোন ভাগিনাবুলি। তেন্তে দাদা
 বধিবৰ হেতু দুয়োটিকে কৰিছা
 যতন কিয়? বহুদিন হ’ল পুত্ৰ মোৰ
 বধিলা সাতোটা। কান্দোতে কান্দোতে আমি
 দুয়োটি প্ৰাণীৰ গ'ল কত বৰ্ষ মাহ
 দিবস ৰজনী এন্ধাৰ কাৰাৰ ঘোৰ
 পুতিগন্ধময় গাঁতৰ মাজত। কাটা।
 দাদা দুয়োটি প্ৰাণীক, অসি খড়গ ধৰি।
 উপজিলে যি ৰাতিত জিলিকাই কোলা
 এন্ধাৰ ঘৰত নীলমণি, তেতিয়াই
 কোলা শূন্য কৰি লৈ গ'ল বিধতায়।
 থৈ গ'ল অসহায় পচা জীৱ এটি,
 ক্ষুদ্ৰ শিশু কন্যা সিয়ো। তুমি প্ৰাতসতে
 আহি বধিলা শিশুক শিলত আফালি।
 পুত্ৰ কঙ্গালিনী মই; আজি সোতৰ
 বছৰে জপি আছোঁ মাথো প্ৰাণ প্ৰিয়
 নীলমণি মোৰ। বৰ আশা কৰিছিলোঁ
 মৰিবৰ আগে এবাৰ দেখিম মুখ।
 কিন্তু আজি এই ঘোৰ বধ্যভূমি পাতি

[ ৭৫ ]

 চকুৰ আগতে মোৰ বধিবা কুমাৰ।
 শিশু হত্যা, নাৰী হত্যা জ্ঞাতি হত্যা কৰি
 সুখেৰে ভুঞ্জিবা ৰাজ্য। ভগবান প্ৰভু,
 হতভাগ্য অনাথ জীৱৰ কোনো কালে
 নহবনে গতি?
   (দৈৱকীৰ মূৰ্ছা)
বসুদেৱ। কংসৰাই, ক্ষত্ৰিয় বংশত জন্ম মোৰ,
 ৰজা তুমি, মই বইনাই। বীৰোচিত
 কৰ্ম্ম কৰা। দিয়া খাণ্ডা অসি বৰ্ম্ম,
 সম্মুখ যুঁজত বধ কৰা মোক আজি।
 বহুদিন অনাহাৰে অনিদ্ৰায় থাকি
 এন্ধাৰ ঘৰত, জ্যোতিহীন হল চকু,
 তথাপি ক্ষত্ৰিয় মই। যুদ্ধ হেতু মাতো
 আহাঁ বীৰ, এই প্ৰাঙ্গণতে আজি বধি
 প্ৰতিদ্বন্দী আজি লোৱা মহা কীৰ্ত্তি।
 কি কৰিলে কিন্তু নিৰ্দ্দোষী শিশুৱে ৰজা?
 বনে বনে ফুৰে মাথোঁ গৰু চাৰি চাৰি;
 গোৱালৰ লৰা বুলি সমস্ত জগতে
 জানে। নিবিচাৰে ৰাজ্যধন যুঁজ দ্বন্দ
 তোমাৰ লগত। তেন্তে কিয় ছল কৰি
 মাতি আনি বধিবা শিশুক?
কংস। বসুদেব, দৈৱকী ভনীটি, মিছাতে
 দোষিছা মোক। দৈৱবাণী শুনি মই
 বধিলো ভাগিন বহু। কি কৰিম কোৱা,

[ ৭৬ ]

 দেৱতাও মিছলীয়া অতি। বীৰ্য্যবান
 বলবান নন্দৰ তনয় দুয়োজন।
 অসি যুদ্ধ, ধনু যুদ্ধ একোকে নহয়,
 কেবল যুঁজিব মোৰ মালৰ লগত
 বন্ধু ভাৱে। বেয়া যদি পোৱা নাহিবা
 সভালৈ। নকৰো বেজাৰ নাহা যদি।
 সম্প্ৰতিক সভা ভঙ্গ হ'ল। দুপৰীয়া
 পুনৰ উৎসৱ হব।

চতুৰ্থ দৃশ্য

মালীৰ ঘৰ

[ কৃষ্ণ বলোৰামৰ প্ৰবেশ ]

কৃষ্ণ। মালাকৰ আছানে ঘৰত? আমি দুয়ো
 মালাৰ কাৰণে আহিছোঁ তোমাৰ কাষ।
মালী। (ভিতৰৰ পৰা) কোন ঔ তই? গুচি যা এতিয়া ঘৰলৈ
 কংসৰাইৰ উৎসৱ কাৰণে যতনে
 গাথিছোঁ মালা। ক্ষণিকো সময় নাই;
 কালি আহি মালা নিবি লাগে যদি।
কৃষ্ণ। আজি আমি অতিথি স্বৰূপে এতিয়াই
 যাম কংসৰাজ সভালৈ। সেই দেখি
 মালা লাগে ততালিকে। আহাচোন বাৰু
 বাহিৰ ওলাই, পাবা সমিধান।

[ মালী বাহিৰ ওলাই আহি কৃষ্ণ বলোৰামলৈ ৰ লাগি চাই থাকে ]

[ ৭৭ ]

বলো। কি চাইছা তুমি মালাকৰ? দুয়োজন
 আমি দূৰৰ অতিথি বিদেশী মানুহ।
  [ মালাকৰে সেৱা কৰে ]
মালী। প্ৰভু; কি দেখালা আজি। শয়নে সপোনে
 যেতিয়াই ভাবো ইষ্টদেৱ, হৃদয়ত
 দেখা পাওঁ চকা মকাকৈ যিটো ৰূপ
 সেইৰূপ সশৰীৰে আহি, কি মোহন
 বেশ ধৰি দেখা দিলা। স্বপনেই কিবা?
 আহা নাথ আৰু কাষলৈ। তৃপ্ত হওক
 চকু মন প্ৰাণ। [ সাষ্টাঙ্গে প্ৰণাম ]
কৃষ্ণ। উঠা উঠা সাধু মালাকৰ। দিঠকৰ
 সমাজিক নহো আমি; ব্ৰজৰ গোৱাল।
 দিয়া মালা, পিন্ধি যাওঁ ৰাজসভালৈ।
মালী। প্ৰভু, যি মালা গাথিছোঁ যোগ্য সেই মালা
 ৰজাৰ কাৰণে। নোহে যোগ্য ইশৰীৰ
 শোভাৰ হেতুকে। বনমালা সুবাসিত
 বনফুলে গাঁথি দিম প্ৰভু, সযতনে
 দেৱৰো বাঞ্ছিত কৰি। ক্ষন্তেক জিৰোৱাঁ
 এই ফুলনীত মোৰ। চোৱা প্ৰভু চোৱা
 যত মৰা ফুল ফুলিল কি দৰে আজি।
 কুলিয়ে মাতিছে পঞ্চমত। দেৱ দেৱ
 আদি দেৱ তোমাৰ চৰণ স্পৰ্শে আজি
 পূত মোৰ দৰিদ্ৰৰ ঘৰ। সমীৰণ
 বৈছে সঘনে ৰৈ ৰৈ। যেয়ে হোৱা প্ৰভু

[ ৭৮ ]

 দুয়ো জন ইষ্ট গুৰু ইষ্ট দেৱ মোৰ।
 বজা কি? কিবা মোৰ প্ৰাণ, অকাতৰে
 দিব পাৰোঁ বলি ৰাজীব পদত। মালা
 অতি তুচ্ছ কথা।

[ কৃষ্ণ বলোৰাম বহে ]

(মালীয়ে মালা আনিবলৈ যায় )

কৃষ্ণ। দাদা, মালা পিন্ধি তাৰ পাছে পিন্ধিব
 লাগিব সুগন্ধি চন্দন, সুৰঞ্জিত
 অগৰু ৰাগেৰে। তাৰ পাছে বাঁহী এৰি
 যামগৈ ৰাজ সভালৈ। দুপৰীয়া প্ৰায়
 সমাগত।
বলোৰাম। কানু, পিতা নন্দ আছে হেনো হৈ ৰজাৰ
 আলহী। কি কাৰণে অনালে কংসই
 জানা জানো? নৃশংস পামৰ কংসৰাই,
 কি জানিবা কৰে অপমান মাতি আনি।
 যুঁজৰ পূৰ্ব্বতে মনত পৰিছে মোৰ
 যশোদা মাতৃক। বসুদেৱ দৈৱকী
 মাতৃক দেখা কৰি পদধূলি লবৰ
 কাৰণে বৰ ইচ্ছা হইছে মনত।
 কৎসক বধিলে পাছে অৰাজক হয়।
 এই মথুৰা নগৰ? ভাবিছানে আজি
 কৰ্ত্তব্য আমাৰ ঘোৰতৰ কি কঠোৰ?
কৃষ্ণ। একো চিন্তা নকৰিবা অন্তৰত;
 নৰৰূপী নাৰায়ণ নৰব প্ৰবাহ,

[ ৭৯ ]

অনাদি কালৰ পৰা নাৰায়ণ বুলি
জানে জ্ঞানী লোকে। প্ৰজাৰ সমষ্টি সিয়ো
মূৰ্ত্ত নাৰায়ণ; এনে প্ৰজা সকলক
যি ৰজাই কৰে উৎপীড়ন, সহস্ৰ
সৈনিক, অশ্বাৰোহ গজাৰোহী বিমান
বিহাৰী থাকিলেও মৃত্যু তাৰ সুনিশ্চিত।
কালপূৰ্ণ আজি কংস ৰাইৰ। নিশ্চয়
মৰিব প্ৰজাৰ পীড়ক। বিংশতি বছৰ
ঘোৰ অন্ধকাৰ পুঁতিগন্ধময় অতি,
পোতাশাল ঘৰৰ মাজত, যাতনা
ভুগিছে বিনা অপৰাধী নিচেই নিচলা
দুখী পিতা বসুদেৱ, দৈৱকী জননী।
অহঙ্কাৰে মত্ত ৰজা, ৰাজশক্তি কৰি
অপচয় নিপীড়িত কৰি প্ৰজা,
ব্যথিত কুণ্ঠিত কৰি থৈছে সৱাকো।
নিশব্দ ৰসনা ভয়তে নেমাতে প্ৰজা,
নৰনাৰী প্ৰজাবৃন্দে সৰ্ব্বদাই দিছে
অভিশাপ মনৰ দুখত। সেই দেখি
সেই দেখি দেৱ ইচ্ছা, তুমি মই দুয়ো
বধি স্বেচ্ছাচাৰী ৰজা কংসৰাইক
পাতলাম ধৰণীৰ ভাৰ। ৰাজদ্ৰোহ
নোহে ইটো। প্ৰজাবৰ্গ নাৰায়ণৰূপী,
নাৰায়ণ ৰজাৰো ৰাজন ৰাজেশ্বৰ।
প্ৰজাদ্ৰোহী ৰজা প্ৰকৃততে ৰাজদ্ৰোহী।

[ ৮০ ]

 ব্যথিতা পৃথিবী শান্তি পাব আজি, অতি
 সুকলমে চলি যাব ৰাজ্যখনি দাদা।
 ৰজা উগ্ৰসেন আছে বন্দীভাবে। শাস্ত্ৰ
 নীতি সকলোতে সুপণ্ডিত। প্ৰাচীন বয়স,
 পালিব প্ৰজাক যত্ন কৰি।
   [মালীৰ প্ৰবেশ ]
মালী। আনিছোঁ দুধাৰি মালা পৰম প্ৰেমেৰে
 গাঁথি; বনফুলে সুগন্ধিত বনমালা।
 মূৰত ম'ৰাৰ পাখি, মুখত ঈষৎ হাসি,
 চৰণত ৰত্নৰ নূপুৰ বাজে, গলে বনমালা
 পিন্ধি, ত্ৰৈলোক্য ঈশ্বৰ শান্ত কৰা ভক্ত
 হিয়া।
 (মালা পিন্ধাই দি স্তুতি কৰে)
 কিনো ভাগ্য কিনো ভাগ্য দেখিলোঁ আগতে
 অন্তৰৰ দেৱতাক। কোন প্ৰভু দুয়ো?
 বিষ্ণু তুমি শ্যামল সুন্দৰ লক্ষ্মীপতি
 চিনিছোঁ তোমাক। এওঁ কোন ধৱল
 সুচাৰু আয়ত নয়ন, সৌম্যমূৰ্ত্তি,
 সাগৰ গম্ভীৰ বীৰবেশী, পৰিচয়
 দিয়া প্ৰভু। নিতান্ত ভকত দয়াময়,
 হীনমতি যদিও কিঙ্কৰ।
    ( দণ্ডৱৎ কৰে)
কৃষ্ণ। উঠা ভক্ত শিৰোমণি, গোকুলৰ কৃষ্ণ
 মই, দাদা বলোৰাম। ভকতৰ প্ৰেম

[ ৮১ ]

 বৰ মধুময়। অযাচিতে মালা গাঁথি
 থাকোতে যেতিয়া লোৱা হৰিনাম সদা,
 প্ৰেমত লোতক পৰে সদাই চকুৰে,
 দূৰত নাথাকোঁ মই। বলোৰাম দাদা।
 অনন্ত স্বৰূপী মহাকাল এওঁ। কোৱা
 মালী কিবা বৰ লাগে।
মালী। নেলাগে একোকে ৰাজপাট ধন-জন
 প্ৰভু! নিচেই দৰিদ্ৰ মই দুয়োবেলা
 পালে দুমুঠি আহাৰ মহাসুখী হওঁ।
 সততে থাকোক মতি প্ৰভু চৰণত।
 ভক্তি ৰসময়ী দিয়া নাথ। হৃদয়ত
 দেখা যেন পাওঁ দিবানিশি বিমোহন
 মূৰতি মধুৰ। জানো জানো দয়াময়
 কৌটি কৌটি ব্ৰহ্মাণ্ড নিশ্চয় লোমৰ
 কূপতে আছে। কিন্তু সসীম জ্ঞানেৰে
 ক্ষুদ্ৰ মই কেনেকে অসীম তোমাক
 ভাবিম মনত? প্ৰেমময়, দিনে ৰাতি
 অন্তৰে বাহিৰে দেখো যেন শ্যামল
 সুন্দৰ আনন্দ আপ্লুত চাৰুমূৰ্ত্তি,
 দেখো যেন বিশ্বময় এই শ্যামৰূপ,
 পখীৰ মধুৰ মাত কাণত পৰিলে
 শুনো যেন বাঁহী মাত মধুময় নাম।
কৃষ্ণ। উঠা ভক্ত ব্ৰত হল উদ্যাপন তব।
 প্ৰেমৰ ই দান কিবা মধুময় লাগে,

[ ৮২ ]

জগতত অতুল ই বনমালা ডালি।
ৰসময়ী ভক্তি দিলোঁ বৰ। তুমি মই
অভিন্ন হৃদয়। অৱশেষে মোতে হবা
লীন।    [ প্ৰস্থান ]

পঞ্চম দৃশ্য

 [ কৃষ্ণ বলোৰাম গৈ থাকে। হাতত প্ৰসাধন
  বস্তু লৈ কুঁজী সৈৰন্ধ্ৰীৰ প্ৰবেশ ]
কৃষ্ণ। কোন তুমি সুন্দৰী যুবতী, কেনি যাবা
 প্ৰসাধন হেতু সামগ্ৰী হাতত লৈ?
 আমি দুয়ো পৰদেশী বাটৰুৱা ডেকা
 উৎসৱ চাবলৈ যাওঁ। আমাকো দিবানে
 অগৰু চন্দন গন্ধ দ্ৰব্যে সুবেশিত কৰি?
কুঁজী। কংস ৰাইৰ দাসী মই, ৰাজ আজ্ঞা
 বিশেষ ভাবেৰে আজি হব ৰাজ সাজ
 উৎসৱৰ হেতু। সেই দেখি মৃগ মদ,
 কস্তুৰী চন্দন, গন্ধ উপহাৰ আদি
 আনিছোঁ যতনে। আনিছোঁ ধুনীয়া ফুল-
 সাজ, কঙ্কন বলয়, তুলসীৰ মালা,
 ফুলৰ বিছনি সুগন্ধি ফুলৰ চাকি।
কৃষ্ণ। (হাঁহি হাঁহি) আমি দুয়ো কিশোৰ যুৱক। মৰমনো
 অলপো নেলাগে সখী দেখি দুয়োটিকে?

[ ৮৩ ]

 কংসৰাই ৰাজ ৰাজেশ্বৰ-কিহৰ
 অভাব। কিশোৰী সুন্দৰী তুমি, নিজে
 জানা দেখোঁ এই বয়সত কত আশা।
 জাগি থাকে হিয়াত সদাই। সুবেশিত
 হৈ থাকিবৰ কত ইচ্ছা। ধনবান চাই
 ধন দিলে কিবা যশ? সুখ অভিলাষী
 ডেকা দ্ৰৰিদ্ৰ হলেও। ডেকা স্বপ্নময়
 প্ৰাণ; আহা আহা সখী লাহৰি হাতেৰে
 স্নেহে কৰা প্ৰসাধন দুয়োৰো আমাৰ।
কুঁজী। জগতত কোন আছে ইমান সুন্দৰ
 তোমালোক দুয়ো যেনে। এই গন্ধ দ্ৰব্য
 তোমালোক বিনা কাৰ গাত শোভিব
 সুন্দৰ। স্বভাৱতে পূৰনাৰী যদি মই
 তথাপিও প্ৰাসাদৰ দূষিত বতাহে
 কলুষিত দেহা মোৰ। কেতিয়াও কিন্তু
 কঠোৰ হৃদয় মোৰ গলা নাই দেখি
 কোনো নৰ। আজি প্ৰভু কোন নৰৰূপী
 দেৱ শিশু মৰ্ত্ত্যলৈ আহিলানো নামি?
 নাৰী হিয়া পমি গল। অপবিত্ৰ ই কৰ
 পৰশ, কেনেকৈ হাত দিম শ্ৰীঅঙ্গত?
 ক্ষমা কৰা নাথ। এই লোৱা প্ৰসাধন
 সামগ্ৰী সকলো, নিজে নিজে পিন্ধি লোৱাঁ।
কৃষ্ণ। সখী, নিতান্ত কাতৰ শুনি তোমাৰ
 বচন। জানো মই ৰাজ প্ৰাসাদত

[ ৮৪ ]

 নিচলা নাৰীৰ বহু নিৰ্য্যাতন হয়।
 কিন্তু সখী অৱস্থাৰ দাস নৰনাৰী।
 কোমল হৃদয় তব, অৱস্থাত পৰি
 ধৰিছা ই ব্যৱসায়। মন এতিয়াও
 পৰম পবিত্ৰ তব। কামনাৰেপূৰ্ণ
 হিয়া হোৱা নাই কলুষিত এতিয়াও
 অপবিত্ৰ ইন্দ্ৰয় বিকাৰগ্ৰস্থা হৈ।
 আহা সখী চাওঁ তুমি কেনে ৰূপৱতী।
কুঁজী। (বলোৰামলৈ চাই)।
 এখেত বা কোন বীৰবেশী সুপুৰুষ,
 কথানো নেপাতে কিয় নিমাত নীৰব?
বলোৰাম। দয়া কৰি চন্দনে চৰ্চ্চিত কৰি দেহা
 দিয়াঁহে যুৱতী। কথা কব নেজানো
 বিশেষ। ৰসিক প্ৰবৰ ভাইটিযে
 মোৰ, কোৱা কথা তেওঁৰে লগত।
কুঁজী। (কৃষ্ণলৈ চাই )
 জানো মই কুঁজী, অতি কুৎসিতা ৰমণী
 সেই দেখি যতে ততে পাওঁ অপমান।
 উপেক্ষে সুন্দৰগণে। ৰূপৱতী বুলি
 মাতিলা মোহন কিন্তু সিয়ো যে কৌতুক
 মাত্ৰ। লোৱা প্ৰসাধন প্ৰিয়, যাওঁ মই।
 ঘৃণিতা কুৎসিতা নাৰী তিয়াগিম প্ৰাণ।

[ কৃষ্ণই কুঁজীৰ ভৰিত গছকি ধৰে, বাহুত ধৰি পোন কৰি দিয়ে। কুঁজ নাইকীয়া হয়, কুঁজী অতি সুন্দৰী মুৰ্ত্তি হয়।]

[ ৮৫ ]

কৃষ্ণ। চোৱা সখী, কি সুন্দৰী ৰূপহী ললনা
 তুমি। মধুপুৰী জিলিকিছে তোমাৰ ৰূপত।
 কি মোহিনী ষোড়শী মূৰতি দেখোঁ তব।
 দাদা বলোৰাম সংযমী তপস্বী বীৰ
 নিবিচাৰে সঙ্গ তিৰোতাৰ? সেই দেখি
 নকৰিবা কোনো প্ৰিয় সম্ভাষণ⸻
 তেওঁৰ লগত।
কুঁজী। দেৱতা, প্ৰেমৰূপী প্ৰাণৰ ঈশ্বৰ
 মানুহ নোহোৱা তুমি। বৈকুণ্ঠৰ নাথ!
 স্পৰ্শে তব কত জমমৰ তৃপিতি নোহোৱা
 কত হাবিলাষ, কত প্ৰেম আশ জাগে
 মোৰ হিয়াৰ মাজত। আজি যে পৃথিবী
 দেখোঁ মধুময়, বসন্ত বতাহ বয়
 অন্তৰে বাহিৰে। আজি হৃদি মৰুভূমি
 ফুলে ফলে সুশোভিত নন্দন কানন
 সম সৰস সুন্দৰ হল। প্ৰিয়তম
 কোন তুমি প্ৰভু? অভাগী অনাথি মই
 জীৱনত নাছিল সোৱাদ। আজি কিয়
 প্ৰাণেশ্বৰ শুকান প্ৰাণত বোৱালা
 প্ৰেমৰ গঙ্গা? তিলেকো নিজীম সখা
 আৰু, তুমি অবিহনে। তব পৰশত
 পূত দেহা, সামান্য নৰৰ ক্ৰীড়াৰ
 পুতলি কেতিয়াও নহব নহব প্ৰভু।
 জানো তুমি মহান পুৰুষ, তেন্তে কিয়

[ ৮৬ ]

 স্বামী, বাসনা নিবৃত্তি নকৰিলা মোৰ?
 শৰীৰত নতুন যৌৱন অপৰূপ
 ৰূপ, মনত অসীম প্ৰেম কিয় দিলা
 আজি একে মুহূৰ্ত্ততে? কিয় দিলা সানি
 নয়নত যৌৱনৰ মধুৰ ৰহন?
 আজি মোৰ মন কেনে কৰে। মধুময়
 বসন্ত বতাহে কাণে কাণে কৈ যায়।
 কি প্ৰেম কাহিনী। দয়াময় দয়া কৰি
 দিয়া সমিধান, নহলে মৰিম প্ৰাণে।
কৃষ্ণ। সখী ময়ে কৃষ্ণ; ভকতৰ দাস
 বহু জনমৰ পুণ্যে পুণ্যময়ী তুমি।
 মহীয়সী প্ৰেমময়ী সৰলা প্ৰকৃতি।
 বহুদিন চিত্তবৃত্তি গণে অতৃপ্ত বাসনা
 লৈ জন্মে জন্মে দিলে দুখ অন্তৰত;
 আজি তুমি অনন্ত প্ৰেমৰ অধিকাৰী।
 বলা সখী, চন্দনে কুসুমে দুয়োটিকে
 দিবা আজি সুসজ্জিত কৰি। যাম আমি
 ৰাজ সভালৈ, বিনাশিম লোকবৈৰী
 কংসৰাইক। তাৰ পাছে আহি মই
 তোমাৰ ঘৰত চাপিম আলহী। যেয়ে
 মোক যেনেদৰে ভক্তিৰে বিচাৰে দিওঁ
 ধৰা সেই ভাবে। পতি ভাবে ভাবিবা
 যেতিয়া সেই ভাবে শীঘ্ৰে পাবা মোক।
 তাৰ পাছে, ভোগৰ লালসা অন্ত হলে
 লভিবা পৰম গতি।

(আঁৰ কাপোৰ )

[ ৮৭ ]

চতুৰ্থ অঙ্ক

প্ৰথম দৃশ্য

ৰাজ বাট (দুজন দুৱৰী)

( কৃষ্ণ বলোৰামৰ মল্লবেশে প্ৰবেশ)

কৃষ্ণ। পালোঁহি তোড়ন মুখ। দুৱাৰত আছে
 অসি লৈ ভীষণ প্ৰহৰী। সম্ভাৱনা
 ইয়ো দিব যুঁজ আমাৰ লগত আজি।
 মৃত্যু ফান্দ যত আছে পাতিছে ৰজাই।
 ( আগবাঢ়ি গৈ) দুৱৰী এৰি দে দুৱাৰ, যাম আমি
 ৰাজ সভালৈ। মাল আমি দুয়ো, আহিছোঁ
 যুঁজিম বুলি ৰাজ মাল সহ।
১ম দূৱৰী। অ’ তহঁতেই ব্ৰজবাসী গৰখীয়া মাল।
 ক্ষন্তেক ইয়াতে থাক। মহাৰাজ আছে
 সভাত আসীন, বাতৰি পঠাওঁ মই।
কৃষ্ণ। আহুত আলহী আমি। বাট এৰি দে
 এতিয়াই, যাম পোনে ৰজাৰ কাষলৈ।
২য় দূৱৰী। মৰণ মিলিছে কটা ঢেকুৰা গোৱাল,
 ৰৈ থাক মনে মনে; নহলে নিশ্চয়
 মৰিবি হাতত মোৰ। মাল যুঁজ আশা
 একেবাৰে হব লোপ।

[ ৮৮ ]

বলোৰাম। নগৰা ঢেকুৰা কটা বগৰা শিয়াল
 কিয় কৱ টান কথা। যুদ্ধ আশে আমি
 আহিছোঁ ইপুৰী। এৰি দে দুৱাৰ শীঘ্ৰে
 নকবি ডাঙ্গৰ কথা কৰ্কশ কঠোৰ।
১ম দূৱৰী। [ বলোৰামক কাটিবলৈ তৰোৱাল তোলে]
 বলৰামে তাৰ টেঁটুত ধৰি বগৰাই দিয়ে
 সি মৰে। দ্বিতীয়টো উৰ্দ্ধশ্বাসে লৰ মাৰে ]
কৃষ্ণ। চোৱা দাদা, সৌৱা কুবলয় পীড় তাতে
 চুপি আছে, মাউতে কি দৰে জপাইছে
 এই ফালে। বলা বলা শীঘ্ৰে কুবলয়
 কংসৰ গৌৰৱ অন্ত কৰোঁ।

[ দুয়োৰ প্ৰস্থান ]

⸻⸻


দ্বিতীয় দৃশ্য

ৰাজসভা

[ কংস, মন্ত্ৰী, ৰজাগণ, পুৰনাৰীসকল, নন্দ, বসুদেৱ, দৈৱকী ]

(দুৱৰীৰ প্ৰবেশ)

দুৱৰী। প্ৰভু, ব্ৰজবাসী দুটা গোৱালৰ লৰা
 আহি, প্ৰাণ ললে প্ৰধান দুৱৰীটোৰ।
 কোনো মতে সাৰি মই আহিছোঁ পলাই।
 সৌৱা চাওক প্ৰভু, কি দৰে যুঁজিছে দুয়ো
 কুবলয় পীড় সহ।

[ ৮৯ ]

কংস। বেছ, বেছ, এইবাৰ শ্যামঅঙ্গডেকা
 হাতীৰ ভৰিত পৰিছে গচকা চোৱা।
 প্ৰাণ যাব তাৰ কুবলয় আঘাতত।
 বগাটোৱে চোঁৱা জাপ মাৰি ধৰি
 নমালে মাউত। মৰিল মৰিল মোৰ
 মাউত প্ৰধান মহা পৰাক্ৰমী! বগা
 সেই ডেকাটোক শুঁৰেৰে মেৰালে
 এইবাৰ⸺
নন্দ। ক্ষান্ত হওক যুঁজ মহাৰাজ। হাতীৰেনো
 যুঁজিবলৈ পাৰেনে বালকে? উঠিল
 উঠিল কানু নিৰুজ শৰীৰ। আকৌ
 লাগিল হাতীয়ে শিশুয়ে যুঁজ।
দৈৱকী। হে প্ৰভু, দুখুনীৰ ধন মোৰ ৰক্ষা কৰা,
 ৰক্ষা কৰা। কায় মনো বাক্যে যদি সতী
 হওঁ মই, ৰক্ষা কৰা কুমাৰ দুটিক।
ৰাণী। চোৱা চোৱা সুকুমাৰ শ্যামল শিশুৰ
 কিবা পৰাক্ৰম। ধৰিছে লেজতে তাৰ।
 কুবলয়ে প্ৰাণপণে যুঁজিও সম্মুখ।
 ফালে নিব পৰা নাই টানি। ইজনে
 শুঁৰত ধৰি কুমত কৰিছে প্ৰচণ্ড
 আঘাত। দেখা নাই শুনা নাই এনে
 অধৰামি যুঁজ কেতিয়াও।
১ম পুৰনাৰী। দয়াময়, ৰক্ষা কৰা মোহন মূৰতি
 এই কুমাৰ দুটিক। নহলে মৰিম

[ ৯০ ]

 মনৰ দুখতে আজি সভাৰ মাজতে।
২য়া পুৰনাৰী। পৰিল নিৰ্দ্দয় হাতী থেকেচনি খাই।
 মহাবীৰ কিশোৰ কুমাৰ দুটি, চোৱাঁ
 সখী, ৰমণীমোহন মধুৰ মূৰতি
 পৰিশ্ৰম ক্লান্ত কি সুন্দৰ দেখি।
১ম পুৰনাৰী। এইবাৰ, এইবাৰ উভালিলে দাঁত
 হাতীৰ মুখৰ; এইবাৰ ৰক্তগঙ্গা।
 সুন্দৰ শৰীৰ, মাজে মাজে ৰক্তচিত।
 পৰি কেনে সুশোভন দেখি। নন্দৰাণী
 দৈৱকী জননী গোপনাৰীগণ ধন্যা।
কংস। চানুৰ, মুষ্টিক, মল্লগণ, সাৱধানে
 থাকিবা সকলো। এই দুই দুৰাচাৰে
 বধিলে দুৱৰী, বধিলে প্ৰকাণ্ড হাতী
 কুবলয় পীড়। এইবাৰ ছলে বলে
 কৌশলে যতনে বধা এই বৰ্ব্বৰ
 হালক। মোৰ মন তেহে স্থিৰ হব।
 ৰাজদ্ৰোহী দৈৱকীনন্দক, বসুদেৱ,
 উগ্ৰসেন পিতা, ইহঁতক লৈ বন্দী
 কৰি থ গৈ পোতাশাল গাঁতৰ মাজত।
 উৎসৱান্তে এইবাৰ বধিম পৰাণে।
দৈৱকী। এতিয়াই, এতিয়াই খড়ঙ্গ লই কাটা
 দাদা। নোৱাৰোঁ দেখিব সন্তান নিধন
 চকুৰ আগতে।

[ ৯১ ]

নন্দ,। মহাৰাজ! আজ্ঞা হওক মালে সনে
 ময়ে যুঁজো। বৃদ্ধ মই তথাপি যুঁজিম
 যদি দিয়া পুত্ৰ দান।
কংস। ৰ, ৰ, অধম পাপিষ্ঠ দুৰাচাৰ,
 ৰাজদ্ৰোহী সব ক্ষন্তেক অপেক্ষা কৰ
 ৰাজ ৰোষ কেনে ভয়ঙ্কৰ জনা নাই।
 টেঁটুত গচকি ধৰি টানি ছিঙ্গি বলে
 শব্দহীন কৰি দিম চঞ্চল ৰসনা।

তৃতীয় দৃশ্য।

[ কান্ধত হাতীৰ দাঁত লৈ কৃষ্ণ বলোৰামৰ প্ৰবেশ ]

কৃষ্ণ। দাঁতবোৰ বেচ ডাঙ্গৰ দীঘল দাদা,
 দ্বীৰদ ৰদ নিৰ্ম্মিত সজাম আসন;
 তাতে বহি বিৰাজিব দুখুনী মাতৃয়ে,
 চিৰকাল অত্যাচৰে প্ৰপীড়িত সাধু
 পিতৃদেৱ বসুদেৱে। বৰ প্ৰীত হলো
 কংসৰ গৌৰব কুবলয় ধ্বংস হ’ল।
বলোৰাম। দুৰ্দ্ধষ যুঁজাৰুবোৰ কত আছে বাৰু
 নেদেখো যে সিহঁতক। পলালে বা জানো
 দেখি কুবলয় পীড়ৰ অৱস্থা।

[ ৯২ ]

কৃষ্ণ। চুপি আছে ঠায়ে ঠায়ে, সাৱধানে যাবা
 দাদা সাজু হৈ। সৌৱা আহিছে এজন
 মাল বেশী এই ফালে।
  ( চানুৰৰ প্ৰবেশ)
চানুৰ। আহ্‌ কোন জনে যুঁজিবি চানুৰ বীৰ
 সনে। নেভাবিবি দুষ্ট, বুঢ়া হাঁতী এটা
 মৰিল উজুটি খাই দেখি, মহাবীৰ
 হলি বুলি গোৱালৰ লৰা। আহ আহ কটা
 পাষণ্ড গোৱাল গুচাওঁ যুঁজৰ বাঞ্ছা।
 কৃষ্ণ। তোৰ নো কি নাম হেৰ যুঁজাৰু ককাই?
 বৰ বৰ হাত ভৰি, শিল গুটি মূৰ,
 গল ধন ধৰা যেন একেবাৰে গোণা
 মহ। মূৰত গোবৰে ভৰা। ঘিউ ৰুটি
 খাই খাই একেবাৰে যেন নিপোটল
 লোদোৰ পোদোৰ গঙ্গা টোপ।
চানুৰ। মোৰ নাম মহাবীৰ চানুৰ যুঁজাৰু,
 মহা মাল পৃথিবীৰ। এনে কোনো নাই
 নৰ যিজনে যুঁজিব পাৰে মোৰ সনে।
 তহঁতৰ ভিতৰত কোনটো মৰিব
 খোজ আগে আগ বাঢ়ি আহ বাৰু,
 মাৰো এতিয়াই।
কৃষ্ণ। (আগধৰি হাতীদাঁত মাটিত থৈ পয়তাৰা কৰে )
 তোৰ গাত বহুত মঙ্গহ হেৰ মাল।
 কিয়নো গিলিলি অত ঘিউ অত দিনে?

[ ৯৩ ]

 ধেপ ধেপ খােজ কাঢ় মঙ্গহ ভৰত।
 পথাৰতে তােক মাৰি এৰা হলে আজি,
 পৰম সাদৰে হেজাৰ শিয়ালে তােক
 ভােজ পাতি খাই হােৱা ভাল হােৱা বুলি
 শলাগিলে হয়।
চানুৰ। পাপীষ্ঠ গােৱাল তােকহে শিয়ালে খাব।
 আহচোন বাৰু লাগাে আমি দুয়াে যুঁজ
 কঁকালে কঁকালে
[ চানুৰে শ্ৰীকৃষ্ণৰ কঁকালত ধৰে শ্ৰীকৃষ্ণই তাৰ তপিনাত
  থপৰিয়াই আঁতৰে ]
কৃষ্ণ। তিৰোতাৰ দৰে কোমল নিতম্ব তােৰ,
 দাৰি গোঁফ নথকাহেতেন প্রিয়তমে
 বুলি মাতিলোঁহেঁতেন।
 [ এই বাৰ কিছুপৰ যুঁজি খুঁজি চানুৰ তলত পৰে
  কৃষ্ণই ওপৰত উঠি বহে ]
 কেনে লাগে হেৰ ককাই মহা মাল,
 ঘিউ মউ কেনি গ'ল ? অন্তিম সময়
 উপস্থিত, মাত গােবিন্দক।
 (চানুৰৰ টেঁটুত চেপি ধৰে চানুৰ মৰে)
 বলা দাদা আগুৱাই, সৌৱা ৰাজসভা
 সম্মুখত বিস্তৃত প্রাঙ্গণ। তাতে পাম
 আন আন মাল লগ।
    [ দুয়ােৰো প্রস্থান। ]

[ ৯৪ ]

[কেইটামান চাওডাঙ্গৰ প্ৰবেশ ]

১ম চাও। কটা, কৈছিল বোলে সেই কলা লৰাটো
 আৰু বগা লৰাটো মৰিব তাকে তুলি নি
 পুতিব লাগিব। এতিয়া দেখোন চানুৰ
 ককাইহে দাঁত মুখ নিকটাই একেবাৰে
 ঢেল ওপঙ্গাই দিলে।
২য় চাও। হেৰৌ কটা কিদৰে চকু দুটাৰে চাই আছে।
 এইটো মৰা নাই ঔ এই টোক ভূতেহে
 ধৰিলে হবলা।
৩য় চাও। ইস মৰা নাই। একেবাৰে এটা এনেহে লেঙ
 মাৰিলে বোপাই চানুৰ মাল গিৰিশ কৰে
 মাটিত পৰিল আৰু উঠিবই নোৱাৰিলে।
১ম চাও। এই দুটা জানিছ ৰাক্ষহ কি দানৱ হে।
 দেখাত হলে মানুহ যেনেই দেখি। কিন্তু
 কি হব কলে; কিবা মায়া জানে ঔ
 বোপাই কিবা মায়া জানে। ধৰ ধৰ
 এতিয়া ইয়াক লৈ গৈ সৌ
 চোতালৰ কাষত কাপোৰেৰে ঢাকি
 থওঁ গৈ। [ তাৰ ঠেঙ্গত ধৰি ডাঙ্গিব খোজে]
 উঃ কটা কি গধুৰ ঔ
 ডাঙ্গিবই নোৱাৰি দেখোন। ৰজা ঘৰৰ
 পঞ্চামৃত চৰিয়াই চৰিয়াই খাই এইটোৰ
 গা একেবাৰে গোট মাৰিছে। সেই দেখিহে
 ইমান গধুৰ।

[ ৯৫ ]

২য় চাও। হেৰৌ কাণে কাণে এটা কথা কওঁ শুন।
১ম চাও। কি কথা কচোন বাৰু শুনো।
 [২য় চাওডাঙ্গে কাণে কাণে কিবা কয়]
 [ দুয়ো হাঁহি হাঁহি বাগৰি পৰে।]
১ম চাও। কটা তইনো ইমান কথা কেনেকৈ জানিলি?
 [আকৌ হাঁহি ঘঁহি বাগৰি পৰে ]
৩য় চাও। হেৰৌ কটাহঁত, সৌৱা মহাৰাজে
 তহঁতৰ উদ্ভাণ্ডালিখন চাই হে আছে।
 ৰ, একেবাৰে কচু কটাদি কাটিব
 [ এটায়ে “ধৰ ঔ ধৰ” কৰি ডাঙ্গি নিয়ে।]

পট পৰিবৰ্তন

চতুৰ্থ দৃশ্য

ৰণ প্ৰাঙ্গণ।

মুষ্টিকৰ প্ৰবেশ।

মুষ্টিক। পৰিল চানুৰ; এইবাৰ মোৰ পাল।
 বৰ শক্তিশালী দেখো এই দুই মাল।
 দুয়েকো বধিম ছলে নোৱাৰিলে বলে।
 (কৃষ্ণ বলোৰামৰ প্ৰবেশ)
 শ্যাম, তুমি মাৰিলা চানুৰ, শ্বেত, তুমি
 যুঁজা মোৰ সনে বাৰু।
বলো। কোন তুমি? কিবা নাম? মই বলোৰাম।
 আহা তেন্তে, সাজু হৈ আছোঁ মই।

[ ৯৬ ]

কৃষ্ণ। মই কৃষ্ণ, কিয়নো নুযুঁজা মোৰ সমে?
 যদিহে খাইছা ভয়, পলোৱা ইয়াৰ
 পৰা এতিয়াই; দিলোঁহে আশ্বাস বাণী।
মষ্টিক। কেতিয়াও মুষ্টিকে নেজানে ভয় কেনে।
 বহুত যুঁজিলা তুমি চানুৰৰ সতে,
 সেই দেখি অক্লান্ত যি বীৰ তাৰ সমে
 ভাবিছো যুঁজিম মই।
[অকস্মাৎ বলোৰামক পিচৰ ফালৰ পৰা ঘোঁচা মাৰিবলৈ হাত তোলে।
 কৃষ্ণই হাতত ধৰি এৰুৱাই আনি তাক সন্মুখত থয়।]
কৃষ্ণ। বীৰৰ নিচিনাকৈ যুঁজ কৰ মুষ্টিক
 যুঁজাৰু। অকস্মাৎ পিচৰ ফালৰ পৰা ধৰি
 বজ্ৰাঘাত মূৰত মৰাটো নহয়
 যুঁজৰ ৰীতি, যদিহে কৰিব খোজ
 ছল, এই দাঁতৰ কোবত যাব প্ৰাণ
 তোৰ, জানিবি নিশ্চয়।
মুষ্টিক। দুজনে ধৰিলে যুঁজ এজনৰ সতে
 কোন যুদ্ধ নীতি বোলে তাক। আহ বাৰু
 গোৱালৰ লৰা, আহ যুজোঁ সমুখা সমুখি।
[ মুষ্টিক বলোৰামে পয়তাৰা কৰে। তাৰ পাচত যুঁজ লাগে। আকৌ এৰাএৰি
 হয়, আকৌ যুঁজ লাগে। শেষত বলোৰাম পৰে। মুষ্টিক বুকত বহা
 মাত্ৰেই বলোৰামে ওলোটাই পেলাই তাৰ টেঁটুত চেপি
 ধৰে। সি গোঁ গোঁৱাই মৰি যায় ]
 (কৃষ্ণ বললাৰামৰ প্ৰস্থান)

[ ৯৭ ]

(চাওডাঙ্গহঁতৰ প্ৰবেশ)


১ম চাও। আহ হঁক ঔ এই এটা মৰিল ঔ, ধৰ হঁক ঔ।
২য় চাও। ইং, ই একেবাৰে মৰিল ঔ ককাই।
৩য় চাও। একেবাৰে নমৰিনো লাহে লাহে জী জী মৰে নেকি গাধ।
২য় চাও। মৰেতো। এধা মৰা পোৱা মৰাও হয়। তিনিপোৱা মৰাও হয়
 ঢেল ওপঙ্গাও দিয়ে। নমৰিও মৰে। জীয়াই থাকোতেওঁ কালে
 চুলিত ধৰে, কটা গৰু একো নেজান তই।
১ম চাও। থ থ তোৰ শাস্ত্ৰখন। জীয়া মৰিছে, এতিয়া মৰাটো মাটিৰ
 তলত থব পৰিলেই হয়।
২য় চাও। হেৰ ককাই মাটিৰ তলত কেলেই পোতে অ’।
১ম চাও। কেলেই পোতে! তাত লৰ চৰ কাটি কুটা নোহোৱাকৈ থাকে
 আৰু ওলাই নাহে।
২য় চাও। ভালেই হল বোপাই। এই মুষ্টিক টোলৈ চা চোন কি দৰে দাঁত
 মূৰ কামুৰি ঢেলওপঙ্গা দি আছে। সি যদি উঠি আহি নিশা মোৰ
 মানিকিৰ মাকৰ আগত ওলায়হি—ঔ মৰিলোঁ ঔ মৰিলোঁ ঔ
 সেইটোক নেচাওঁ ঔ।।
১ম চাও। ধৰ কটা গৰু ধৰ। মৰামানুহ আকৌ মাটি ফুটাই ওলাই আহে!
২য় চাও। ককাই উঠি আহিলেনো বাৰু তই কি কৰিবি কচোন!
 কচোন!
১ম চাও। উঠি লৰ মাৰি ৰজাক খবৰ দিম গৈ।
২য় চাও। ইফালে ঘৈনীয়েৰৰ কি হব?
১ম চাও। জানো কি হয়।
২য় চাওঁ। অ’ তোৰ বুধিটো বৰ ভাল নেপালোঁ বোপাই।

     (হাঁহে)

[ ৯৮ ]

১ম চাও। ধৰ কটা ধৰ। ৰজাই এইখন কৰা গম পালে সবংশে মাৰিব একা।
২য় চাও। বাৰু তেন্তে ধৰাই যাওক দে [এখন ভৰিত ধৰে ভৰিখন লৰে ] ঔ জীয়াই আছে নেকি ঔ! ককাইহঁত।
৩য় চাও। ই কটা বৰ লাঠুৱা। ধৰ ধৰ।

[ এটাই কেউটায়ে মুষ্টিকক ধৰি লৈ যায়।]

⸺:*:⸺

পঞ্চম দৃশ্য

ৰাজসভা

[ কংস, ৰাণী, নন্দ, মল্লগন, বসুদেৱ, দৈৱকী, ৰজাসকল, পুৰনাৰীসকল ]

কংস। দেখিলানে সভাসদ কি অন্যায় ৰূপে
 বধিলে ইহঁতে বীৰ চানুৰ মুষ্টিক?
 অধৰমী ডেকা দুটা, ৰাজ আজ্ঞা মোৰ
 ইহঁতো মৰিব আজি। তোষল বিষাল
 বল্ল যত মালগণ একেলগে সবে
 দুয়োকো কৰিবা আক্ৰমণ। খড়্গ বাৰুলৈ
 ময়ো আছোঁ অপেক্ষি ইয়াতে।
নন্দ। অন্যায়যুঁজত বধি শিশু দুটি প্ৰভু••

[ ৯৯ ]

কংস। থাক মনে মনে কটা গোৱালৰ ৰজা,
 এনে শিক্ষা দিছ সন্তানক। সিহঁতক
 বধি, তোকো আজি পঠিয়াম যমপুৰী।।
 (কৃষ্ণ বলোৰামৰ প্ৰবেশ)
কৃষ্ণ। নমস্কাৰ দণ্ডৱৎ কংস মহাৰাজ!
 প্ৰজা বা ভাগিন বুলি কৰক আশীষ।
 গাৱলীয়া ডেকা, ৰাজসভা ৰীতি নীতি
 নেজানো একোকে। মোমাই অক্ৰুৰে লৈ
 আদৰি আনিলে, ৰজাৰ অতিথি বুলি।
 আহি দেখোঁ বাট ভেটি ভেটি আছে হাতী
 আৰু মহা মাল। অস্ত্ৰ-শস্ত্ৰ বিদ্যা আমি
 জানো ভাল মতে। আৰু যদি আছে কোনো
 ভাল যোদ্ধা আজ্ঞা হওক, যুঁজ কৰি আজি
 পূৰ্ণ কৰে মনোবাঞ্ছা।
কংস। পাপিষ্ঠ চণ্ডাল হঁত, লাজ নেলাগিল
 মোমা বুলি চিনাকি দিবলৈ। অন্যায়
 যুঁজত ছল কৰি মাৰিলি তহঁতে
 কুবলয় বুঢ়া হাতী, চানুৰ, মুষ্টিক।
 এতিয়া যে মৃত্যু আহি চাপিল ওচৰ।
 সাজু হ পামৰ মৃত্যুৰ কাৰণে এবে।
কৃষ্ণ। নমস্কাৰ সভাসদ, নমস্কাৰ পিতা নন্দ,
 নমো নমম জনম দুখিনী দৈৱকী জননী।
 চিৰকাল অত্যাচাৰে প্ৰপীড়িত নমো নমো
 নৰদেৱ পিতা বসুদেৱ। সাক্ষী হবা।

[ ১০০ ]

 দেৱগণ, পুৰণাৰীগণ, সাক্ষী হবা
 ৰাজগণ; ক্ষত্ৰিয় কুমাৰ আমি দুয়ো;
 চিৰকাল পুতিগন্ধময় অন্ধকাৰ।
 নৰকৰ দৰে পোতাশাল গাতৰ মাজত
 বন্দী কৰি থলে মোৰ জনক জননী।
 ৰাজকৰ পীড়নত প্ৰপীড়িত প্ৰজা
 আজি কৰে হাহাকাৰ। ৰাজকৰ্মচাৰী
 বৰ্গে অনায়াসে নানাৰূপে প্ৰপীড়ন।
 কৰিছে:প্ৰজাক। গোচৰত কিন্তু শাস্তি
 পায় প্ৰজাই সততে। ধনেই ধৰ্ম্মৰ
 মূল অজি। পণ্ডিত সজ্জন সাত্ত্বিক
 নৰৰ স্থান নাই ই দেশত। পৰম
 পণ্ডিত শন্তি, জ্ঞানৱন্ত ককা মোৰ
 বজা উগ্ৰসেন কাৰাগাৰবাসী সদা।
 পাপভাৰ পূৰ্ণ হল আজি কংস ৰাইৰ।
 বধে যদি এই হিংসুকক সহচৰ।
 গণ সহ কোনো দোষ নবৰ্ত্তিৰ মোৰ
 নিশ্চয় নিশ্চয়।
কংস। আৰু ক্ষমা নাই। ক’ত আছে মোৰ মাল
 প্ৰহৰী পহৰা? কোন কেনি আছ আহ
 ইহঁতক ধৰি বধ এতিয়াই।
তোষল। তেলি থাকোতে প্ৰভু কাক লাগে?
 আহ পাপী পঠিয়াও যমৰ নগৰ।
  (শ্ৰীকৃষ্ণক ধৰে)।

[ ১০১ ]

ভল্ল। মই ভল্ল জগতত সুবিখ্যাত মাল।
 এছাৰি আফালি মাৰো এইটোক ধৰি
  (বলোৰামক ধৰে)

(ছয় সাতোটা মালে লাঠি, টাঙোন, দা লৈ আক্ৰমণ কৰে।)

[ কৃষ্ণ-বলোৰামে কাকো গোৰ মাৰি, কাকো চৰমাৰি, কাকোবা হাতী দাঁতেৰে
 কোবাই মাৰে। বাকীবোৰ পলায়। হাতত তৰোৱাল লৈ কংস
 আসনত থিয় হয়। শ্ৰীকৃষ্ণই জাপ মাৰি চুলিত ধৰি তৰোৱাল
 খন কাঢ়ি লয় আৰু কংসক বধ কৰে। সভাসদ
 সকল উঠে, কিন্তু নিস্তব্ধ।]

(উদ্ধৱৰ প্ৰবেশ। উদ্ধৱে আঠুলৈ স্ততি কৰে।)

উদ্ধৱ। সম্বৰা সম্বৰা ক্ৰোধ দয়াময় প্ৰভু!
 যাৰ কটাক্ষত চূৰ্ণ হয় ব্ৰহ্মাণ্ড
 শতেক মুহুৰ্ম্মুহু, যাৰ ক্ৰোধে সাগৰ
 খলকে, কক্ষচ্যুত হয় গ্ৰহ-তৰা,
 যাৰ আজ্ঞা পালি চন্দ্ৰ সূৰ্য্যে পোহৰ
 বিলায় যথা নিয়মত। নৰসিংহ
 ৰূপ ধৰি হিৰণ্যকশিপু বধ কৰি
 আশ্বাসিলা ভক্ত প্ৰহ্লাদক যেনেদৰে,
 সেই ৰূপে আশ্বাসা ভক্তক প্ৰভু আজি।
 নমস্তে বামনৰূপী সত্য অৱতাৰ,
 নমস্তে শ্ৰীৰাম। শেষ ৰূপী বলোৰাম
 সহ, শেষ শায়ী নমো দেৱ নাৰায়ণ।
 ব্যথিতা পৃথিবী তব মহাক্ৰোধে প্ৰভু,
 ব্যথিত ৰাজণ্যবৰ্গ, পুৰনাৰী আৰু

[ ১০২ ]

 পিতামাতা তব। সৌম্য মূৰ্ত্তি ধৰি এবে
 আশ্বাসা সৱাকো। ধন্য কংস! কাল পূৰ্ণে।
 নিজে বধি তাক দিব্য গতি দিলা।
কৃষ্ণ। উঠা উঠা উদ্ধৱ বান্ধৱ। কেতিয়া
 আহিলা ব্ৰজধাম এৰি? কুশলে আছেনে
 আই যশোদা জননী ব্ৰজবাসী গোপ
 আৰু গোপিনী সকল?
কংস-ৰাণী। (হাতৰ বলয় খুলি পেলায়)
 কৃষ্ণ, তুমি যদি বিষ্ণু অৱতাৰ হোৱ
 তেন্তে কিয় আজি এনে দুঃখ দিলা মোক।
 সতী নাৰী মই, চকুৰ আগতে কিয়
 বধিলা স্বামীক মোৰ।
কৃষ্ণ। মামী, কালপূৰ্ণ হলে কৰ্ম্মফল ভুগি
 প্ৰাণীগণে কৰে দেহত্যাগ। কালপূৰ্ণ
 হই আজি স্বৰগলৈ গ'ল স্বামী তব
 দিব্য ৰূপ ধৰি। সমুখ ৰণত যুঁজি
 তিয়াগিলে প্ৰাণ। দুখ নকৰিবা মামী,
 সকলো কৰ্ম্মৰে অবিনাশী ফল আছে;
 বহু অপৰাধ অত্যাচাৰ কৰি, মামা
 কৰ্ম্মফল অনুসাৰে তিয়াগিলে দেহা।
ৰাণী। তুমি যদি নাৰায়ণ তিন্তে কিয় দিয়া
 নৰৰ মনত পাপ আশা পাপ ভাব?
 নৰ যদি পাপত দূষিত তুমিও দূষিত
 প্ৰভু পাপীৰ পাপত। নাৰী মই দীনা

[ ১০৩ ]

 স্বামী গতি মোৰ। স্বামীৰ লগতে গৈ
 উঠিম চিতাত। দিব্যৰূপ ধৰি সৌৱা
 যায় স্বামী বৈকুণ্ঠধামলৈ। ৰবা, ৰবা
 স্বামী মোৰ, মোকো লৈ যোৱা ময়ো যাওঁ।
 কিন্তু যাবৰ আগতে কৈ যাওঁ আজি,
 কায়মনোবাক্যে যদি সতী হওঁ মই,
 তেন্তে মোৰে দৰে প্ৰভু তোমাৰ পত্নীও
 কান্দিব এদিন দেখি তব মৃতদেহ।
 পিতা উগ্ৰসেন, দুষ্ট পুত্ৰে দিলে দুখ,
 বাইদেউ দৈৱকী জননী, পালা দুখ
 জীৱনত বহু এবে সুখে ভুঞ্জা ৰাজ,
 যাওঁ মই স্বামীৰ লগতে।
কৃষ্ণ। | নমো নমো সতী মামী সাদৰি জননী
 মোৰ। সতী বাক্য কেতিয়াও নহয়
 বিফল। এই শাপ আশীৰ্ব্বাদ মোৰ;
 ব্ৰহ্মা হৰ আদি কৰি ত্ৰিদশ দেৱেও
 ভুগিব লাগিব কৰ্ম্মফল। কৰমৰ
 ফল মই নিশ্চয় ভুগিম।
মন্ত্ৰী। মথুৰা ৰাজ্যত ৰজাৰূপে বহক
 এতিয়া প্ৰভু (কংসৰ ৰাজমুকুট হাতত
 লৈ কৃষ্ণৰ আগত আঠু লয়)
কৃষ্ণ। মাতামহ উগ্ৰসেন আহি পাটত
 বহক। মন্ত্ৰী, বৃদ্ধ, জ্ঞানী অভিজ্ঞতা।

[ ১০৪ ]

 পূৰ্ণ মন তব। চলাওক ৰাজ্যখন
 যতন কৰক মৃতদেহ সৎকাৰৰ।
 ৰাজ ৰাজেশ্বৰ কংস মহাৰাজ মামা
 মোৰ। পৰম সাদৰে উপযুক্ত মতে
 যমুনাৰ পবিত্ৰ বালিত যথাবিধি
 ঘৃত বস্ত্ৰ চন্দন-সুৰভি আনি সৱে
 কৰোক সৎকাৰ। যতেক যাদৱে
 নগ্নশিৰে নগ্নপদে সসম্ভ্ৰমে অতি
 কৰোক অন্ত্যেষ্টি ক্ৰিয়া।
মন্ত্ৰী। অৱধান, ৰাজবৃন্দ যাদৱ সকল,
 কংসৰাজ অবিহনে এৱে দুষ্ট দৈত্য
 আৰু ৰাজগণে আক্ৰমিব মধুপুৰ।
 যতেক ক্ষত্ৰিৰ সৱে সাজু হোৱা এৱে
 বহুকাল যুদ্ধৰ কাৰণে। ক্ষত্ৰিয়ৰ
 প্ৰাণ, যুদ্ধত মৰণ হেতু। শঙ্কা নাই
 যদি সাৱধানে সঙ্ঘ বদ্ধহৈ থাকোঁ
 সৱে আমি।
দৈৱকী। বাপ কৃষ্ণধন নীলমণি বলোৰাম,
 আহাঁ আহাঁ বাছা জুৰোৱাহি দগ্ধ প্ৰাণ।
    ( দুয়ো দৈৱকীক সাৱটি ধৰে)
 আজি সোতেৰ বছৰ আগে, সেই নিশা
 ঘোৰ শিলা বৰষুণ নুশুনি কাৰোৰে
 মাত, তেনে সময়ত মোৰ কোলা জুৰি
 বহিলাহি নীলমণি বাপ জগন্নাথ।

[ ১০৫ ]

 এন্ধাৰ কোঠালি দীপ্তিময় পোহৰত
 হ’ল। মাতৃ হৃদয়ত ফল্গু সম বলে
 চেনেহ অমৃত ধাৰা। যত শোক তাপ
 ক্ষন্তেকতে পাহৰিলোঁ চান্দ মুখ দেখি।
 তাৰ পাছে অমঙ্গল আশঙ্কাৰে হিয়া
 কঁপি গল। বুকু সুদা কৰি ততালিকে
 পঠিয়ালো ব্ৰজধামলৈ। হিয়া মোৰ
 শত খণ্ডে ছিন্ন হৈ গ'ল, তথাপিও
 ৰল প্ৰাণ। আকৌ দেখিম বুলি জ্বালিলৈ
 হৃদয়ত ক্ষীণ আশা, কটালো বছৰ
 মাহ, কত দিন ৰাতি মনত ধিয়াই
 পলে পলে পুত্ৰ মুখ। তুলিলে যতনে
 নন্দ যশোদাই নিজ পুত্ৰ বুলি অতি
 চেনেহেৰে। শুনি থাকোঁ ইয়াতে সদায়
 ব্ৰজবাসী কি আনন্দে মগ্ন লৈ তাতেই
 দুয়োকো। কুশলে থকাৰ সংবাদ পালেই
 শান্ত হয় হিয়া। পৰিচয় নিবিচাৰি
 কাকো নিদি আছিলোঁ নীৰবে চিৰকাল।
 মাতৃপ্ৰেম শতধাৰা গঙ্গাৰ নিচিনা
 বৈ থাকে অবিৰাম, প্ৰতিদান তাৰ
 কেতিয়াও নিবিচাৰে। আজি এই মহা
 বিপদত ৰাখিলে প্ৰভুৱে, সুখী আমি।
 কুশলেৰে থাকা বাছাহঁত বুকু ভৰি
 নন্দ যশোদাৰ।

[ ১০৬ ]

বসুদেৱ। বীৰ পুত্ৰ মোৰ, আহা আহা যদুকুল
 শিৰোমণি বংশৰ তিলক। ত্ৰৈলোক্যৰে
 ঈশ্বৰ যদিও, পিতৃ হিয়া আজি ভৰা
 পুত্ৰৰ স্নেহত। মিতা নন্দ কৰা পুত্ৰ⸺
 সম্ভাষণ। প্ৰকৃততে যশোদা নন্দন
 দুয়ো, আমি মাত্ৰ দুৰ্ভাগ্যৰে অধিকাৰী
 অপৰাধী জীৱ।
নন্দ। আহা আহা মোৰ কানাই বলাই দুয়ো,
 বুভুক্ষিত জুৰোৱাহি প্ৰাণ। জানো দুয়ো
 পৰম পুৰুষ পুৰাতন। তথাপিও
 পুত্ৰস্নেহে দ্ৰৱিছে হৃদয়। স্নেহাতুৰা
 জননী যশোদা তব কেনেকৈ জীৱ
 প্ৰিয়তম? ব্ৰজৰ দুলাল, পৃথিবীৰ
 ভাৰ আজি পৰিল কান্ধত। অন্ত হল
 ব্ৰজলীলা কৈশোৰৰ প্ৰেম অভিনয়।
 আজি নতুন যৌৱন নৱ ভাব কত
 উদিছে মনত। নতুন কৰ্ত্তব্য আহি
 নকৈ বোৱালে জীৱন সোঁত। ব্ৰজপুৰী
 ক্ষুদ্ৰ অতি। বিশাল সাম্ৰাজ্য ভাৰ আজি
 নতুন অতুল কত কৰ্ত্তব্য কঠোৰ
 উপস্থিত কৰিছে আগত। প্ৰজা ৰক্ষা,
 জ্ঞাতি ৰক্ষা, ৰাজ্য ৰক্ষা, মহৎ মহৎ
 কামে ব্যস্ত কৰি ৰাখিব সদাই বাছা,
 ব্ৰজও ৰাখিবা যেন সদা ৰজাৰূপে।

[ ১০৭ ]

 কিন্তু ক্ষমা কৰা নাথ, ত্রৈলােক্য ঈশ্বৰ,
 তথাপিও বাছা বুলি মাতি গুচাওঁ হেপাঁহ।
 আহা আহা প্রাণৰ গােপাল আহা বলো
 প্ৰাণৰ পুতলি দুয়াে। পিতা বুলি দিয়া
 আলিঙ্গন। লৈ যাওঁ শূন্য ব্ৰজ পুৰলৈ
 শেষ সুখ স্মৃতি সন্তানৰ প্রেম স্পর্শ।
 আহিবা আহিবা বাছাহঁত ৰাজকৰ্ম্ম
 অৱসৰে ব্রজধামলৈ। আশাকৰি
 থাকিব জীয়াই দুখুনী যশােদা মাৰ।
 সাচিঁ থব ক্ষীৰ সৰ লৱনু সন্দেশ,
 আহিব বলাই আহিব কানাই বুলি।
 গােপ গােপী জাকে সদায় থাকিব চাই
 বাটলৈ দিন লেখি লেখি। অৱসৰ পালে
 একোবাৰ গৈ দেখা দিবা। জুৰাব ব্ৰজৰ
 প্রাণ।

( কৃষ্ণ বলােৰাম আহি নন্দক সেৱা কৰে। নন্দই দুয়ােকো সাৱট মাৰি ধৰি মূৰত চুমা খায়)

কৃষ্ণ। পিতা মােৰ মূৰ্ত্তিমান মৰ্ত্ত্যৰ দেৱতা
 মার্জনা কৰক সন্তানক। জীৱনৰ
 আদি লীলা শেষ হ’ল আজি বিধাতাৰ
 বিধানত ; ঘােৰ ৰাজনীতি আহি আজি
 জুৰিছে জীৱন। অখণ্ড বিধিৰ বিধি !
 সযতনে পালক দেৱতা, ব্রজবাসী
 গণে। আমি আহোঁ নিজ নিজ কৰ্ত্তব্যৰ

[ ১০৮ ]

 সাধন কাৰণে মৰ্ত্ত্য ধামলৈ। যশোদা
 জননী মোৰ সৰ্ব্বাঙ্গ চেনেহে ভৰা
 স্নেহ কঙ্গালিনী। মাতৃ প্ৰেম ঈশ্বৰৰ
 সৰ্ব্বোৎকৃষ্ট দান মৰতত; সেই প্ৰেম
 সুধা এৰি কৰ্ত্তব্যৰ বাবে আছোঁ আহি
 মথুৰাত। আমাৰ বিহনে নিৰ্জীব যে
 আই! বুজাব মাতৃক পিতা ভাঙ্গি পাতি
 সৱ কথা। কটালে দৈবকী মাৱে কত
 বৰ্ষ দিন লেখি লেখি, কিন্তু নেলাগে
 কটাব দিন সেইদৰে যশোদা মাতৃয়ে।
 দেখা পাব মোক অন্তৰত কৰিলেই—
 সুমৰণ; তাৰ পাছে প্ৰভাস তীৰ্থত-
 হব মহৎ মিলন। সেই দিন হব
 মাতৃ মোৰ শোক মোহ হীনা। পৰমা
 যোগিনী আইয়ে লভিব পৰম জ্ঞান।
 শেষত পৰম গতি লভি লীন হব
 অনন্তত।
নন্দ। বিদায় বিদায় বাছা যাওঁ মৰাদেহ
 লৈ শূন্য ব্ৰজপুৰলৈ।
    (কৃষ্ণ বলোৰামে নমস্কাৰ কৰে
      নন্দৰ প্ৰস্থান)

—যবনিকা—

[ ১০৯ ]

পঞ্চম অঙ্ক

প্ৰথম দৃশ্য

[ নন্দ, যশোদা মূৰ্চ্ছিতা, গোপিনীবিলাকে কান্দি আছে;
গোপ বালকবিলাকে কপালত হাত দি বহি আছে ]

নন্দ। গোপ গোপীজাক গোৱাচোন কৃষ্ণ নাম
 সুমধুৰ। ৰাণীৰ ভাঙ্গিব মূৰ্চ্ছা তেহে।
 পুত্ৰ প্ৰাণা সতী, পুত্ৰৰ বিৰহ দুখ
 সহিব নোৱাৰি মাটিত পৰিছে আহা,
 বতাহত বিচ্ছিন্ন বল্লৰী যেন লুটি।
 কিন্তু বৈষ্ণবী প্ৰধানা কৃষ্ণভক্তা ৰাণী,
 কাণত পৰিলে কৃষ্ণনাম প্ৰেমময়,
 পৰ্শিব প্ৰাণত গৈ, সচকিতে উঠিব
 ভকত জাগি।

(গোপ গোপীয়ে নাম গায় )

গীত

 কৃষ্ণ কৃষ্ণ নাম গোৱাঁহে গোৱাঁ সখি,
 মধুৰ কৃষ্ণ নাম গোৱাঁহে বনৰ পখী।
 কৃষ্ণ প্ৰাণ কৃষ্ণ গোৱাঁহে মলয় বাও,
 কৃষ্ণ ব্ৰজপ্ৰাণ গোৱাঁহে গোৱালী মাৱ,
 কৃষ্ণ পূৰ্ণ ব্ৰহ্ম গোৱাঁহে জীৱগণ,
 কৃষ্ণ সৰ্ব্ব ঘটে গোৱাঁহে সৰ্ব্বক্ষণ।

[ ১১০ ]

যশোদা। কোনে গায় মধুৰ মাধুৰী কৃষ্ণ নাম?
 কৰা সৱে আকৌ এবাৰ সমধুৰ
 কৃষ্ণ গুণ গান, দগধ হৃদয় চেচা হওক
 ক্ষণিকৰ হেতু।

(গোপ গোপীয়ে আকৌ গায় )

গীত

মোহন দিয়া দৰিশন গোপাল প্ৰাণ
 পেখোহোঁ মুখ কমল এ,
সংসাৰ তাৰণ তেৰি চৰণ
 নভজি জন্ম বিফল এ।
বিনাশে সংসাৰ ভয় ভকতৰ
 পূবে মনোৰথ যত,
হেন পাদপদ্ম আনি প্ৰাণ নাথ
 অৰ্পিয়ো মোৰ শিৰত।
ব্ৰজহন্তে ধেনু চাৰিবাক যাহা
 আমাৰ মনে অসুখ,
জানো পাদপদ্মে তৃণ খোলা লাগি
 প্ৰাণ নাথে পান্ত দুখ।
তোমাৰ চিন্তায় দিন বহি যায়
 গধুলি গোপাল আসি,
অলকা আবৃত গোৰজে ৰঞ্জিত
 দেখুৱা মুখ প্ৰকাশি।
যশোদা। ক’তা ক’তা নিদিলেতো দেখা প্ৰাণধনে,
 মথুৰাত পাই পিতা মাতা বসুদেৱ

[ ১১১ ]

 দৈৱকীক। পাহৰিলে সকলো মৰম
 বেথা অভাগিনী যশোদাৰ। নিদাৰুণ
 এনে হলাহে গোপাল। আহা আহা বাছা
 লৱনু মাখন খোৱাঁহি যিমান লাগে।
 চুৰ কৰি, নেবান্ধো নেবান্ধো আৰু মই।
 ভয় নুখুৱাও আৰু কাণ খোৱা কথা
 কৈ কৈ, নিশা মোৰ বুকুত শোওঁতে।
 গধূলি গোপাল গোৰজে ৰঞ্জিত হৈ
 আহি, পীত ধুতি ফালি চিৰি জপিয়াই
 উঠিলে কোলাত মোৰ চুমাৰ কাৰণে,
 চুমা দিম ততালিকে, নকৰো ভৎৰ্সনা
 দুষ্ট বুলি। শ্যামল শৰীৰ ধূলাময়
 ঘাঁহ পাতে কাটি যদি বিৰিঙ্গায় তেজ,
 চকুৰ পানীৰে মোৰ তিতি যায় দেহা,
 তাকে দেখি স্নেহময় তুমিও উচুপি
 কান্দা। এতিয়ানো বাৰু, হে কৃষ্ণধন,
 অভাগিনী যশোদাৰ নয়নৰ মণি,
 চকুলোৰে নৈ বৈ যায়, নুমাল চকুৰ
 জ্যোতি; তথাপি এবাৰ আহি নিদিয়াহি
 কিয় দৰশন?
নন্দ। ৰাণী মিছাতে কৰিছা শোক। ৰাজেশ্বৰ
 পুত্ৰ তব ৰাজ কাৰ্য্য লৈ আছে মথুৰাত,
 মিছাতে শোকত নেমাতিবা অমঙ্গল।
 শেষ হ’ল কৈশোৰ জীৱন। বীৰ বেশী

[ ১১২ ]

 তৰুণ কুমাৰ ৰাজপুত্ৰ দুয়োজন।
 মথুৰা নগৰ ৰক্ষাৰ কাৰণে দুয়ো
 যদুকুল ৰথিবৃন্দ সহ যুদ্ধ সাজে
 আছে সাজু হৈ। এই সময়ত বাৰু
 গোপ গোপী লৈ ক্ষীৰ ননী পুৰী খাই,
 গো ধেনু চৰাই ফুৰে যদি গীত গাই।
 যমুনা তীৰত কৰ্ত্তব্যক অৱহেলি,
 কৃষ্ণ নাম জগতত কোনে লব বাৰু?
যশোদা। স্বামীন! বুজিছোঁ বুজিছোঁ বাছা মোৰ
 ৰাজ ৰাজেশ্বৰ। ঈশ্বৰে সদায় যেন
 ৰাখক কুশলে। চকুমুদি অন্তৰত
 ধ্যান কৰি চালে দেখা পাওঁ সৰ্ব্বদায়,
 মোহন শ্যামল প্ৰেম ঘন মূৰতি মধুৰ;
 ভক্তি ভৰে নমস্কাৰ কৰোঁ পৰমাত্মা
 বুলি। কিন্তু তেজ মাংসে গঢ়া মানুহৰ
 দেহা, তাতে সন্তান জননী মই নিজে,
 পুৰুষ আপুনি কি বুজিব সেই কথা,
 কিবা উপাদানে গঢ়া ৰমণীৰ হিয়া!
 তুলি ললোঁ প্ৰথমে যিদিনা শিশুটিক
 পৃথিবীৰ পৰা, ততালিকে পাহৰিলোঁ
 অসীম বেদনা প্ৰসৱৰ। জননীৰ
 হিয়া জুৰি প্ৰেম মন্দাকিনী বলে বেগে
 স্নেহৰূপী মাতৃস্তন্য আপুনি ক্ষৰিল।
 কত বৰষৰ সাধনাৰ ধন অভাগীৰ,

[ ১১৩ ]

 হিয়াত সাৱটি পাহৰিলোঁ সকলোকে।
 শিশুৰূপে মোহন মূৰতি বাছা মোৰ,
 আঠু কাঢ়ি কাঢ়ি ফুৰি, আধা ফুটা মাতে
 মাতিলে যেতিয়া “মা মা” অমৃত সুৱদি
 কণ্ঠে, আনন্দত আত্মহাৰা প্ৰায় হলোঁ।
 কিবা ছাৰ ধন, জন, মান, জননীয়ে
 পুত্ৰৰ প্ৰেমত অকাতৰে বলি দিব।
 পাৰে তুচ্ছ প্ৰাণ। শৈশৱত ননী খোৱা
 নাই বুলি চুৰ কৰি, মুখ মেলি দিলে
 দেখা পালোঁ বিচুৰ্ত্তি বিভ্ৰম হৈ অতি,
 মুখৰ মাজত চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা।
 জানো শুনো তথাপিও দেখোঁ জননীৰ
 হিয়া ভেদি বায় অমৃতৰ ধাৰা যেন
 পুত্ৰ স্নেহ। ধৰিব নোৱাৰো চিত মই;
 আনি দিয়া প্ৰাণ গোপাল বলোৰাম,
 নহলে মৰিব প্ৰাণ।
নন্দ। প্ৰাণ কৃষ্ণে কলে মোক বিদায় বেলিকা,
 সাত দিন বাদে ব্ৰজ ধামলৈ আহিব
 এবাৰ ৰাম কানু দুয়ো। তাৰ পাছে,
 প্ৰভাস তীৰ্থত শেষ দেখা দেখি হব
 তোমাৰ লগত। তেতিয়াই দিব্যজ্ঞান
 পাবা, মায়া মোহ হব অৱসান।

[ ১১৪ ]

দ্বিতীয় দৃশ্য

উদ্ধৱৰ প্ৰৱেশ

উদ্ধৱ। দেখিলোঁ প্ৰভুৰ চান্দমুখ। জগতত
 দেখিলোঁ অতুল কীৰ্ত্তি। নিচেই সামান্য
 কথা কুবলয় বধ, কংস বধ আৰু।
 এতিয়া নতুন লীলা ভাৰতত হব
 অভিনয়। যদুকুল প্ৰতিষ্ঠিত হব।
 পুনৰায়। ক্ষত্ৰিয় কুলৰ বাঢ়িছে যে
 অধৰম প্ৰতি দিনে দিনে। এইবাৰ।
 হৰিব প্ৰভুয়ে পৃথিবীৰ মহাভাৰ।
 প্ৰেম লীলা অৱসান এৱে। নেদেখিম
 দিনে ৰাতি প্ৰসন্ন বদন বৃন্দাবন।
 নগৰত। কৰা প্ৰভু দয়া, দিয়া ভক্তি
 ৰসময়ী। ভিখাৰী উদ্ধৱে আৰুতো
 নোখোজে একো। জগতত অতুলন
 গোপ গোপী পৰম ভকত।
  (এজনী গোপিনীৰ প্ৰবেশ)।
গোপিনী। উদ্ধৱ বান্ধৱ, আহিলা দেখোন তুমি
 অকলেই, এৰি কৰবাত প্ৰাণ কানু।
উদ্ধৱ। মা, ক্ষমা কৰা অভাজন ভাগ্যহীন মোক,
 ঘোৰ ৰাজকাৰ্য্য উপস্থিত, নাহিল কানাই।

[ ১১৫ ]

(গোপিনীয়ে কান্দি কান্দি গুচি যায় )
শুনিছোঁ সদায় সাতখন আছে হেনো
অপাৰ মহান অনন্ত সাগৰ, কিন্তু,
আজি যি নিৰাশ শোক—সিন্ধু দেখিছোঁ
ব্ৰজত আহি পাই, অন্ত নাই তাৰ।
এন্ধাৰ এন্ধাৰ ব্ৰজধাম; কেউ ফালে
হা হুতাশ। কেনি গল গোবৎস দামুৰি
কেনি গল সংসাৰৰ কাম; সৱ শূন্য।
নবয় সুন্দৰ বাৱ ৰিৱ ৰিবি আৰু,
নামাতে পখীয়ে, গছত নুফুলে ফুল,
ব্ৰজৰ জীৱন বিনা জীৱ হীন সৱ।

[গোপ গোপিনী এজাকৰ প্ৰবেশ। মাটিত বহি এজনীয়ে গায় আনবিলাকে
 চকুত কাপোৰ দি কান্দে আৰু লগে লগে গায় ]

গীত

উদ্ধৱ এ আহিলা
প্ৰাণৰ কৃষ্ণক নানিলা
 উভটি অহিলা সুদা ৰথ এখনি লৈ এ,

উদ্ধৱ এ হৰি আৰু নাসিলে দুনাই,
হয় জলে জাপ দিম নহলে গৰল পিম
জীৱনত আৰু কাম নাই।
উদ্ধৱ এ আমাক লৈ বলা মধুপুৰী
আঁতৰে আঁতৰে থাকি একাগ্ৰ চিত্তেৰে সদা
প্ৰভু দেখিম প্ৰাণ ভৰি।
উদ্ধৱ এ অভাগিনী আমি গোপনাৰী,

[ ১১৬ ]

 অমৃত সাগৰ পাই হেৰুৱালোঁ অকস্মাৎ
 ইটো দুখ সহিব নোৱাৰি।
 উদ্ধৱ এ উদাস পৰাণ মন আজি
 এই মধু বৃন্দাবন এই ধেনু বৎসগণ
 হৃদয়ত জ্বালিলে অগনি।
উদ্ধৱ। শান্ত হোৱা আই মাতৃগণ। জন্ম জন্ম
 কত তপ কৰি, নৰ তনু পাই জীৱে
 হৰি নাম লয় মুক্তিৰ উদ্দেশ্য কৰি।
 তোমালোকে সেই হৰি প্ৰভুৰূপে পালা।
 অহেতুকি ভক্তি নিঃস্বাৰ্থ প্ৰেমত
 প্ৰেমৰ দোলেৰে বান্ধি ভকতৰ প্ৰাণ
 শ্ৰীকৃষ্ণক, ব্ৰজত কৰিলা কত লীলা।
 গোপগণ ভাবি চোঁৱা, সামান্য গোপাল
 হৈয়ো সাৱটা সাৱটি কৰি কৃষ্ণ সহ
 কতনো কৰিলা ৰং। সৰল প্ৰেমত
 পমিল দয়াল প্ৰভু। যাৰ পদবেনু
 পাবলৈ বাঞ্ছা কৰি কত যোগীন্দ্ৰই
 কত জন্ম ঘোৰ তপস্যাত তনুপাত
 কৰে, তেনে হৰি সনে সমভাবে সদা
 ৰমিলা ব্ৰজত। পূত ব্ৰজধাম হল
 চিৰকাললৈ প্ৰভুৰ চৰণ ৰেণু পাই।
 চিৰকাল ভক্ত গণে গোপীৰ চৰণ।
 ৰেনু বিচাৰি আহিব এই ব্ৰজধাম
 পুণ্য ক্ষেত্ৰলৈ। য'ত তোমালোক, তাতে

[ ১১৭ ]

 কৃষ্ণ জানিবা নিশ্চয়। শোক এৰি চোৱা
 হিয়াৰ মাজত ধ্যান কৰি।
১ম গোপী। সৌৱা সৌৱা শুনিছে বাঁহীৰ প্ৰিয় মাত।
 আহিল কানাই, যোৱা যোৱা বান্ধৱ
 উদ্ধৱ, ধৰি আনা এতিয়াই মনচোৰ
 মোহন প্ৰভুক।
উদ্ধৱ। হিয়াত বাজিছে বাঁহী আই, চকুমুদি
 চোৱা দেখা পাবা শ্যামল মধুৰ ৰূপ।
 ধন্য ধন্য গোপ গোপী! যি বাঁহীৰ মাতে
 তালে তালে সুৰ ধৰি অবিৰাম ঘূৰে
 অনন্ত জগত, যি বাঁহীৰ সুৰে সুৰে
 ঘূৰে সূৰ্য্য ঘূৰে চন্দ্ৰ ঘুৰিছে নিয়তি,
 যি বাঁহীৰ সুৰ শুনিবলৈ ইচ্ছা কৰি
 যোগী-গণে জপে হংস জপ; যি মোহন
 বাঁহীৰ সুৰত ভোল গৈ ভোলানাথে
 নাচিলে তাণ্ডব নৃত্য; সেই বাঁহী বাজে
 অবিৰাম গোপ-গোপী হিয়াৰ মাজত।
 উঠা উঠা আইহঁত, কৃষ্ণ গুণ গান
 কৰা দিনে ৰাতি। সাতদিন অন্ত হলে
 দেখিবা কৃষ্ণক পুনু।
শ্ৰীদাম। আমি কাক লৈ উমলিম পথাৰত,
 উদ্ধৱ বান্ধৱ, কাকনো সজাম ফুলে?
 কোন হব ৰজা, খেলিম যেতিয়া ৰজা-
 ৰজা গোঠৰ মাজত? কাকনো খুৱাম

[ ১১৮ ]

 হাবিলাষে ক্ষীৰ ছানা যতনেৰে নিও
 বান্ধি যি বিলাক গোষ্ঠ লৈ? বেনু শিঙ্গা
 বাঁহী কোনেনো বজাব সুমধুৰ সুৰে?
 কোনেনো বজাব বাঁহী, যাৰ মাত শুনি
 যমুনা উজাই বয়? সমূলি মৰিলোঁ।
 আমি গোপ-গোপী জাক নাৰাখি প্ৰাণ।
 সুদান। কান্দোতে কান্দোতে গল কত দিন ৰাতি,
 নেথাকো ব্ৰজত আৰু। বলা ভাইহঁত,
 যাওঁ আমি মধুপুৰলৈ। হল হেনো
 ৰজা মথুৰাত প্ৰাণৰ কানাই বলল।
 নোৱাৰে খেদিব তবু একে তিলেকতে।
 অতপ্ৰেম অত ভাল পোৱা নেপাহৰে
 কেতিয়াও।

গোপ-বিলাক। বলা বলা যাওঁ ( প্ৰস্থান )

উদ্ধৱ। ( পিছ ফালৰ পৰা চাই থাকি)
 কি অপূৰ্ব্ব প্ৰেমৰ শকতি! ভকত
 সকলে গৈছে বিচাৰি প্ৰাণৰ দেৱতা।
 মুখত কেবল হা কৃষ্ণ হা কৃষ্ণ ৰৱ
 লৰিছে বালক সৱে যমুনাৰ পাৰে
 পাৰে হাবিবন কাঁইটো উপেক্ষা কৰি।
 গৈছে প্ৰতিজ্ঞা কৰি আনিব আনিব
 ধৰি প্ৰাণৰ কৃষ্ণক। ভকতৰ প্ৰাণ
 কি অপূৰ্ব্ব ভাবময়। বিশাল জগত
 ইমান অসীম, ইমান মহান তব,

[ ১১৯ ]

 তথাপিও প্ৰভু ভকতৰ তুমি ভগবান।
 (গোপী বিলাকলৈ চাই)
 আইহঁত! ধৈৰ্য্য ধৰি থাকা কিছুদিন
 পাবা পুনঃ কৃষ্ণ দৰশন।

তৃতীয় দৃশ্য

[ মথুৰা ৰাজপুৰী ]

[ সিংহাসনত উগ্ৰসেন, মন্ত্ৰী, কৃষ্ণ, বলোৰাম অক্ৰূড় আৰু আন আন যাদৱ সকল]।

কৃষ্ণ। মহাৰাজ জানিছোঁ নিশ্চয় কৰি মই⸺
 জৰাসন্ধ মগধৰ ৰাজে আক্ৰমিব।
 মথুৰানগৰ। আজ্ঞা হওক, যাদৱ
যুঁজাৰু সৰুবৰ যেয়ে যতে আছে⸺
 সকলোৱে স্বদেশ ৰক্ষাৰ বাবে যেন
 সাজুহৈ থাকে সযতনে। ব্যায়ামৰ
 খোলা পাতি, অস্ত্ৰ শস্ত্ৰ দিনে ৰাতি সবে
 কৰোক অভ্যাস বুঢ়া ডেকা কিশোৰ-
 কুমাৰে। কমাৰে গঢ়োক অসি, শৰ,
 ধনু, খড়্গ, বাৰু আদি যুদ্ধৰ সমল।
উগ্ৰসেন। কৃষ্ণ, বুদ্ধিত পণ্ডিত তুমি, ৰাজনীতি বিদ⸺
 তুমি, যাদৱ কুলৰ মণি। যেনে দৰে
 দিবা আজ্ঞা তেনে দৰে চলিব সকলো।

[ ১২০ ]

কৃষ্ণ। নগৰৰ কেউফলে জীৰ্ণ হৈ পৰিছে—
 প্ৰাচীৰ, ততালিকে হওক সংস্কাৰ।
 ৰাজ প্ৰাসাদৰ সম্মুখ ভাগত দিনে
 ৰাতি থাকক প্ৰহৰী, যেন ছলে বলে
 কোনোমতে বিপক্ষৰ চৰ নোৱাৰে
 পশিব। খোৱা বস্তু নানাৰূপ গোটাই
 অনাই ঠায়ে ঠায়ে থুপ কৰি খোৱা
 হওক। সশস্ত্ৰ প্ৰহৰী, ৰথ, অশ্ব,
 গজ আদি অতি সোনকালে কৰাহক
 ইয়াত যুগুত।
মন্ত্ৰী। সেনাপতি সহ লগলাগি কৃতবৰ্ম্মা
 আদি ডেকা ডেকা মহাৰথী—যত আছে-
 সকলোকে ক্ৰীড়া প্ৰাঙ্গনত থুপুৰি
 লগোৱা হওক।
কৃষ্ণ।। আৰু কাম আছে ককা। ওচৰৰ যত
 ৰজা মহাৰজা আছে, সেই সকলৰ⸺
 সনে সন্ধিৰ কাৰণে দূত পঠিওৱা
 হওক ৰাজ্যে ৰাজ্যে। আমাৰ লগত
 লগলাগি যুঁজিবৰ বাবে কৰা যাওক
 অনুৰোধ। নিতান্ত নাহেও যদি, যেন
 থাকক মধ্যস্থ হৈ নিহিংসি আমাক।
বলোৰাম। মোৰ মতে এতিয়াই দিশে দিশে দূত
 পঠিয়াই বাতৰি জনোৱা হওক
 নৃপতি সৱাকো, বিশেষকৈ সাধু ত্যাগী

[ ১২১ ]

ধাৰ্ম্মিক প্ৰবৰ বুলি যি সৱৰ খ্যাতি।
প্ৰথমেই যাওক বিশ্বাসী যাদৱ বীৰ ⸺
পাণ্ডৱ নগৰ হস্তিনা পুৰলৈ। ধৃতৰাষ্ট্ৰ
ৰজাৰো ৰাজন তাত, সম্বন্ধও লাগে
কুৰুকুল সহ যদুকুল ক্ষত্ৰিয়ৰ।
তাৰ পাছে অযোধ্যা, পাঞ্চাল, বিৰাট,
কোশল আদি যত ৰজাগণ আছে।
উগ্ৰসেন ৰজা হল, মিত্ৰতা বিচাৰে
যদুকুলে বুলি বিনয়েৰে সন্ধি থাপি
আহক উভতি দূত, ই ফালেদি কৃষ্ণে
মই দুয়োজনে সৈন্য ৰক্ষা শিক্ষা আদি
চলাম যতনে।

চতুৰ্থ দৃশ্য

[ৰাজপ্ৰাসাদৰ দুৱাৰ মুখ]

দুৱৰী। [ তৰোৱাল খুলি থিয় হৈ আছে ]
 কাৰ লৰা, ক’ৰ পৰা আহিছ তহঁত
 নিতান্ত বৰ্ব্বৰ বেশী? গৰখীয়া যেন
 বেশভূষা, মুখত কেবল হা কৃষ্ণ,
 হা কৃষ্ণ মাত। নেজাননে কৃষ্ণ বলোৰাম
 মথুৰাৰ ৰজাৰো ৰাজন ৰাজেশ্বৰ?

[ ১২২ ]

 ছদ্মবেশী চৰ কিবা তহঁত বালকগণ
 তাকোতো নেজানো। গুচি যা ইয়াৰপৰা।
 মন্ত্ৰণা ঘৰত আছে দুয়োজন বীৰ।
 কেতিয়াও নাহে ৰাজ সভা পৰিহৰি
 ভেটিবলৈ তহঁতক। চমটাৰ কোব
 খাবি আজি, পলা পলা কটা অসভ্য
 বৰ্ব্বৰ হঁত।
শ্ৰীদাম। দুৱৰী ককাই, হৃদয়ৰ অসীম
 জালাত আহিছোঁ লৱৰি গোকুলৰ
 পৰা অবিশ্ৰাম, প্ৰাণকৃষ্ণ প্ৰাণৰ
 বলোক দেখা পাম বুলি। এৰিদে এবাৰ
 বাট। লাগে যদি দূৰৰ পৰাই চাই।
 চান্দমুখ গুচি যাম মৃত্যু মুখি হৈ
 যলৈকে নয়ন যায়।
দুৱৰী। নুশুননে কথা কটা নিলাজ অধম
 ৰ তেন্তে বেতৰ কোৱত ফালোঁ পিঠি
 তহঁতৰ। (বেত তোলে)।
সুদাম। বেতেৰে প্ৰহাৰ কৰ, তৰোৱালে কাট,
 কোনো দুখ নাই। এনেয়ে মৰিছোঁ আমি;
 এই অনুগ্ৰহ কৰ হেৰৌ ককাই,
 এবাৰ দেখুৱা চান্দমুখ কৃষ্ণ বলো
 বৃন্দাবন ধন দুজনৰ। অনুচৰ
 আমি গোপাল বাক সৱে; নিজীম
 নেদেখি মুখ আমাৰ প্ৰভুৰ।

[ ১২৩ ]

(দুৱৰীয়ে আকৌ বেত তোলে।)

বসুদাম। অজ্ঞ গোপলৰা আমি, দেখা নাই আগে
 ৰাজধানী ৰাজবাট। প্ৰাণৰ কানুৰ
 সনে বৃন্দাবনে বনে বনে ধেনু চাৰি
 ফুৰিছিলোঁ। আজি হেনো ৰাজেশ্বৰ হল
 প্ৰভু। আমিতো নোখোজা একো প্ৰতিদান।
 আমাৰ প্ৰাণৰ ৰজা বংশীধাৰী হৰি-
 কতদিন দেখা নাই আজি। সংসাৰ
 এন্ধাৰ জীৱন এন্ধাৰ সকলোকে—
 দেখিছোঁ এন্ধাৰ। মাৰ বান্ধ মাৰ কোব
 কি জানিবা অলপো চেতনা আহে অসাৰ
 প্ৰাণত।

(গোপবালকবিলাকে গীত গায় )

গীত

মিশ্ৰ-ভৈৰবী।

শ্ৰীদাম। এৰিদে দুৱাৰ এৰিদে দুৱাৰ
  এৰিদে দুৱাৰ দুৱৰী,
 বহু আশা কৰি আহিছোঁ আমি
  চাম চকু ভৰি শ্ৰীহৰি।
 ৰাজ দৰশন নেলাগে আমাক
  গৰখীয়া আমি দুখীয়া,
 প্ৰাণৰ পৰাণ মোহন কানুক
 (মাথো) দেখুৱা দুৱৰী দেখুৱা⸺
  প্ৰাণৰ কানাই প্ৰাণৰ বলাই
  আহাঁ আহাঁ ভাই এতিয়া
 নহলে মাৰিব আমাৰ পৰাণ
 -দুৱৰী কঠোৰ চিতীয়া।

[ ১২৪ ]

সুদাম। দুৱৰী তহঁতৰ ৰজা কৃষ্ণ বলোৰাম
  আমাৰ প্ৰাণৰো প্ৰাণ,
বসুদাম। অ’ ভাই বৃন্দাবনত শুনালে আমাক
  বাঁহীৰ মধুৰ তান।
সুদাম। (দুৱৰী) পথাৰে পথাৰে আমাৰ লগতে
  কত সুখ গীত গালে,
বসুদাম। অ’ ভাই মাখন লৱণু পুৰি চঞ্চ ক্ষীৰ
  আমাৰ লগতে খালে।
শ্ৰীদাম। গোপ গোপী সৱে মজালে প্ৰেমত-
  কত প্ৰেম লীলা কৰি—
 সেই গৰধীয়া প্ৰাণৰ শ্ৰীহৰি
  দেখিম নয়ন ভৰি।
   ( সকলোৱে আঠুলৈ গায়)
  ক’ত আছা প্ৰাণ কানু-
 দেখা দিয়া ভাই এৱে প্ৰাণ যায়—
  শোকত কাতৰ তনু-
  ইমান মৰম বেথা—
 একে তিলেকতে সকলো এৰিলা
  পাহৰি সকলো কথা।
 ক’ত আছা আহাঁ ভাই
  মধুৰ হাঁহিৰে হিয়া জুৰোৱাহি
 বিৰহে পৰাণ যায়।
 (কৃষ্ণ বলোৰামৰ গোপবেশে প্ৰবেশ)

[ ১২৫ ]

কৃষ্ণ। ক’তা ক’তা প্ৰাণৰ শ্ৰীদাম সুন্দৰ
 সুদাম বসুদাম ক'ত আছে মোৰ⸺
  (দুৱৰী সসম্ভ্ৰমে আঁতৰ হয়)

(গোপবালকবিলাকে দুয়োকো সাৱটি ধৰি ঘনে ঘনে মুখলৈ চায় )

সুদাম। ভাই কানাই বলাই তোমালোক হেনো মথুৰাত ৰজা হলা হয়নে?
শ্ৰীদাম। ৰজা হলেনো কি হয় ভাই? ৰজাই হেনো মানুহক মাৰে কাটে,
 ভাল ভাল কাপোৰ পিন্ধে আৰু ভেম কৰি বহি থাকে হয়নে?
বসুদাম। ইঃ কেলেই হব। ৰজা হলে খুব ভাল ভাল বস্তু খায়, হাতীত
 উঠে, যুদ্ধ কৰে, গান বাজানা শুনে⸺নহয়নে বাৰু ভাই কানু
 ভাই বলো?
বলো। নহয় ভাই ৰজাৰ বহুত টান কাম। এই ৰাজ্যখন আনে আহি
 দখল কৰিব খুজিলে ৰজাই ৰাখে, চোৰ ডকাইতক ৰজাই
 শাস্তি দিয়ে, প্ৰজাক সুখী কৰিবলৈ চেষ্টা কৰে।
সুদাম। তেনেহলে ৰজাই বাঁহীও বজায় নহয়নে? আৰু প্ৰজাবিলাকৰ
 লগত ওমলেও।
শ্ৰীদাম। ইঃ কেলেই হব। ৰজাইনো প্ৰজাৰ লগত খেল কৰেনে?
 প্ৰজাই ৰজাক ভয়হে কৰে।
বসুদাম। তেনে হলেনো কেনেকৈ তোমালোক আমাৰ ৰজা হবা? আমি
 ভয় নকৰিম নহয়।
বলো। ভয় নকৰা যদি কিনো কৰিবা?
বসুদাম। আমি ভাল পাম। আমি মন ভাল লগাবলৈ গীত গাম,
 পেপাঁ বজাম। নাচিম। ঘৰৰ পৰা ক্ষীৰ লৈ আহি খুৱাম।
শ্ৰীকৃষ্ণ। (স্বগতঃ) ভক্ত তুমি ৰজাৰো ৰাজন প্ৰাণ মোৰ!
 কি সৰল কি মধুৰ নিৰ্ভৰতা দেখোঁ

[ ১২৬ ]

 ভকত হিয়াত। ৰজাক নকৰে ভয়⸺
 প্ৰেমৰ ডোলেৰে বান্ধে মাথোঁ। কি শকট বান্ধ!
 ঘৰৰ কামত ব্যস্ত জননী যেতিয়া।
 যাব খোজে আঁতৰি শিশুৰ পৰা দূৰ,
 ক্ষুদ্ৰ হাত তুলি অভিমানী শিশুটিয়ে
 কয় “নিদিওঁ যাবলৈ তোক,” প্ৰেমৰ
 শাসন উপেক্ষিব নোৱাৰে জননী।
 প্ৰেম সুধা পৃথিবীত শ্ৰেষ্ঠ দান ঈশ্বৰৰ।
শ্ৰীদাম। কানাই, তুমি মহাৰাজ হৈছা সেই দেখি আমি মাতিছোঁ দেখি খং
 কৰি মনে মনে আছা দেখোন।
  (কৃষ্ণয় ডিঙ্গিত সাৱটী ধৰি গায় )

গীত

  আহাঁ আহাঁ প্ৰিয় কাষলৈ
  হিয়াত।সাবটি।পৰম সাদৰে
  প্ৰিয় মুখখনি চাম মই।
  নহওঁ নহওঁ ৰাজ ৰাজেশ্বৰ
  আহাঁ প্ৰিয় মোৰ প্ৰাণৰ সোদৰ
  প্ৰাণৰ কানাই বলাই আমি
  ব্ৰজৰ গোপাল দুয়ো ঐ।
সুদাম। বাৰু কানাই, তুমি হেনো আৰু বৃন্দাবলৈ নোযোৱা নহয় নে?
 তুমি নগলে আমি কেনেকে থাকিম বাৰু?
কৃষ্ণ। যাম ভাই আকৌ যাম, তাত মই সদায় থাকিম আৰু সদায়
 আছোঁ।

[ ১২৭ ]

শ্ৰীদাম। ক’তা সদায় আছা? আজি এতে দিন থকা নাই দেখোন।
গ্ৰীকৃষ্ণ। তোমালোকৰ লগে লগেই আছিলোঁ ভাই, অলপ পৰ ঠিয় দি
 চকু মুদি থাকিলেই মোক বুকুৰ মাজত দেখা পাবা ভাই।
 তাতে থাকি মই কথা ক’ম, হাঁহিম, খেলিম।
বসুদাম। ইঃ আমাক নেলাগে। আমি এই দৰে গাটো পিহিম, সাৱট
 মাৰি ধৰিম, তুমি এইদৰে চুমা খাবা। তুমি বাঁহী বজাবা
 আমি নাচিম, তুমিও নাচিবা। এনেকৈ হে সদায় লাগে।
শ্ৰীকৃষ্ণ। সদায় পাবা মইনা সদায় পাবা। পিছে ইমান লৰি ধৰি আহিছা
 কি খাবাহঁক?
গোপবালকবিলাক। আমি পুৰি খাম, মাখন খাম, দৈ খাম, মিঠাই খাম।
 বৰ ভোক লাগিছেহেঁ। খুৱাবানে সচাই?
শ্ৰীকৃষ্ণ। খুৱামতো সকলো খুৱাম। পিছে ব্ৰজৰ নিচিনা গোপিনীৰ
 হাতেৰে খিৰোৱা, আমাৰ গৰুৰ গাখীৰেৰে তৈয়াৰ কৰা, ক্ষীৰ
 লাড়ু, সন্দেশ ননী ছানা জগতত নাই। ভাই তাত প্ৰেমৰস
 সনা আছে এইখন নগৰ ইয়াত তেনে ক’ত পাবা?
সুদাম। তুমি ছুই দিবা তেন্তে সকলো অমৃতময় হব, আমি খুব খাম।
কৃষ্ণ। হেৰ কোন আছ। খাবলৈ ভাল ভাল সন্দেশ পুৰি মিঠাই
 ইত্যাদি সজাই ঘৰৰ ভিতৰত দেগৈ। আহাঁ ভাই ভিতৰলই
 যাওঁ। [সকলোৰে প্ৰস্থান]

[পট পৰিবৰ্ত্তন]

[সকলোৱে ঘৰৰ ভিতৰত বহে। তাত সুন্দৰকৈ পুৰি মিঠাই
 সজোৱা আছে তাত বহি ৰং কৰি কৰি খায়]

বসুদাম। ইয়ো আমাৰ ক্ষীৰ ছানা যেনে মিঠা তেনে মিঠা। তুমি দিছা
 দেখি আৰু সোৱাদ লাগিল। নহয় নে বাৰু শ্ৰীদাম?

[ ১২৮ ]

 শ্ৰীদাম। হয়তো। কৃষ্ণধন, বলোৰাম, এতিয়া খোৱা হ'ল। আজি কেবা দিনো গান গোৱা নাই, তোমালোকৰ লগত ফুৰাও নাই, আহাঁ আমি গীত গাওঁহঁক আৰু নাচোহঁক।

 [ সকলোটি উঠে। পৰিচাৰকে খোৱা বোৱা বস্তু আঁতৰাই নিয়ে। কৃষ্ণই বাঁহী বজায় আৰু মাজে মাজে নাচে। গোপবালকবিলাকে গায় আৰু কৃষ্ণৰ লগে লগে নাচে ]

গীত

শোভিছে ধৰণীখনি হাঁহিৰ ৰহন সানি
(আজি) মধুৰ মাধুৰী বিলাই⸺
 কেতেকী কুলিয়ে কেনে সুকোমল সুবধৰি
  আৰতি আদৰণী গায়।
কেনে নীলা স্বৰগৰ কিবা আভা মনোহৰ,
কেনে নীলা সুনিলীম যমুনাৰ কলেৰব,
 মোহিনী টগৰ যুতি মালতি কেতেকী ফুটি
  দশো দিশ গোন্ধত আকুল।
হৃদয়ৰ ভাল পোৱা লোৱা উপহাৰ লোৱা
  হিয়াত ফুটক প্ৰেম ফুল।
বই যায় মৰতত চেঁচা বাৱ মলয়াৰ,
থৈ যায় হৃদয়ত সুখ স্মৃতি সুধা ভাব,
হিয়াৰ যতেক ভাষা যত সুখ যত অশা
তোমাত কৰিলোঁ সমাপন।
জনম জনম ধৰি হিয়াৰ সঁফুৰা ভৰি
থাকে যেন তোমাতে মৰম।
 [ আকৌ গোপবালকবিলাকে গায় ]

[ ১২৯ ]

গীত

[ প্ৰিয়তম ] কম কি দুখৰ কথা,
 বিৰহ বেদনা অসীম যাতনা
  অসীম মৰম বেথা।
  প্ৰাণ মন সঁপি দিলোঁ।
 কান্দি ৰাতি দিন হল জ্যোতিহীন
  চকুৰে নেদেখা হলোঁ।
[ প্ৰিয়তম ] কিনো নিদাৰুণ হলা,
 বাট চাই চাই দিন কাটি যায়
  কেনেকৈ আঁতৰি ব’লা।
[ প্ৰিয়তম ] আমি যে নিচলা অতি
 নেজানো ভকতি অতি শিশুমতি
  তুমি জগতৰ পতি-
[ প্ৰিয়তম ]ক্ষুদ্ৰ আমাৰ প্ৰাণ।
 তব চৰণত গাঁথি দিলোঁ সখা
  লোৱাঁ প্ৰভু লোৱাঁ দান।

কৃষ্ণ। ভাইহঁত, ফিৰি যোৱা ব্ৰজধামলৈ আজি,
 সদায় সদায় তাত মোৰে দৰে সখা
 ঠিয় দিবাহঁক কদম তলত গৈ।
 গোঠলৈ ধেনুলৈ যাওঁতে সদায়, বান্ধি
 নিবা ক্ষীৰ সৰ লৱনু সন্দেশ লাড়ু।
 বজাবা মোহন বাঁহী, সেই ৰব শুনি
 শান্ত হব হিয়া ব্ৰজবাসী সকলৰ।
 ব্ৰজলীলা শেষ হল মোৰ। তথাপিও
 পুনৰ দেখিবা মোক তাতে। যেতিয়াই

[ ১৩০ ]

 মন যায় চাবা, অন্তৰত দেখা পাবা
 নিতে মোক। বিদায় বিদায় সখাহঁত।
 আই আই বুলি সদায় মাতিবা মোৰ
 যশোদা মাতৃক। শেষ কৰি কৈশোৰ
 জীৱন নিৰ্লিপ্ত সংসাৰী হৈ চিৰকাল
 পাবা মোক। যোৱা সখা ৰথ আছে ৰৈ
 দুৱাৰ মুখত; তাতে উঠি যোৱাহঁক
 বাট বহুদূৰ।

[ গোপবালকবিলাকে গান গাই গাই পিছুৱাই পিছুৱাই যায় ]

গীত

বিদায় বিদায় সখা,
 প্ৰাণ প্ৰিয় বিদায় বিদায়।
  দুখীয়া দৰিদ্ৰ বুলি
   নেৰিবা মৰম সৰ্ব্বদায়।
দেখিম সদায় যেন
 শয়নে স্বপনে চান্দ মুখ,
  সুৱঁৰি সুৱঁৰি নিতে
 তোমাৰে গীতকে গাই
দূৰতে দূৰতে থাকি
পাম অমি অমিয় সুখ;
প্ৰাণপ্ৰিয় বিদায় বিদায়।

কৃষ্ণ। দিলোঁ দিব্য জ্ঞান সখাহঁত, আশীৰ্ব্বাদ
 দিলোঁ। অমিয় মাধুৰী হৰিনাম লৈ
 সংসাৰৰ লীলা শেষ কৰি শেষকালে
 মোতে হবা লীন।

[ ১৩১ ]

পঞ্চম দৃশ্য

ব্ৰজধাম।

(যশোদা বহি আছে)

গীত

যশোদা। প্ৰাণ কৃষ্ণ দেখা দিয়া⸺দুখুনি মাৰক আজি  মই পুত্ৰ বিবহিনী কোলাত বহাঁহি আহি।  হিয়া ফালি কোনে মোৰ বাছাক কৰিলে চুৰ  আহা বাছা আহা মণি নিজীয়ে পৰাণ মোৰ।  প্ৰেমৰ পুতলি তুমি হিয়াখনি প্ৰেমে ভৰা—  মাতৃৰ হিয়াৰ ব্যথা গুচুৱাই দয়া কৰা।  নেপথ্যত বংশীধ্বনি⸺ যশোদা। ক’ত বাজে বাঁহী —প্ৰাণৰ কৃষ্ণৰ বাঁহী মাত,  (অলপ ৰৈ শুনে) কোনে গায় গীত—

গীত

আই আই চেনেহী সদৰি আই ঔ,
গৌৰব মণ্ডিত মাতৃ মন্দিৰত চৰণত দিয়া ঠাই ঔ,
  মোৰ চেনেহি সাদৰি আই ঔ।
হিয়াত বইছে চেনেহ অমিয়া পাদযুগ পুণ্যময়ী
  আই ঔ মোৰ পাদযুগ পূণ্যময়ী⸺
চৰণ পৰশে পূত ধৰাতল সতীগণ শিৰোমণি
  আই ঔ সতীগণ শিৰোমণি।

[ ১৩২ ]

অকৃতি সন্তানে মাতে হাতে জুৰি ক্ষমা শোক মোহ এৰি
  আই ঔ ক্ষমা শোক মোহ এৰি,
জনমে জনমে সেই প্ৰেমসুধা পাওঁ যেন প্ৰাণ ভৰি
  আই ঔ পাওঁ যেন প্ৰাণ ভৰি।

(কৃষ্ণ বলোৰামৰ প্ৰবেশ)

যশোদা। আহা আহা মোৰ প্ৰাণধন ৰামকানু৷⸺
 ওচৰলৈ আহা বাছাহঁত, শোক দগ্ধ
 হিয়া মোৰ শাঁত হওক। অভাগিনী
 নাৰী মই হেৰুৱালো চিৰকাললৈ
 পুত্ৰ মোৰ। ধন্য সতী দৈৱকী জননী
 পালে পুত্ৰ ৰামকানু হেন। তথাপিও
 তোলনীয়া মাৰ বুলি অলপ মৰম
 বেথা সদায় ৰাখিবা মোৰ বাছাহঁত।
   (যশোদাই কান্দে)

[ কৃষ্ণ বলোৰাম কাষত বহে, কৃষ্ণই লাহে লাহে চকুৰ পানী মচি দিয়ে ]

কৃষ্ণ। আই! আই! চেনেহী জননী মোৰ তুমি,
 সতী মাতৃ জন্মদাতৃ তুমি ভাগীৰথী।
 উপজিয়ে অসহায় শিশু আমি দুয়ো⸺
 পাইছিলো এই মাৰ সুকোমল অতি⸺
 চেনেহী কোলাত ঠাই। এই প্ৰেম পূৰ্ণ
 মৰম চেনেহ ভৰা বুকৰ উমত
 সংসাৰ পাহৰি নিৰ্ভয়ে কটালো ৰাতি।
 স্বৰগৰ অমৃত সুৱদি আপোনাৰ
 স্তন্য কৰি পান ডাঙৰ দীঘল হলো।

[ ১৩৩ ]

  মাতৃস্তন্য কি অমৃত কি পবিত্ৰ কিবা
  প্ৰেমৰ নিজৰা। নিজ ৰক্ত প্ৰেমৰূপে
  হই বিগলিত মন্দাকিনীৰূপে বৈ
  সন্তানক জীৱন যোগায়। অমৃতময়ী,
  তুমি সেই মা মোৰ। তুচ্চ তীৰ্থভূমি
  তুচ্চ তপ জপ আমাৰ মনত। এই
  মাতৃৰ চৰণ জগতৰ সাৰ তীৰ্থ।
   অভিমান কৰি কৈছে নিজকে আই
  পাৰ হৈ গল, ভৰি দিছে কৈশোৰত,
  তোলনীয়া আই বুলি। আজি শিশুকাল
  পাৰ হৈ গল, ভৰি দিছে কৈশোৰত,
  নিজ মাতৃ বুলি চিৰকাল ভাল পালোঁ
  যদিওবা দৈৱকী জননী জনম দুখুনী আই,
  কৰুণাত তেওঁৰ প্ৰতি মন ভৰপূৰ,
  তথাপি তথাপি আই মাতৃ যে আপুনি।
  মাতৃপ্ৰেম সুগভীৰ হিয়াত বইছে।
  নিৰন্তৰে আকাশী গঙ্গাৰ দৰে আই।
  তুচ্চ তপ জপ তুচ্চ তীৰ্থভূমি,
   আমাৰ মনত এই মাতৃৰ চৰণ
  জগতৰ সাৰ তীৰ্থ।

বলোৰাম ৷ আই, আই, আই, অভিমান এৰি খোৱা।
  চুমা এটি আই। অৱস্থাৰ বিপাকত
  পৰি, আমি আজি মথুৰা নগৰবাসী।
  বধি কংসৰাজ অৰাজক কৰিলোঁ।
  মথুৰাপুৰী। বুঢ়া ককা উগ্ৰসেন

[ ১৩৪ ]

  নিতান্ত কাতৰ বয়সৰ ভাৰে আৰু
  কাৰাৰ দুখত। শত্ৰুগণে অক্ৰমিব
  ৰাজধানী, তাৰ পাচে দুষ্ট দৈত্যগণে
  তলতীয়া ৰজা যত ধ্বংস কৰি কৰি
  পীড়িব প্ৰজাক অৱহেলে। বিপাঙত
  আজি উপদেশ দিয়ক আমাক আই;
  আমাৰ কৰ্তব্য বাট দিয়ক নিৰ্দে্দশি।
  আকৌ ব্ৰজত আহি থাকোঁ যদি গৰু চাৰি
  ভাত খাই, কৰ্তব্যৰ ক্ৰতি হেতু হব
  অপযশ সংসাৰত। মৰিলে নৰক
  গামী হ’ম সুনিশ্চিত।
যশোদা। বাছাহঁত, বুজো সকলোকে অন্তৰত,
  সকলো বুজিও নোৱাৰো ধৰিব প্ৰাণ।
  ৰমণীৰ জীৱনৰ শ্ৰেষ্ঠদান কৰি
  দিছে বিধাতাই সন্তান সন্ততি।
  অভিমান হয় মই আজি নিঃসন্তানা।
কৃষ্ণ। আই মোৰ, ভাগীৰথী সম জগজ্জননী
  পতিত পাৱনী প্ৰেমৰ আধাৰ নিজে,
  আজি বিশ্বময় সৱে নিজৰ সন্ততি।
  বুলি ভাবক মাতিবি। অসীম মৰম
  দিয়ক বিলাই দীন দুখী আতুৰ
  অনাথ যত প্ৰেম ভিখাৰীক।
  কাজলা গোপৰ শিশুবোৰে আই আই
  বুলি মাতিব যেতিয়া মুখ ভৰি ভৰি,

[ ১৩৫ ]

দিব আই বুকুজোৰা প্ৰেম প্ৰাণৰ
গােপাল বুলি। পৰমাত্মা এক সকলো
ভূতৰে । মই দাদা বলো বুলি যদি চাব
পাৰে সকলােকে, পাহৰিব বিচ্ছেদৰ
শােক দুখ যত, জ্ঞানমার্গ ভক্তিমার্গ
সৱ জানে আই মাতৃ যােগিনী আপুনি।

[ নন্দ ৰজাৰ প্রবেশ, কৃষ্ণ বলােৰামে নমস্কাৰ কৰে, নন্দই উভয়ৰে মূৰ    সুঙি চুমা খায়]।

নন্দ। বাছাহঁত আছাতো কুশলে, ৰাজকাৰ্য্য
 চলিছেনে ভালে? শুনিছো কংসৰ মিতা
 জৰাসন্ধে শীঘ্ৰে আক্ৰমিব এই ৰাজ্য।
 ব্ৰজৰ গােৱাল সব উত্তম যুঁজাৰু।
 যাব সৈন্যৰূপে বহু আহ্বানিলে
 তােমালোকে। ব্ৰজপুৰী ৰক্ষাৰ কাৰণে
 থাকিম সচেষ্ট মই। পাওঁ যেন উপদেশ
 এই বিষয়ত সৰ্ব্বদায়।
কৃষ্ণ। সকলো ব্যৱস্থা পিতা কৰিছোঁ যতনে।
 বহু চেষ্টা বহু যত্ন লাগিব কৰিব,
 তেহে যদি হব পাৰোঁ যুজৰ কাৰণে
 আমি সুসজ্জিত।
বলো। পিতা, আজ্ঞা যেন দিয়ে সবল শৰীৰ
 যত ব্রজবাসী গােপাল ক্ষত্রিয় আদি,
 সকলােৱে থাকে যেন অস্ত্রে শস্ত্রে সাজু।
 ঠায়ে ঠায়ে ব্যায়াম আগাৰ পাতি পাতি

[ ১৩৬ ]

 শিকাওঁক যুদ্ধবিদ্যা সবল শৰীৰ
 প্ৰজা সমূহক।
নন্দ। বাছাহঁত দুয়ো প্ৰবোধা মাতৃক এৱে।
 নিচেই স্নেহাৰ্দ্ৰ হিয়া সতী। সন্তানৰ
 বিচ্ছেদত একেবাৰে হইছে বিহ্বলা।
যশোদা। ক্ষমা কৰা নাথ, প্ৰাণৰ তনয়
 সুশোভন পুত্ৰ মোৰ কানাই বলাই-
 ক্ষমা কৰা। শুনিছিলোঁ নাৰদৰ মুখে
 কৃষ্ণনাম পতিত পাবন। দিয়া পুত্ৰ⸺
 মোক সেই নাম সুধা। দিয়া জ্ঞান যেন
 শোক মোহ সকলো পাহৰি কৃষ্ণভক্তি
 জাগে হৃদয়ত। পুত্ৰৰূপে ভাবি ভাবি
 পাওঁ যেন সততে তোমাক হৃদয়ত।
 সংসাৰৰ মায়া মোহ কাটি গৈ যেন
 পাওঁ দিব্য গতি।
কৃষ্ণ। পুত্ৰৰূপে স্নেহাৰ্দ্ৰ হৃদয়ে সততে
 ভাবিব মোক আই। সহজে তিৰোতা
 জাতি অপত্য স্নেহেৰে ভৰপূৰ সদা।
 জগতত অতুল বাৎসল্য ভৰা গোপাল
 মূৰতি। আনন্দ আপ্লুত মূৰ্ত্তি, হাতত
 ভোগৰ লাড়ু, আঠু কাঢ়ি ফুৰে শিশুটীয়ে,
 মুখত মধুৰ সৰল হাঁহিটি সদা
 মূৰত মৈৰাৰ পাখি। এই ৰূপ বৰ
 মৰমৰ তব। সেই ৰূপে ভগবান

[ ১৩৭ ]

প্ৰেম ঘন মোহন মূৰতি বিৰাজিত
হই থাকিব সদায় হিয়াৰ মাজতে।
প্ৰভাস তীৰ্থত কিছুদিন পাছে, হব
দেখা পুনৰায়। সেই দিন হব আই
ব্ৰত উদযাপন। দিব্য ব্ৰহ্ম জ্ঞান লভি
আই, পৰম যোগিনী ৰূপে নিৰ্লিপ্তা
সংসাৰী হৈ অন্তেষত অনন্ততে হব গৈ
লীন। বিদায় বিদায় এৱে।

[ কৃষ্ণ বলোৰাম অন্তৰ্ধ্যান হয়, যশোদাই কান্দি কান্দি কয়]

যশোদা। কেনি গ'ল কানু কেনি গ'ল প্ৰাণৰ
 বলাই। এইতো আছিল এতিয়াই ইয়াতেই।
নন্দ। ৰাণী, বুজা নাই এতিয়াও কোন এই
 দুয়োজন শিশুৰূপী? কত জনমৰ
 তপস্যাৰ ফলে, আজি সোতৰ বছৰে
 পুত্ৰ ৰূপে পালা পৰম পুৰুষ প্ৰভু।
 দিব্য জ্ঞান ধৰ্ম্ম উপদেশ দিলে।
 আহা ৰাণী দুয়ো দিনে ৰাতি পূজোঁ
 আমি প্ৰভুৰ চৰণ, অন্তৰত জপি
 মধুৰ গোপাল মূৰ্ত্তি৷ প্ৰেমৰ দোলত
 অনন্ত পৰিব ধৰা, প্ৰেম পৰশত
 যাব শত বিশ্ব ভাহি মতলীয়া হৈ।
 মুখ ভৰি ভৰি সুমধুৰ কৃষ্ণ নাম
 গোৱাঁ। অন্তৰত জপা দিনে ৰাতি
 মধুময় গোপাল মূৰতি।

[ ১৩৮ ]

ষষ্ঠ দৃশ্য

যমুনাৰ তীৰ

[ জোনাক ৰাতি, গোপিনীসকলৰ প্ৰবেশ]

১মা গো। ক’তা ক’তা নাহিল দেখোন এতিয়াও
 প্ৰাণ কানু। বিৰহ যাতনা সহিম
 নো কত আৰু।
২য়া গো। কপটি কানাই ভূৱাদি ছলিলে সখি
 আজলী আমাক। উলটি যে নাহে নাহে।
 মথুৰাত হেনো ৰজা হ’ল প্ৰাণ প্ৰভু।
 কিবা ভাগ্যৱতী মথুৰাবাসিনী যত
 শ্যাম বিলাসিনী সৱে নাগৰী সুন্দৰী।
৩য়া গো। যমুনাৰ এই বালি এই সুবিমল,
 জোনৰ কিৰণ ৰজত ধৱল দেখি
 কত সুখ স্মৃতি জাগে অন্তৰত মোৰ।
 ইয়াতেই এই যমুনাৰ সুশীতল
 সুনীল পানীত কত সুখ নিশা হ'ল
 অৱসান। কি ৰূপে পাহৰি আছে আজি
 সেই কথা প্ৰাণৰ কানুৱে।

[ দূৰত বাঁহীৰ মাত শুনে। সকলো গোপী উৰ্দ্ধশ্বাসে লৰ মাৰি যায়।]

[ ১৩৯ ]

১মা গোঃ। এই বাৰ সাৱধানে থাকিবা গোপিনী,
 আক্ৰমণ কৰা সবে কেউ ফালে বেৰি,
 নিদিওঁ পলাব চোৰ পৰিছে যে ধৰা।
২য়া গোঃ। সাৱধান, অক্ৰূূৰ আহিব ৰথ লৈ কোনোবা
 ফালৰ পৰা। পলাব নিৰ্দ্দয়।
 প্ৰাণ কাঢ়ি লৈ দুখুনী গোপীৰ।
কৃষ্ণ। সখীহঁত, কি দোষ কৰিছো মই কোৱা।
 কেনেকৈ চোৰ হলোঁ বাৰু। অকলশৰীয়া
 নিজান বালিত, অতবোৰ গোপিনীয়ে পাই
 যদি মোক কৰা আক্ৰমণ তেন্তে মোৰ
 কি উপায় আছে বাৰু।
১মা গোঃ। গুচৰীয়া মই, কোনোবা এজনী হোৱা
 ৰজা। অপৰাধ এই তস্কৰৰ মই
 কৰি দিম প্ৰমাণিত।
২য়া গোঃ। ময়ে ৰজা, কোৱা সখী কি গোচৰ আছে।
১ম গোঃ। এইজন কৃষ্ণধন বৃন্দাবন প্ৰাণ,
 গোপিনীৰ অমূল্য ৰতন, প্ৰাণৰো
 পৰাণ। এইজনে চুৰ কৰি হিয়া ফালি
 জীৱন আমাৰ, পালেগৈ মধুপুৰী।
 তাত গৈ নাগৰী সুন্দৰী লৈ থাকিল
 সুখেৰে পাহৰি ব্ৰজৰ সৱ। নিদিলে
 ফিৰাই চুৰ কৰি নিয়া প্ৰাণ গোপিনীৰ।
গোপীবিলাকে। প্ৰমাণিত হ’ল দোষ। চোৰৰ উত্তৰ
 শুনিবলৈ খোজোঁ আমি।

[ ১৪০ ]

কৃষ্ণ। ময়ো দিওঁ গোচৰ হে ৰজা। ডুবালে
 প্ৰেমত মোক ব্ৰজৰ গোপীয়ে। ৰাখিলে
 পৰাণ মোৰ কাঢ়ি ব্ৰজতেই। এতিয়া
 প্ৰাণহীন দেহে মথুৰাত নোৱাৰি
 থাকিব, আহিছে বিচাৰি প্ৰাণ
 যমুনা পাৰৰ মধুৰ জোনালী ময়
 সৈকতত।
২য়া গোঃ। বিচাৰত হাৰিল গোপাল, দণ্ড মই
 বিহিম উচিত। শুনা সৱে সাৱধানে,
 আজি নিশা যমুনা পাৰত হব ৰাস,
 তাৰ পাছে থাকিব গোপাল বন্দী হৈ
 গোপীৰ মাজত।
কৃষ্ণ। ৰাজ আজ্ঞা অৱশ্যে পালিম। আহা তেনে
 গোৱাহঁক নাচাহঁক আনন্দ মনেৰে।

[ কৃষ্ণই বাঁহী বজাই বজাই নাচে, গোপিনীসকলেও নাচে ]

গীত

চন্দ্ৰমা শালিনী মধুৰ যামিনী
 নীলিম যমুনা নীৰ,
যমুনাৰ বালি  জোনাকত ৰূপালি
 মলয়া বইছে ধীৰ;
কবি পৰশে অমৃত বৰষে
 সুশীতল হিয়া তল,
প্ৰিয় বাঁহী সুৰ  বাজিছে মধুৰ
 ৰসে প্ৰাণ টল মল।

[ ১৪১ ]

কৃষ্ণ কৃষ্ণ বুলি  সখী সবে মিলি
 গোৱা মধু কৃষ্ণ নাম,
ত্ৰিভঙ্গ মুৰাৰী  মোহন শ্ৰীহৰি
 মধুৰ মূৰতি শ্যাম।

   [ কৃষ্ণ অন্তৰ্ধ্যান হয় ]

১মা গোঃ। কলৈ গ'ল কেনি গ'ল প্ৰাণৰ কানাই,
 এতিয়াই মোৰ স'তে নাচিছিল।
 প্ৰাণনাথে মোৰ। কোনে নিলে ফুচুলাই,
 আপোন পেটিয়া মই, সেই দেখি এৰি
 মোক গ'ল প্ৰাণনাথে আনৰ কাষলৈ।
২য়া গোঃ। ময়েহে পাপিনী, অকলে অকলে মই
 প্ৰভুক লগত লৈ নাচিছিলোঁ দেখি
 এৰি গল প্ৰিয়তমে। কোৱা সখী কোৱা
 কেনি গল প্ৰিয় মোৰ?
৩য়া গোঃ। বহুদূৰ যোৱা নাই প্ৰাণ কৃষ্ণধন,
 এই এতিয়াই আছিল লগতে মোৰ।
 বিচৰা বিচৰা সখী, ধৰা পৰি যাব
 প্ৰাণ চোৰ।
৪ৰ্থ গোঃ। যমুনা, যমুনা, ঔ আই যমুনা, তয়ে
 হৰি নিলি প্ৰাণৰ কানাই, জানিলোঁ।
 নিশ্চয় কৰি। এতিয়াই মোৰ লগতেই
 আছিল পৰাণ প্ৰিয়। দেখুৱাই দে ঔ
 আই, নহলে মৰিম জাহ দি পানীত তোৰ।
৫মা গোঃ। এইয়া এইয়া ধ্বজ বজ্ৰ অঙ্কুশৰ

[ ১৪২ ]

চিন। এই ফালে এই ফালে পলাল
গোপাল। আহাঁ আহাঁ সখী যাকে লাগে
লবা গোপালক। অতপৰ প্ৰভু মোৰ
আছিল লগতে।

[ কিছুমান পৰ বিচাৰি ফুৰি শেষত একে লগে বহি কৃষ্ণ গুণ নাম গায় ]

⸺গীত⸺

অহা সখী গাওঁ কৃষ্ণ নাম
মধুময় গাওঁ কৃষ্ণ নাম,
কৃষ্ণময় দেহ কৃষ্ণময় প্ৰাণ
কৃষ্ণময় দেখোঁ জগতত
আকাশত কৃষ্ণ বতাহত কৃষ্ণ
কৃষ্ণ ৰূপ দেখোঁ হৃদয়ত।
যমুনা লহৰী কৃষ্ণক সুঁৱৰি
অবিৰাম গায় কৃষ্ণ নাম
মধুৰ মলয় কৃষ্ণ নাম লৈ
চেঁচা কৰি যায় ব্ৰজধাম।

 [ কৃষ্ণ আহি উপস্থিত হয় ]

কৃষ্ণ। এইয়া সখী, ইয়াতেই দেখো আছোঁ।
 কি সুন্দৰ শুভ্ৰ জ্যোৎস্না। কেনে দেখি
 অপৰূপ দিব্য জোনাকত অপূৰ্ব্ব বৰণী
 সুন্দৰী যমুনা। ইহেন ৰজনী বিফলে
 যাবনে সখী?

  [গোপিনীয়ে গীত গায় কৃষ্ণ আৰু গোপীয়ে নাচে]

[ ১৪৩ ]

—গীত—

ৰূপালি যমুনা জল।   জোনাকত জল মল
বৈ যায় সুবিমল   ৰূপলি বহনে হাঁহি,
পিউ পিউ পাপীয়াৰ    কুঁহু কুঁহু কোকিলাৰ
কেতেকীৰ সুধাধাৰ    বতাহত আহে ভাঁহি,
মধুময় বসন্তৰ   সুখ শোভা মনোেহৰ
প্ৰেমে প্ৰাণ জব জব   অহা প্ৰিয় ৰসময়,
তোমাৰ পৰশ লাগি   যৌৱন উঠিছে জাগি।
লোৱা প্ৰেম উপহৰ   দেহ প্ৰাণ সমুদয়।

১মা গোঃ। প্ৰভু, স্বামী, প্ৰাণৰ বান্ধৱ, কত দিন
 অদৰ্শন বিৰহে কাতৰা হৈ আমি
 মৃত প্ৰায় আছিলোঁ ইয়াতে পৰি পৰি,
 আজি আহি দেখা দি মাধব গুচুৱালা
 মনস্তাপ। কিন্তু প্ৰভু ৰজা তুমি এৱে
 মথুৰাৰ স্বামী। নিতান্ত দুখুনী আমি
 গোৱাল জীয়ৰী। যাবা তুমি মথুৰালৈ
 ফিৰি। জীম কেনেকৈ আমি দিয়া
 সমিধান।
কৃষ্ণ। সখীহঁত, ভকতৰ হাকুলি বিকুলি
 নোৱাৰোঁ সহিব কদাচিতো। সেই দেখি
 আহিলোঁ ইয়ালৈ আজি। কৃষ্ণময় প্ৰাণ
 তোমালোক। কৃষ্ণ বিনে নাজানিলা একো;
 পতি, পুত্ৰ, পিতা ভাই স্বৰূপে যতেক
 বিধ, একাধাৰে সকলোৰে সমষ্টি
 প্ৰেমেৰে পৰিপূৰ্ণ হিয়াখনি প্ৰত্যেক

[ ১৪৪ ]

 গোপীৰ। ব্ৰত সাঙ্গ হ’ল এৱে। জীৱাত্মা
 ৰূপিনী গোপিনী সকল প্ৰাপ্ত হলা
 কৃষ্ণত্ব সৱেও। যোৱা সৱে বৈকুণ্ঠলৈ
 সশৰীৰে কৃষ্ণ মূত্তি ধৰি। বিষ্ণু দূতে
 আনিছে বিমান সৌৱা। মায়া মই দূৰ
 কৰি দিলোঁ। চোৱাঁ চকু মেলি, মৰতিয়া
 চকুৰেই চোৱা মোৰ ৰূপ।
১ গোঃ। নমো নমো অনাদি অনন্ত বিশ্বৰূপ।
২য়া। নমো নমো সৃষ্টি স্থিতি প্ৰলয়ৰ স্বামী
 মহাকাল ৰূপী জনাৰ্দ্দন।
৩য়া। নমো নমো অব্যক্ত অব্যয় সনাতন,
 নমো নমো চৰাচৰ প্ৰভু জগতৰ।
  (বিষ্ণুদূতৰ প্ৰবেশ)
বিষ্ণু দূত। প্ৰভু, স্মৰণ মাত্ৰকে দাসে পুষ্পক
 বিমান আনিছোঁ ত্বৰিতে। কিবা আজ্ঞা হয় প্ৰভু।
কৃষ্ণ। মোৰ এই ভকত সকলো, পুষ্পক
 ৰথত তুলি লৈ যোৱা বৈকুণ্ঠপুৰীলৈ।
 [গোপীসকলে আৰু বিষ্ণুদূতে নমস্কাৰ কৰি গুছি যায়]

(নাৰদৰ প্ৰবেশ )

—গীত—

কৃষ্ণ নাম কি মধুৰ নাম, গোৱাঁ গোৱাঁ নৰ মুখে অবিৰাম
গোৱা সৰ্ব্বদায় মুখ ভৰি ভৰি, অমিয় মাধুৰী ভৰা হৰি নাম।
কলিৰ কালত ত্ৰাণৰ উপায়, ভক্তি ভাবে লোৱা কৃষ্ণ নাম।
যাগ যজ্ঞ সব মিছা সঁঁচা হৰি নাম বদন ভৰি গা হৰে কৃষ্ণ নাম
   কৃষ্ণ নাম কি মধুৰ নাম।

[ ১৪৫ ]

প্ৰভু, বৃন্দাবন লীলা শেষ হ’ল এৱে
মথুৰাতো নহব বসতি বহুদিন।
দ্বাৰকাত পাতিব লাগিব নতুন
নগৰ। তাৰ পাচে পৃথিবীৰ ভাৰ
কমাব লাগিব। সকলোকে জানে স্বামী।
পালো দৰশন শ্ৰীচৰণ, এৱে যাওঁ
চাওঁ গৈ বৈকুণ্ঠত ভকতৰ প্ৰেমলীলা,
আপোনাৰ মূৰ্ত্তি অনন্ত জলধিশায়ী
নাৰায়ণ ৰূপী।

(প্ৰস্থান)

(যবনিকা।)

[ ১৪৬ ]

ক্ৰোড় অঙ্ক

[বৈকুণ্ঠত অনন্তশয্যাত নাৰায়ণ, লক্ষ্মী পদমূলত। গোপীসকলে কৃষ্ণমূৰ্তি ধৰি চাৰিওফালে বহি আছে। জয় বিজয় দুৱাৰ মুখত। নাৰদৰ প্ৰবেশ ]

—গীত—

অনন্ত শয্যত বিৰাজিছে প্ৰভু
 চোৱাঁহে নয়ন ভৰি
আহা পাপী ত্যাপী দিব্য ৰূপ ধৰি
 মুখে বুলি হৰি হৰি
শ্যামল সুন্দৰ ৰূপ মনোহৰ
 মুখত প্ৰেমৰ হাঁহি
চাব চতুৰ্ভুজ চৰণ কমল
 শোভে পদুমৰ পাহি।
জগত জননী। আই লখিমীয়ে
 সেবিছে চৰণ যুগ।
চোৱাঁ বিশ্ব বাসী নয়ন জুৰোৱা
 জীবন সফল হোক।


যবনিকা

[ ১৪৭ ]

শুধৰণি

পৃৃ   শাৰি   অশুদ্ধ   শুদ্ধ
  ১১   বিভূ   বিভু
  ১৪   ঋটকা   ঝটকা
  ১৯   কোৱাছোঁন   কোৱাচোন
    ডামুৰি   দামুৰি
    বাঞ্চো   বাঞ্ছো
"   ১০   মৰনে   মৰণে
"   ১২   শুকোমল   সুকোমল
১০   ১২   ধুলি   ধূলি
১৩     হেনু   হেনো
"   ২০   ভাগীন   ভাগিন
১৪     নিৰ্যাতন   নিৰ্য্যাতন
১৮     আলহি   আলহী
২৪  
২৫   ১৭   ডামুৰী   দামুৰি
২৬  
৩৮   ১১
২৪   ১৬   আচল   আঁচল
২৬   ১৩   ঘুৰাই   ঘূৰাই
২৭   ১২   দেৱকায   দেৱকাৰ্য্য
২৮   ১৫   আবিষ্ঠ   আবিষ্ট
৩২   ২০   সুৱৰি   সুৱঁৰি
৩৬   ১৩   দূৱাৰত   দুৱাৰত
[ ১৪৮ ]
পৃৃ   শাৰি   অশুদ্ধ   শুদ্ধ
৩৯   ২৩   হাঁতী   হাতী
৪১     আণ   আন
৪২     যুজ   যুঁজ
৪২   ১৪   তোৰল   তোষল
৪৩     যাৰ।   যাৰ,
    প্ৰতাপ,   প্ৰতাপ
  ১৮   গোৱাল?   গোৱাল
  ১৯   যাৰ।   যাৰ,
৪৩   ২১   তোৰল   তোষল
৪৪   ১৫   আহিলোঁ   আছিলো
৪৫   ৯,১০,২১   যুজঁ   যুঁজ
৪৬     স্নেহাদ্ৰ   স্নেহাৰ্দ্ৰ
৪৭   শেষশাৰি   মোহিলা   মুহিলা
৫১   ২০   মুৰুখ   মূৰুখ
৫২     জীৱণে   জীৱনে
"   ১২,১৭
৫৩     সখি   সখী
৫৬   ২৩
৫৭   ১৪
৫৩   ১৮   আগমন   আগমন?
৬৪   ১৩   পুতি   পুঁতি
৬৬     অৰ্তি   অতি
৭৭   ১৫   আহুত   আহূত
৮২     হাঁতী   হাতী

⸺:*:⸺

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )