কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/পঞ্চদশ সৰ্গ

[ ১৬২ ]

পঞ্চদশ সৰ্গ।

“Father of all! In every age,
In every clime adored,
By saint, by savage, and by sage
Jehovah, Jove or Lord.”
     ⸻Pope

বহুত দিনৰ হায়! পাছত এদিন
কল্পনা সখীৰে স'তে গলো শ্মশানত!
দেখিলে পমিলী বুৰী চকুলো টুকিছে
কুঁৱৰীক ভাবি ভাবি দাৰুণ শোকত।
টোপাটোপে চকু-পাণী কতবা সৰিছে;
তপত বুকুত বই কতবা পৰিব;
ওলাই গইছে কত, কত ওলমিছে;
আৰু বা ওলাব কত, কোনেনো জানিব?
এইদৰে আৰু বুৰী শ্মশান-মাজত,
কান্দিব লাগিব কত দাৰুণ শোকত,
জানে কোনে?—জানে মাথোঁ দয়াৰ সাগৰ
সৰ্ব্ব শক্তিমান প্ৰভূ পৰম ঈশ্বৰ।
দয়াৰ সাগৰ প্ৰভু, পৰম ঈশ্বৰ?
তেঁৱে যদি হয় প্ৰভূ দয়াৰ সাগৰ’
পুৰ্ণীমাৰ জোনে কিয় নিতে পায় ক্ষয়?

[ ১৬৩ ]

আঁউশীৰ দিনা কিয় পুনু পায় লয়?
যদি প্ৰভু! তুমি দয়াময়
এজনে ভোগায় কিয় ৰাজ-সিংহাসন?
কিয়বা এজনে কৰে ধুলিত শয়ন?
এজন কিয়নো প্ৰভু! সুখী সন্তোষত?
কিয়নো এজন দুখী দুখ বেজাৰত?
দয়াময় যদি তুমি;—
কিয়নো এজন প্ৰভূ! ধনৰ কুবেৰ?
এজন কিয়বা হয় খুদ-মগনীয়া?
কিম বা এজন ধীৰ, শান্ত মহাজ্ঞানী?
এজন কিয়বা দুষ্ট, দোৰ্ঘোৰ বলিয়া?
যদি কোৱা,– মানৱৰ নিজৰ দোষত
দীনদুখ মগনীযা হয় জগতত।
নিজৰ দোষত কান্দে শোক বেজাৰত,
শোকত ব্যাকুল হই বিষাদ মনত।
তেনেহলে সিও প্ৰভু! দোষ তোমাৰেই;
তুমি সৰ্ব্বশক্তিমান,—কিয়নো নিদিলা
সেই বুদ্ধি, সেই ভাব? যাৰ প্ৰভাৱত
বহুতক ধনী, মানী সুখীয়া কৰিলা?
তুমি প্ৰভু! জগদীশ! জগতৰ পিতা!
জগতৰ নৰ নাৰী সন্তান তোমাৰ;
কিন্তু সকলোকে হায়! কিয় নকৰিলা
সম অংশে অংশভাগী তোমাৰ দয়াৰ?
যদি কে।ৱাঁ সেয়ে জ্ঞানী, যিজনে তোমাৰ

[ ১৬৪ ]

নিতে কৰে প্ৰিয় কাম, কচিতো নকৰে
যি কৰিলে পোৱা তুমি দুখ হৃদয়ত;
সেয়ে সুখী, ভোগী হই মৰ্ত্তত বিছৰে।
পালন নকৰে যিটে তোমাৰ আদশে,
নিতে নিতে কৰে কাম অপ্ৰিয় তোমাৰ,
সেয়ে হয় দীনদুখী জগত মাজত,
মুৰত নিতউ তাৰে কেলেশৰ ভাৰ।
এই কথা কিন্তু প্ৰভূ! নোশোভে তোমাত!
কিয়নো,—সৰ্ব্বজ্ঞ তুমি, সৰ্ব্বশক্তিমান,
স্ৰজোঁতা সবৰে, তুমি জানা সকলোকে;
কিয়নো নিদিলা তেনে সকলোকে জ্ঞান।
সৃজন কৰোতে হায়! সকলো নৰকে
ভালভাৱে জ্ঞানে স’তে কিয় নিসৃজিলা
অজ্ঞানতা অন্ধকাৰ কিয় বহুতৰ
অন্তৰত সুমুৱাই দুৰ্দ্দশা কৰিলা?
সৰ্বশক্তিমান তুমি জগতৰ পিতা,
কিন্তু কি কাৰণে কৰা এনুৱা অন্যায়?
দয়াৰ সাগৰ বুলি সকলোৱে কয়,
নামে মাথোঁ তেনেকুৱা, কিন্তু দয়া নাই।
পক্ষপাতে ভৰা যাৰ মানস অন্তৰ,
কোনে বোলে সি জনক দয়াৰ সাগৰ?
বুৰীয়ে যে কান্দে আজি চকু পাণী টুকি,
সি কাৰণে জগদীশ! কোন তেনে দোষী?
এই যে দেখিছা প্ৰভু! শ্মশান মাজত

[ ১৬৫ ]

শোক বিষাদৰ ছবি—যদিহে নোহোৱা
দোষী তুমি, তেনেহলে, কাৰ দোষতেনো
কোৱাঁ মোক জগদীশ! হ’ল এনেকুৱা?
অম্ৰাৱতী পুৰী সম কমতানগৰ
কাৰ দোষতেনো আজি লণ্ডভণ্ড হল?
কাৰ দোষে কমতাক কন্দুৱাই থই,
ৰজা ৰাণী দুয়োজনে প্ৰাণ এৰি গ'ল!
কোৱাঁ প্ৰভূ! কাৰ দোষে হ’ল এনেকুৱা!
তোমাৰে কি দোষ নেকি ৰজা কুঁৱৰীৰ?
কোৱাঁছো বুজাই মোক মই আজি বুজো,
কাৰ দোষে এনে দশা পমিলী বুৰীৰ?
যদি কোৱাঁ, তই অতি ক্ষুদ্ৰ বুদ্ধি নৰ,
কিৰূপে বুজিবি আজি বিধি ঈশ্বৰৰ?
শকতি কিমান তোৰ ক্ষুদ্ৰ হৃদয়ত?
ঈশ্বৰৰ গতি তই বুজিবি কিহত?
যদি কোৱাঁ সেই বুলি, তথাপি তুমিয়ে
দোষী প্ৰভূ! (ভাল কথা) কিয়নো নিদিলা
শকতি বুজিব পৰা মোৰ হৃদয়ত?
সেই শক্তি হীন মোক কিয়নো কৰিলা?
দিয়া হলে সেই শক্তি, তন্ন তন্ন কৰি
বুজিলো হেতেন মৰ্ম্ম তোমাৰ সৃষ্টিৰ;
বুজিলো হেতেন কিয় কান্দিছে পমিলী,
কিয় হ’ল এনে দশা ৰজা কুঁৱৰীৰ?
কিন্তু হায়! কান্দে প্ৰাণ, নিৰ্দ্দয় ঈশ্বৰ!

[ ১৬৬ ]

অজ্ঞান-এন্ধাৰে মোৰ ঢাকিলা অন্তৰ;
সি কাৰণে কওঁ, তুমি অগতিৰ গতি
নোহোৱা কৰুণাময়, তুমি পক্ষপাতী।
মোট কথা জগদীশ সকলো গুণেৰে
নোহোৱা শোভিত তুমি, সকলো দোষত
দোষীও নোহোৱা, দোষ গুণ দুয়ো আছে,
প্ৰধান সাক্ষী যে তাৰ তোমাৰে জগত।
সুখ দুখ, ভাল বেয়া, আনন্দ বেজাৰ,
আশা নিৰাশাৰ ছবি, পোহৰ এন্ধাৰ,
বলৱন্ত বলহীন, দয়ালু নিষ্ঠুৰ,
মান আৰু অপমান, সুৱলা কঠোৰ,
মিলন বিৰহ, আৰু বন্ধুতা শত্ৰুতা,
হাঁহি কঁন্দা, লাভ হানী, জীৱন মৰণ,
দুটি-দুটি-কৰি দেখোঁ সৃষ্টিত তোমাৰ
প্ৰতি মুহুৰ্ততে প্ৰভূ! অনাদি কাৰণ।
সিকাৰণে কওঁ প্ৰভূ! বিৰাজে তোমাত
দোষ গুণ দুয়ো,-কিন্তু ভাগটী দোষৰ
বহু পৰিমাণে বেছি,-ক’লো সঁচা কথা,
নাশাপিব প্ৰভূ! মোক নধৰা জগৰ।
সেই যেই হোক প্ৰভু! তথাপি তোমাকে
“জগতৰ পিতা” বুলি পূজিম মনত।
নধৰিবা দোষ মোৰ, কলো বহু কথা,
অথিৰ অবিৰ মন দুখ বেজাৰত।
কিন্তু তুমি যেনে পিতা, আজিও তেনুৱা

[ ১৬৭ ]

আমা-সকলোৰে পিতা জীৱনে মৰণে,
নক’লে তোমাকে আৰু কাক কম, প্ৰভূ?
ক্ষমা কৰা দোষ মোৰ, পশিলো শৰণে।
ৰজাৰো যে ৰজা তুমি, আমি হীন প্ৰজা,
তুমি সৰ্ব্ব শক্তিমান, বলহীন আমি,
সি কাৰণে ভয় কৰি পূজোঁ কি তোমাক
অন্তৰত, ভাব কৰি জগতৰস্বামী?
ঈশ্বৰ নিন্দুক বুলি জানো নিন্দা কৰে,
নাস্তিকতা জানো পায় প্ৰকাশ লোকত,
সি কাৰণে ভয় কৰি “জগদীশ” বুলি,
পুজোঁ কি তোমাক প্ৰভূ! আমি অন্তৰত?
নহয়, নহয় প্ৰভূ! নহয় ভয়ত;
পূজিছোঁ তোমাক কৰি “সত্যত” নিৰ্ভৰ,
সদায়ো নহয় যদি, বিপদ কালত,
অকস্মাতে মাতে প্ৰভূ! তোমাক অন্তৰ।
শঙ্কটত হয় প্ৰভূ। জ্বলিলে পৰাণ
শোক বিষাদত আৰু অৰণ্য-মাজত,
যেতিয়া দেখায় ভয় দোৰ্ঘোৰ এন্ধাৰে,
তোমাক নিজেই মনে মাতে সিকালত
বিপদৰ পৰা ৰক্ষা কৰা বা নকৰা,
আপোনা-আপুনি মনে মাতে বিপদত
“জগতৰ পিতা” বুলি হঠাতে তোমাক
সি কাৰণে পূজোঁ প্ৰভূ! তোমাক মনত
জগতৰ পিতা তুমি অনাদি কাৰণ,

[ ১৬৮ ] 

“কমতাপুৰ ধ্বংস”ৰ ওপৰঞ্চি।
আছিলে পাঠক হায়! মনৰ হেপাহ,
নানা সাজে সাজ-পাৰ আৰু অলঙ্কাৰ
পিন্ধাই উৰাই আমি কমতা ৰাণীক
সমৰপি দিম বুলি হাতত তােমাৰ।
কিন্তু সি কামনা মোৰ নহ’ল পুৰণ,
যিৰূপে সজাম বুলি আশা কৰিছিলোঁ,
তেনেকুৱা সাজ-পাৰ, তেনে অলঙ্কাৰ
নাপালোঁ বিচাৰি ক’তো, কত বিচাৰিলোঁ।
নিতান্ত দুখীয়া হায়! পাম কেনেকই
ভাল ভাল সাজ-পাৰ, ভাল অলঙ্কাৰ?
দুখীয়াৰ হাতে পৰি দুর্ভাগ্য বলত
কঙ্গালিনী হ’ল আজি ৰাণী কমতাৰ!
এনেযে দৰিদ্ৰ হায়! কত তুতি কৰি
খাটিছিলোঁ ভাৰতীক, দয়া নকৰিলে
সেই দৰে, যেনেকই আশা কৰিছিলোঁ,
মিছা আশা দেখুৱাই ছলেৰে ছলিলে।
ভাৰতি। ঈশ্বৰী তুমি মুৰ্খতা নাশিনী,
তােমাৰ ছলনা দেখি কান্দি উঠে চিত।
পঢ়া বয়ৰ কত সুৱলা কল্পনা
উটুৱাই দিলা মােৰ, নিৰাশা-নইত।
কত আশা কৰিছিলোঁ, কত যে পঢ়িম,
বেচি পঢ়ি, বেচি কই জ্ঞান উপাৰ্জ্জিম।
কিন্তু সেই আশা ফুল ফুলতে চিঙ্গিলা!

[ ১৬৯ ] 

তুমি মাথোঁ, আই! মােৰ এনুৱা কৰিলা!
তুমি জগতৰ আই, কিয় সকলােকে
নকৰা সমানে স্নেহ কবিৰ ঈশ্বৰি?
নকৰিলে সেইদৰে সমানে কৰুণা,
জগতৰ আই নাম ৰাখিবা কি কৰি?
কত তুতি-নতি কৰি বুলিলো তােমাক,
“লিখো আজি দিয়াঁ আই! শব্দ-অলঙ্কাৰ”
দিম দিম বুলি মাথোঁ আশা দেখুৱাই,
কিয়নাে দহিলা তুমি হিয়া অভাগাৰ?
দীন দুখী বুলি নেকি কৰা মােক ছল?
আশা দেখুৱাই কৰা নিতউ ছলনা?
বাৰু আই! থাকাঁ তুমি, তােমাৰ চৰণ
নেৰোঁ, দেখোঁ, কেনেকই নকৰা কৰুণা?
পঢ়াবয়সত তুমি বহু ছল কৰি,
এৰুৱালা পঢ়া মােক, কবিৰ ঈশ্বৰি!
এতিয়াও নেকি, তুমি তেনে ছল কৰা?
নকৰিবা, মাতোঁ আই! চৰণত ধৰি!
কৰানে নকৰা দযা, দেখোঁ বাৰু আই!
উঘালি মুৰৰ চুলি যেতিয়া বান্ধিম
দুখানি চৰণ তযু, কৰানে নকৰা
এই হিতেশকো দয়া, তেতিয়া দেখিম।

সমাপ্ত