মা ! মই আজি নতুন এটা সপোন দেখিলোঁ ৷

পুৰণা গানক এটা পোকে গিলা দেখিলোঁ ৷

মা ! দেউতাৰ যে পুৰণা বহী আছে

তাতে মচ নোখোৱা

তিনিতা চাইটা সাতটা যে গান আছে

তাৰেই এটা গানক, মা !

এটা পোকে খাইছিল ঘোকাঘোকে

কালৌপ্‌ কালৌপ্‌

টলৌপ্‌ টলৌপ্‌... গানটি গিলি দিলে ৷

দেউতাৰ সেই পুৰণা গানটো

পোকটোৰ চেপেটা পেটলৈ গ’ল ...

ভাল কথা হ’ল !

দেউতাৰ সেই ভাল গানটো

আজিৰ পৰা নাইকীয়া হ’ল !

এই বুলি মই বহি আছিলোঁ মনত বেজাৰ পাই

এনেতে উঠিলোঁ চক্‌ খাই,

পোকটোৰ পেটে ভিতৰত

দেউতাৰ গানে বাজনা বজাই

 কোৰ্‌ কোৰ্‌ কৰে,

পোকটোৰ সেই ওফন্দা পেটু ফালিবলৈ ধৰে ৷

পোকে খালে ভয়... ক’লে তাক

“তোক হ’লে খাই ভুল কৰিলোঁ মই

পাৰ যদি বাহিৰলৈ ওলা,

নকৰিবি পেটত সোমাই মোক জ্বলাকলা ৷”

গানে ক’লে-

“তেন্তে মোক দে বতিয়াই দে...

পেটৰ পৰা উলিয়াই বাহিৰলে’ নে ৷”

পোক উৰি ঘূৰি ঘূৰি

          ভোন্‌ভোনাই

                   গানটো বতিয়ালে...

গানটো ওলাই লৰ মাৰি গৈ

দেউতাৰ সৌ

সৰুকালৰ ফটোখনৰ ভিতৰত সোমালে ৷

মা ! মোৰ সপোনটো মিছা বুলি

          ভাবিছ নেকি বাৰু ?

মিছা নহয় মা !

সাক্ষী আছে সৌ তিনিটা গাৰু !